Sunday, 13 December 2015

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
এবাৰ ডিম্বেশ্বৰে সোঁহাতৰ তৰ্জনী আঙুলিটোৰে নিজৰ গাত হেঁচি পালে আৰু বিষ অনুভৱ কৰিলে৷সি এইবাৰ আকৌ নিজৰ শৰীৰৰ বেলেগ এটা অংশত তৰ্জনী আঙুলিটোৰে হেঁচি চালে -- আকৌ বিষ!এনেকৈ সি গোটেই গাতে তৰ্জনী আঙুলিটোৰে হেঁচি হেঁচি চালে--বিষ, বিষ আৰু বিষ!!!সি ভাবিলে -- "এনেকৈ নহ'ব, মই ডাক্তৰৰ ওচৰলৈ যাবই লাগিব"
ডাক্তৰৰ চেম্বাৰত---
:চাৰ, মোৰ গোটেই গাতে বিষ হৈছে৷চাওক --
(এইবুলি কৈ সি তাৰ তৰ্জনী আঙুলিটোৰে গোটেই গাতে হেঁচি হেঁচি দেখুৱাই উহ-আহ কৰি থাকিল৷)
ডাক্তৰে তালৈ কিছু সময় চাই ৰ'ল আৰু ক'লে--
:তোমাৰ তৰ্জনী আঙুলিটো দেখুওৱা চোন
ডিম্বেশ্বৰে ডাক্তৰক তৰ্জনী আঙুলিটো দেখুৱালে৷ডাক্তৰে চাই ক'লে--
:ঠিক আছে, এই মলমটো লিখি দিছোঁ, তোমাৰ তৰ্জনী আঙুলিৰ মূৰটোতে হোৱা ফোঁহাটোত সদায় লগাবা৷ গাৰ বিষ ভাল হৈ যাব৷

Wednesday, 9 December 2015

“মোৰ জীৱনত হোমেন বৰগোহাঞি চাৰৰ প্ৰভাৱ”

“মোৰ জীৱনত হোমেন বৰগোহাঞি চাৰৰ প্ৰভাৱ”

 কিতাপ পঢ়ি ভাল পাবলৈ শিকিছিলোঁ অসমৰ সাহিত্য আকাশৰ বটবৃক্ষস্বৰূপ শ্ৰদ্ধেয় হোমেন বৰগোহাঞি চাৰৰ “কিতাপ পঢ়াৰ আনন্দ” কিতাপখন পঢ়ি৷এক কথাত হয়তো ক’বলৈ গ’লে বৰগোহাঞি চাৰেই মোক কিতাপৰ পৃথিৱীখনৰ স’তে চিনাকী কৰি দিছিল৷এনেকৈয়ে চাৰৰ জীৱন দৰ্শন মূলক প্ৰতিখন কিতাপৰ প্ৰভাৱ মোৰ জীৱনত গভীৰভাৱে পৰিছিল৷ “সুখ-দুখ” পঢ়ি পৃথিৱীখনক ভাল পাবলৈ শিকিছিলোঁ, “আমাক কিতাপ লাগে” পঢ়ি কিতাপৰ প্ৰেমত পৰিছিলোঁ,“প্ৰজ্ঞাৰ সাধনা”,“জীৱনৰ সাধনা”ই মোৰ কৈশোৰজীৱনটোক যেন আলোকময় পথেৰে লৈ গৈছিল৷চাৰৰ আত্মজীৱনী “আত্মানুসন্ধান” পঢ়ি নিজৰ জীৱনটোকো কঠোৰভাৱে বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰিছিলোঁ৷চাৰৰ কিতাপবোৰ অনবৰতে মই চকুৰ আগত ৰাখিছিলোঁ, জীৱনটো বিশৃংখল যেন লাগিলে বৰগোহাঞি চাৰৰ কিতাপ পঢ়ি যেন সঞ্জীৱনি ঘূৰাই পাইছিলোঁ এনে লাগিছিল৷

চাৰ মোৰ কৈশোৰ কালৰ প্ৰিয় লেখক তথা আদৰ্শ ব্যক্তি হৈ পৰিছিল৷সেইসময়ত কাৰোবালৈ চিঠি লিখিলেও মই চাৰৰ কিতাপৰ উদ্ধৃতি দিহে চিঠি লিখিছিলোঁ৷মোৰ এগৰাকী পত্ৰ-বান্ধৱী আছিল৷তাইও বৰগোহাঞি চাৰৰ কিতাপ পঢ়ি খুব ভাল পাইছিল৷আমাৰ চিঠিবোৰত চাৰৰ কিতাপৰ উদ্ধৃতি নথকাকৈ নাছিলেই৷তাই গুৱাহাটীৰ কটন কলেজত পঢ়ি থাকোঁতে এবাৰ চাৰক লগ কৰিবলৈ গৈ চাৰৰ আগত মোৰ কথা কৈছিল বুলি মোক তাই জনাইছিল৷
চাৰক কেতিয়াবা লগ পোৱাৰ হাবিয়াস মোৰ মনতো উপজিছিল যদিও নিজকে সামান্য ধূলিকণা বুলি ভাবি মনৰ মাজতে মাৰ নিয়াইছিলো মনৰ মাজত ওপজা হাবিয়াসৰ তৰংগ৷

