Sunday 13 December 2015

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
এবাৰ ডিম্বেশ্বৰে সোঁহাতৰ তৰ্জনী আঙুলিটোৰে নিজৰ গাত হেঁচি পালে আৰু বিষ অনুভৱ কৰিলে৷সি এইবাৰ আকৌ নিজৰ শৰীৰৰ বেলেগ এটা অংশত তৰ্জনী আঙুলিটোৰে হেঁচি চালে -- আকৌ বিষ!এনেকৈ সি গোটেই গাতে তৰ্জনী আঙুলিটোৰে হেঁচি হেঁচি চালে--বিষ, বিষ আৰু বিষ!!!সি ভাবিলে -- "এনেকৈ নহ'ব, মই ডাক্তৰৰ ওচৰলৈ যাবই লাগিব"
ডাক্তৰৰ চেম্বাৰত---
:চাৰ, মোৰ গোটেই গাতে বিষ হৈছে৷চাওক --
(এইবুলি কৈ সি তাৰ তৰ্জনী আঙুলিটোৰে গোটেই গাতে হেঁচি হেঁচি দেখুৱাই উহ-আহ কৰি থাকিল৷)
ডাক্তৰে তালৈ কিছু সময় চাই ৰ'ল আৰু ক'লে--
:তোমাৰ তৰ্জনী আঙুলিটো দেখুওৱা চোন
ডিম্বেশ্বৰে ডাক্তৰক তৰ্জনী আঙুলিটো দেখুৱালে৷ডাক্তৰে চাই ক'লে--
:ঠিক আছে, এই মলমটো লিখি দিছোঁ, তোমাৰ তৰ্জনী আঙুলিৰ মূৰটোতে হোৱা ফোঁহাটোত সদায় লগাবা৷ গাৰ বিষ ভাল হৈ যাব৷

No comments:

Post a Comment