“মোৰ জীৱনত হোমেন বৰগোহাঞি চাৰৰ প্ৰভাৱ”
কিতাপ পঢ়ি ভাল পাবলৈ শিকিছিলোঁ অসমৰ সাহিত্য আকাশৰ বটবৃক্ষস্বৰূপ শ্ৰদ্ধেয় হোমেন বৰগোহাঞি চাৰৰ “কিতাপ পঢ়াৰ আনন্দ” কিতাপখন পঢ়ি৷এক কথাত হয়তো ক’বলৈ গ’লে বৰগোহাঞি চাৰেই মোক কিতাপৰ পৃথিৱীখনৰ স’তে চিনাকী কৰি দিছিল৷এনেকৈয়ে চাৰৰ জীৱন দৰ্শন মূলক প্ৰতিখন কিতাপৰ প্ৰভাৱ মোৰ জীৱনত গভীৰভাৱে পৰিছিল৷ “সুখ-দুখ” পঢ়ি পৃথিৱীখনক ভাল পাবলৈ শিকিছিলোঁ, “আমাক কিতাপ লাগে” পঢ়ি কিতাপৰ প্ৰেমত পৰিছিলোঁ,“প্ৰজ্ঞাৰ সাধনা”,“জীৱনৰ সাধনা”ই মোৰ কৈশোৰজীৱনটোক যেন আলোকময় পথেৰে লৈ গৈছিল৷চাৰৰ আত্মজীৱনী “আত্মানুসন্ধান” পঢ়ি নিজৰ জীৱনটোকো কঠোৰভাৱে বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰিছিলোঁ৷চাৰৰ কিতাপবোৰ অনবৰতে মই চকুৰ আগত ৰাখিছিলোঁ, জীৱনটো বিশৃংখল যেন লাগিলে বৰগোহাঞি চাৰৰ কিতাপ পঢ়ি যেন সঞ্জীৱনি ঘূৰাই পাইছিলোঁ এনে লাগিছিল৷
চাৰ মোৰ কৈশোৰ কালৰ প্ৰিয় লেখক তথা আদৰ্শ ব্যক্তি হৈ পৰিছিল৷সেইসময়ত কাৰোবালৈ চিঠি লিখিলেও মই চাৰৰ কিতাপৰ উদ্ধৃতি দিহে চিঠি লিখিছিলোঁ৷মোৰ এগৰাকী পত্ৰ-বান্ধৱী আছিল৷তাইও বৰগোহাঞি চাৰৰ কিতাপ পঢ়ি খুব ভাল পাইছিল৷আমাৰ চিঠিবোৰত চাৰৰ কিতাপৰ উদ্ধৃতি নথকাকৈ নাছিলেই৷তাই গুৱাহাটীৰ কটন কলেজত পঢ়ি থাকোঁতে এবাৰ চাৰক লগ কৰিবলৈ গৈ চাৰৰ আগত মোৰ কথা কৈছিল বুলি মোক তাই জনাইছিল৷
চাৰক কেতিয়াবা লগ পোৱাৰ হাবিয়াস মোৰ মনতো উপজিছিল যদিও নিজকে সামান্য ধূলিকণা বুলি ভাবি মনৰ মাজতে মাৰ নিয়াইছিলো মনৰ মাজত ওপজা হাবিয়াসৰ তৰংগ৷
এনেকৈয়ে দিনবোৰ গৈ থাকিল৷চাৰ সম্পাদনাত থকা প্ৰতিখন বাতৰিকাকত কেতিয়াও নিয়মীয়াকৈ নোলোৱাকৈ নাথাকোঁ৷ “প্ৰমা” শিতানৰ অনুপ্ৰেৰণামূলক লেখাবোৰ কেচিৰে কাটি নিজৰ সংৰক্ষণত ৰাখোঁ৷ চাৰৰ “মোৰ টোকাবহীৰ পৰা” মোৰ বাবে অন্যতম প্ৰিয় লেখা৷কেতিয়াবা ভাবিছিলোঁ ---“চাৰে হয়তো কেতিয়াও নাজানিব তেওঁৰ লেখাই মোৰ জীৱনটোক সমৃদ্ধ কৰাৰ কথা, কেতিয়াও নাজানিব তেওঁ যে মোৰ প্ৰিয় লেখক আৰু এজন আদৰ্শ ব্যক্তি…..মোৰ দৰে ধূলিকণা এটিয়ে কেতিয়াও এইকথা চাৰক জনাব নোৱাৰিম৷”
মানুহৰ আকুল প্ৰাৰ্থনাৰ দৰে মনৰ কথাবোৰ এই বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যময় শক্তিয়ে শুনা পায়৷হঠাতে চাৰৰ পৰা অহা এটা ফোনকলে ৰহস্যময় শক্তিৰ প্ৰতি থকা বিশ্বাস দৃঢ় কৰি তুলিলে৷হয়, ফোনৰ সিপাৰত সেইয়া চাৰৰেই আশীৰ্বাদ কন্ঠ৷সপোন সপোন যেন লগা এটি দিঠক৷চাৰে “নিয়মীয়া বাৰ্তা”লৈ পঠিওৱা লেখাটিৰ সম্পৰ্কে কোৱাৰ লগতে অতি ঘৰুৱা ভাৱেৰে মোৰ খবৰ, ঘৰৰ খবৰ ল’লে৷চাৰৰ আশীৰ্বাদৰ কন্ঠেৰে ধন্য হ’লো মই৷মোৰ জীৱনৰ আদৰ্শ ব্যক্তি শ্ৰদ্ধাৰ বৰগোহাঞি চাৰক মোৰ মনৰ কথাটো ক’বলৈ ভগৱানে যেন মোক এটা সুযোগহে দিলে – মোৰ এনে অনুভৱ হ’ল৷
চাৰ বহুদিন জীয়াই থাকক সকলোৰে জীৱনৰ প্রেৰণা হৈ৷চাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷
No comments:
Post a Comment