ড০ ভূপেন হাজৰিকা আৰু ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ শৈশৱৰ দুটি ৰসাল ঘটনা
--- মৌচুমী বৰি
(১)
ভূপেন দা বোলে সৰুতে বৰ খটাসুৰ আছিল৷ভূপেন দাই ন
বছৰ মান বয়সত ভৰলু নৈত সাঁতোৰ শিকিবলৈ আৰম্ভ কৰিছিল৷এনেকৈ এদিন সাঁতোৰ শিকি
থাকোঁতে অলপ আঁতৰত এজনী সৰু ছোৱালীয়ে গা ধুই আছিল৷হঠাতে ছোৱালীজনী পানীৰ তললৈ গৈ
হাত দুখনহে ওলাই থাকিল৷ভূপেন দাই লগে লগে ছোৱালীজনীক বচাবৰ বাবে পানীত জাঁপ
মাৰিলে৷পিছে তেতিয়াও তেওঁ সাঁতুৰিব ভালকৈ নাজানিছিল৷ছোৱালীজনীয়ে ভূপেনদাক সাবটি
ধৰিলে আৰু ভূপেনদাই পানীবোৰ হালধীয়া দেখিবলৈ আৰম্ভ কৰিলে৷ভূপেন দাৰ এনে লাগিল তাইৰ
নাক মুখ যেন বন্ধ হৈ গৈছে,এবাৰ
তললৈ গৈছে,এবাৰ ওপৰলৈ৷তাৰ পিচত ভূপেন দাৰ চুলিখিনিত পুলিচ
এজনে থাপ মাৰি ধৰি টানি আনিলে৷ছোৱালীজনীয়ে ভূপেন দাক সাবটি ধৰি থকাৰ বাবে তাইও
ভূপেন দাৰ লগতে পাৰলৈ আহিল৷তাৰপিছত পুলিচজনে ভূপেন দাক প্ৰচণ্ড ধমক এটা দিলে৷ধমকি
খাই ভূপেন দাই মনতে থিৰ কৰিলে যে তেওঁ সাঁতোৰ শিকিবই৷
ভূপেন দা সাঁতোৰ শিকিবৰ বাবে বদ্ধপৰিকৰ হ’ল৷তেওঁ পিছদিনাই ভৰলু নৈলৈ গৈ
গোৰোৱাই থোৱা বাঁহ এডাল নদীৰ মাজলৈ ঠেলি দিলে৷ঠেলি দি মাজে মাজে তাত ধৰে আৰু মাজে
মাজে নধৰাকৈ সাঁতোৰে৷এনেকৈ জেদতে নিজে নিজে সাঁতোৰ শিকাত পাকৈত হৈ পৰিল৷সাঁতোৰ শিকাৰ
পিছত ভূপেন দাৰ প্ৰবল ইচ্ছা হ’ল যে ৰে’লৱে
দলঙৰ পৰা বাৰিষাৰ ভৰলুৰ বুকুত জাঁপ মাৰিবলৈ৷সুযোগ সুবিধা পালেই ভূপেন দাই গামোচাখন
পিন্ধি নাকত ধৰি দলঙৰ পৰা জাঁপ মাৰে৷এনেকৈ পৰি পৰি পানী খাই তেওঁ একপ্ৰকাৰ সাঁতোৰ
বিদ্যাত বিশেষজ্ঞই হৈ পৰিছিল৷
এইবাৰ তেওঁ প্ৰত্যাহবান ল’লে যে ৰে’লখন
কামাখ্যাৰ পৰা গুৱাহাটীলৈ আহোঁতে ৰে’ল লাইনৰ দলঙত থিয় হৈ
থাকি আৰু ৰে’লখন নিচেই কাষ পাওঁতে দলঙৰ পৰা জাঁপ মাৰি
দিব৷তেতিয়া ভৰবাৰিষাৰ দিন আছিল৷পানী প্ৰায় দলঙৰ ওচৰতে আছে৷ৰে’লখন আহি ভূপেন দাৰ নিচেই কাষ পাওঁতেই ভূপেন দাই পানীলৈ জঁপিয়াই দিলে৷ৰে’লখন যোৱাৰ পিছত ভূপেন দাই নৈ খনৰ কাষতে থকা বকুল গছৰ তললৈ উঠি আহিল৷কিন্তু
ৰে’লখন হঠাৎ ৰৈ গ’ল৷ক’লা ৰঙৰ কোট এটা পিন্ধি এজন গাৰ্ড নামি আহিল—
:এই খোকা,মৰবা
নাকি?