এনেকৈয়ে দিনবোৰ গৈ থাকিল৷চাৰ সম্পাদনাত থকা প্ৰতিখন বাতৰিকাকত কেতিয়াও নিয়মীয়াকৈ নোলোৱাকৈ নাথাকোঁ৷ “প্ৰমা” শিতানৰ অনুপ্ৰেৰণামূলক লেখাবোৰ কেচিৰে কাটি নিজৰ সংৰক্ষণত ৰাখোঁ৷ চাৰৰ “মোৰ টোকাবহীৰ পৰা” মোৰ বাবে অন্যতম প্ৰিয় লেখা৷কেতিয়াবা ভাবিছিলোঁ ---“চাৰে হয়তো কেতিয়াও নাজানিব তেওঁৰ লেখাই মোৰ জীৱনটোক সমৃদ্ধ কৰাৰ কথা, কেতিয়াও নাজানিব তেওঁ যে মোৰ প্ৰিয় লেখক আৰু এজন আদৰ্শ ব্যক্তি…..মোৰ দৰে ধূলিকণা এটিয়ে কেতিয়াও এইকথা চাৰক জনাব নোৱাৰিম৷”

মানুহৰ আকুল প্ৰাৰ্থনাৰ দৰে মনৰ কথাবোৰ এই বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যময় শক্তিয়ে শুনা পায়৷হঠাতে চাৰৰ পৰা অহা এটা ফোনকলে ৰহস্যময় শক্তিৰ প্ৰতি থকা বিশ্বাস দৃঢ় কৰি তুলিলে৷হয়, ফোনৰ সিপাৰত সেইয়া চাৰৰেই আশীৰ্বাদ কন্ঠ৷সপোন সপোন যেন লগা এটি দিঠক৷চাৰে “নিয়মীয়া বাৰ্তা”লৈ পঠিওৱা লেখাটিৰ সম্পৰ্কে কোৱাৰ লগতে অতি ঘৰুৱা ভাৱেৰে মোৰ খবৰ, ঘৰৰ খবৰ ল’লে৷চাৰৰ আশীৰ্বাদৰ কন্ঠেৰে ধন্য হ’লো মই৷মোৰ জীৱনৰ আদৰ্শ ব্যক্তি শ্ৰদ্ধাৰ বৰগোহাঞি চাৰক মোৰ মনৰ কথাটো ক’বলৈ ভগৱানে যেন মোক এটা সুযোগহে দিলে – মোৰ এনে অনুভৱ হ’ল৷

চাৰ বহুদিন জীয়াই থাকক সকলোৰে জীৱনৰ প্রেৰণা হৈ৷চাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷


                             

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
ডিম্বেশ্বৰে বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ গ'ল৷ ডাক্তৰে বেমাৰ চাই মেলি দৰৱ লিখি দি প্ৰেছক্ৰিপছনখন ডিম্বেশ্বৰক দেখুৱাই ক'লে--
:দিনে এটাকৈ খাবা হাঁ
ডিম্বেশ্বৰে ভাবিলে ডাক্তৰে তাক দিনে এটাকৈ হাঁহ খাবলৈ কৈছে , সেই ভাবি সি দিনে এটাকৈ হাঁহ খাবলৈ ধৰিলে ৷ হাঁহ খাই তাৰ বেমাৰ ভাল নোহোৱা হ'ল৷ সি আকৌ ডাক্তৰৰ কাষ পালেগৈ আৰু ডাক্তৰক ক'লে--
: চাৰ, হাঁহ খাইছোহে খাইছো, বেমাৰ বেছি হৈছে যেন হে লাগিছে! 
ডিম্বেশ্বৰৰ কথা শুনি ডাক্তৰৰ কপাল কোচখালে এইভাবি যে তেওঁ কেতিয়া তাক হাঁহ খাবলৈ কৈছিল!!