গাৰ্ড জনৰ কৌতুহলী প্ৰশ্নত ভূপেন দাই ভয় খাই
একেকোবে দৌৰি গৈ আইতাকৰ কাষ পালেগৈ আৰু সকলো কথা কৈ ক’লে যে গাৰ্ডজনে এতিয়া ভূপেন দাক
বিচাৰি আহিছে৷আশী বছৰীয়া আইতাকে ভূপেন দাক খাটৰ তলত সোমাই লুকাই থাকিবলৈ ক’লে৷ভূপেন দাই আইতাকক ক’লে –“ তই
মা-দেউতাক নকবি,মোক খাই পেলাব৷দেউতাৰ
ধুবুৰীত কিনা বন্দুকটো আছে নহয়,বৰ ভয় লাগে৷”পিছে গাৰ্ডজনে ভূপেন দাক বিচাৰি আৰু নাহিল৷গাৰ্ডজনৰ ওপৰত ভূপেন দাৰ বৰ খঙ
উঠিল আৰু মনতে সিদ্ধান্ত ল’লে যে ৰে’লখন
বগৰাব আৰু গাৰ্ডজন মৰিব৷কথামতে কাম৷ এদিন ৰাতি আঠ বজাত বন্ধু এজনৰ স’তে মিলি ভৰলুমুখৰ এঠাইত দ’মাই থোৱা শিলগুটি নি ৰে’ললাইনৰ ওপৰত থ’লে৷ৰে’ল লাইন
দুডালৰ ওপৰত সমান্তৰালভাৱে প্ৰায় দহ ফুট মান দীঘলকৈ শিলগুটিবোৰ থৈছিল৷ভূপেন দাই
মনতে কল্পনা কৰি সুখী হ’ল যে –ৰে’লখন আহিব আৰু শিলগুটিবোৰত খুন্দিয়াই ৰে’লখন বাগৰি
পৰিব আৰু তেতিয়া গাৰ্ডজন মৰিব৷কি যে মজা লাগিব!যাত্ৰী সকলৰ
কি হ’ব সেইকথা ভূপেন দাৰ মনলৈকে নাহিল৷মাত্ৰ তেওঁক গালি পৰা
গাৰ্ডজন মৰিলেই হ’ল৷শিলগুটি বোৰ দি আহি ভূপেন দা আৰু
বন্ধুজনে আইতাকে শিকাই দিয়া টেকনিক মতে খাটৰ তলত লুকাই থাকিল; যেন খাটৰ তলত লুকালে কোনেও ধৰিব নোৱাৰে! লাহে লাহে
ৰে’ল অহাৰ শব্দ হ’ল৷ভূপেন দা আৰু
বন্ধুজনৰ বুকু ধপধপাবলৈ ধৰিলে৷ইফালে আনন্দও লাগিছে—গাৰ্ডজন
মৰিব বুলি!পিছে ৰে’লখন আহি ঝক ঝককৈ
গুচি গ’ল৷ নাবাগৰিল৷অস্বাভাবিক শব্দ এটা কিন্তু হৈছিল৷পিছত
ভূপেন দাই ভাবিলে—কোনো নমৰিল,ভালেই হ’ল৷মাহীয়েকে ভূপেন দাৰ এনে দুষ্টামি জানি ভূপেন দাক গালি পাৰিছিল৷
(২)
নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ তেতিয়া দ্বিতীয় শ্ৰেণীৰ
ছাত্ৰী৷বাইদেউৰ এগৰাকী বান্ধৱী নিৰ্মালি ফুকনৰ এডাল সেউজীয়া ৰঙৰ কাঠপেঞ্চিল
আছিল৷নিৰ্মালিয়ে সেইডালেৰে মেপত পানীৰ ৰঙ দিয়ে বা গছৰ পাত আঁকে৷বাইদেউৰো তেনে