Saturday, 5 December 2015

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-

এগৰাকী ষাঠিৰ উৰ্ধৰ মহিলা বেংকৰ মেনেজাৰৰ কাষলৈ গ'ল ৷ মহিলা গৰাকীয়ে মেনেজাৰক দহ লাখ টকা ডেপজিত কৰিবলৈ ইচ্ছা কৰাৰ কথা জনালে ৷ মেনেজাৰে সুধিলে--
: আপুনি কি কৰে?
: মই তেনেকৈ একো নকৰোঁ, মাথোঁ অলপ ইফাল সিফাল কৰোঁ -- মহিলা গৰাকীয়ে ক'লে ৷
মেনেজাৰে বয়সষ্ঠ মহিলাগৰাকীৰ মুখলৈ চাই ৰ'ল৷ মহিলা গৰাকীয়ে পুনৰ ক'লে--
: চাৰ, আপোনাৰ চুলিখিনি নকলি হয়নে?
: নাই নাই, মোৰ চুলি নকলি নহয় -- মেনেজাৰে মূৰ জোকাৰিলে৷
: মই ডাঠি ক'ব পাৰো, আপোনাৰ চুলিখিনি নকলি চুলি৷বাজি মাৰিব? --মহিলা গৰাকীয়ে মেনেজাৰক ক'লে ৷
মেনেজাৰে হাঁহি ক'লে --
: কিমান টকাৰ বাজি মাৰিব?
: ২ লাখ টকাৰ, হ'ব?
:ঠিক আছে বাৰু
: কাইলৈ মই ১৹ বাজি ১৹ মিনিটত ইয়ালৈ আহি প্ৰমাণ কৰিম যে আপোনাৰ চুলিখিনি নকলি -- মহিলাগৰাকীয়ে এইবুলি কৈ মেনেজাৰৰ পৰা বিদায় ল'লে৷ মেনেজাৰে ভাবিলে -- মহিলাগৰাকীৰ বোধহয় অলপ মূৰৰ গণ্ডগোল আছে!!
পিছে পিছদিনা ১৹ বাজি ১৹ মিনিটত মহিলাগৰাকীয়ে এজন উকিল লৈ মেনেজাৰৰ সন্মূখত হাজিৰ হ'ল৷
:চাৰ, মই এতিয়া আপোনাৰ চুলিখিনি আচলি নে নকলি প্ৰমাণ কৰিম -- মহিলাগৰাকীয়ে এইবুলি কৈ মেনেজাৰৰ ওচৰলৈ আহিল আৰু মেনেজাৰৰ চুলিখিনিত ধৰি জোকাৰিবলৈ লাগিল আৰু মহিলাগৰাকীৰ লগত অহা উকিলজনে নিজৰ কপালখন খুটা এটাত জোৰ জোৰকৈ মাৰিবলৈ লাগিল ৷ চুলি জোকৰা শেষ হ'লত কন্দনমুৱা হৈ উকিলজনে ১২ লাখ টকাৰ চেকএখন মেনেজাৰৰ হাতত দিলে আৰু মহিলাগৰাকীয়ে মেনেজাৰৰ মুখলৈ চাই ক'লে--
:চাৰ, ২ লাখ টকা আপুনি লওক আৰু ১০ লাখ মোৰ একাউন্টত ভৰাই দিব৷
মহিলাগৰাকীয়ে পুনৰ উকিলজনলৈ চাই হাঁহি হাঁহি ক'লে-
: চাৰ, মই আপোনাক কৈছিলো নহয় মই মেনেজাৰ চাৰৰ চুলি জোকাৰিব পাৰিম বুলি!আপুনিহে কৈছিল নোৱাৰিম বুলি৷বাজিত সাৰিলে আপুনি ৷

Friday, 4 December 2015

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মিকু শংকৰদেৱ শিশুনিকেতনৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ৷তাৰ মুখত “ৰ” টো নুফুটেই৷মৌখিক পৰীক্ষাত আচাৰ্যই তাক সুধিলে—
আচাৰ্য: কেইটামান চাৰিঠেঙীয়া জন্তুৰ নাম কোৱাচোন মিকু৷
মিকু: চাইঠেঙীয়া জন্তু নাম? গাহই,গঅু,কুকু
আচাৰ্য: বাৰু, তুমি কোন শ্ৰেণীত পঢ়ি আছা?
মিকু: অংকু
আচাৰ্য:ঠিক আছে, কোৱাচোন গৰুৰ ঠেং কেইটা?
মিকু:তিনিটা
আচাৰ্য: কেনেকৈ?
মিকু: পথাঅত গঅু এটা শুই থকা দেখোঁতে তা তিনিটা ঠেং আছিল ৷

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
ছয় বছৰীয়া টিংকুক শিক্ষকে সুধিলে—
শিক্ষক:টিংকু, কাউৰীয়ে কেনেকৈ মাতে অ’?

টিংকু: চাৰ,আপুনি আজিলৈকে শিকোৱাই নাই, আমাৰ ঘৰতো কাউৰী নাই,মই কেনেকৈ জানিম কাউৰীয়ে কেনেকৈ মাতে?