পেঞ্চিল এডাল পাবলৈ হেঁপাহ জাগিল৷ঘৰত দেউতাকক কবলৈ ব্যৱসায়ৰ কামত বাহিৰত
আছিল৷কিন্তু তেনে এডাল পেঞ্চিল পাবলৈ হেঁপাহতে এদিন মনে মনে বান্ধৱীৰ টেমাৰ পৰা
পেঞ্চিল ডাল চুৰ কৰি বাইদেৱে ঘৰলৈ লৈ আহিল৷ঘৰলৈ আনি পেঞ্চিল ডাল ক’ত থ’ব
সেইটো এটা ডাঙৰ সমস্যা হৈ দেখা দিলে৷কাৰণ মাকে দেখিলেই চাগে সুধিব –“এইডাল ক’ত পালি?চুৰ কৰিলি?চুৰ কৰিলি!ছি:ছি:ছি:ছি: ইমান বেয়া কাম কৰিব
পাৰিলি?” মাকে এনেকৈ ক’ব বুলি ভাবি
বাইদেউ জ্বৰে-ঘামে ঘামিবলৈ ধৰিলে৷দিনত অ’ত ত’ত লুকুৱাই থৈ ৰাতি হ’লত
গাৰুৰ তলত সুমুৱাই থ’লে৷কিন্তু ভয়-উৎকন্ঠাত
ৰাতিৰ ৰাতিটো শুব নোৱাৰিলে৷তাৰপিছত হঠাতে বাইদেউৰ ভাৱ হ’ল—“নিৰ্মালিয়ে পেঞ্চিলডাল হেৰুৱাই বেজাৰতে চাগৈ খুব কান্দিছে৷”কথাটো ভাবিয়েই বাইদেউ উচুপি উঠিল৷বাইদেৱে কন্দা দেখি বাইদেউৰ ভনীয়েক অকণিয়েও
কান্দোন আৰম্ভ কৰিলে৷দুইজনীৰ কান্দোন শুনি গোটেই ঘৰৰ মানুহ দৌৰি আহিল কি হ’ল বুলি!আঁঠুৱা দাঙি,লেপ দাঙি
কান্দি থকা বাইদেউৰ মুখলৈ ঘৰৰ মানুহে যেই চালে বাইদেউৰ কান্দোন আৰু চৰিবলৈ
ধৰিলে৷বাইদেৱে ফেকুৰি ফেকুৰি ক’লে—“এইডাল
পেনচিল,এইডাল পেনচিল৷”কথাৰ আঁতিগুৰি
বুজিব নোৱাৰি বাৰে-বাৰে সুধিলত কথাৰ ওৰটো ওলাল৷তেতিয়া বৰমাকে
ক’লে—“যি হ’ল হ’ল,কাইলৈ পেনচিলডাল নিৰ্মালিক ঘূৰাই দিলেই হ’ব আৰু এনে কাম কেতিয়াও নকৰোঁ বুলি ক’ব লাগিব৷”
পাছদিনা সকলোতকৈ আগতে স্কুললৈ গৈ জাৰত কঁপি কঁপি বাইদেৱে নিৰ্মালিৰ বাবে ৰৈ
আছিল৷নিৰ্মালি আহিলত বাইদেৱে ক’লে – “নাকান্দিবি,এইডাল পেনচিল
ল৷মই আৰু এনে কাম কেতিয়াও নকৰোঁ৷” কিন্তু আচৰিত কথা এয়ে আছিল
যে নিৰ্মালিৰ টেমাৰ পৰা পেঞ্চিল চুৰি হোৱাৰ কথা নিৰ্মালিয়ে একো গমেই
নাপাইছিল৷বাইদেউৰ এই ঘটনাই ঘৰৰ মানুহক হাঁহিৰ খোৰাক দিছিল৷
No comments:
Post a Comment