Tuesday, 7 June 2016

কবি আৰু কবিতাঃঅনিতা গগৈ

কবি মৌচুমী বৰিৰ কবিতা মূলত সুকোমল ভাৱৰ কাব্যিকতাৰে সমৃদ্ধ। অনুভূতিপ্রৱন চেতনালব্ধ অনুভৱৰ গাঢ়তাৰে হৃদয়ৰ অভ্যন্তৰত বিচৰণৰ এক আত্মিক প্রয়াস পৰিলক্ষিত হয় তেখেতৰ প্রায়বোৰ কবিতাত -- । তেনে এক আলফুলীয়া অনুভৱৰ সুকোমল প্রকাশ ঘটা এটি কবিতা -
"আজাৰ নিজাৰ পৰা শূণ্যতা"ত আৰম্ভনিতে কবিয়ে অংকন কৰিছে এক মনোগ্রাহী চিত্রকল্প -- '' জোনাক ফুলা ঘৰটো'' যি পাঠকক আভাস দিয়ে __এক বৰ্ণময় অতীতৰ। কিন্তু সোঁৱৰণিৰ শেতেলিত শায়িত সেই ৰূপোৱালী জ্যোৎস্নাবিঢৌত অতীতক তুলনা কৰিবলৈ কবিয়ে বাচি লৈছে ''আজাৰ নিজাৰ পৰা শূন্যতা''ৰ উপমা। পুনৰ উৎপ্রেক্ষাৰে প্রকাশ কৰিছে সেই ভাৱৰ দৃঢ়তা -- ''যেন পঢিবলৈ থাকি যোৱা / এখন মহাকাব্যৰ শেষৰ দুখিলা পাত''।
নিসংগতাত সোঁৱৰণিৰ সুৰুঙাৰে দোলা দিয়েহি প্রিয়জনৰ সুমধুৰ সান্নিধ্যৰ সোঁৱৰণ যি এতিয়া অতীত।
''মনত পৰে তোমালৈ
চঞ্চলা চপলা এটি জুৰিৰ দৰে আছিলা তুমি
.................
মৌনতাৰ কবিতা হৈ তুমি
এদিন ডাৱৰৰ সিপাৰে গুচি গ'লাগৈ ''
ব্যক্তিগত জীৱনৰ সকৰুণ অনুভূতি প্রসূত স্মৃতিকাতৰতা তথা বিষাদৰ মৃদু অনুৰণনেৰে সিক্ত কবিতাটিত মূৰ্ত হৈছে মানৱ জীৱনৰ চিৰণ্তন জন্ম মৃত্যুৰ আবহ এনেদৰে ---
'' বৈ অহা চকুৰ লোটক গোট মৰা তোমাৰ মাৰ চকুৱে
তোমাক বিচাৰি উদং পথাৰখনত বহি ৰৈছিল
আৰু এদিন তোমাৰ মাও গুচি গ'ল তোমাৰ কাষলৈ
জন্ম - মৃত্যুৰ চিৰন্তন সত্যক দোহাৰি ।'' -----
অলংকাৰসমৃদ্ধ উপমা ---'' মৌনতাৰ কবিতা '' সদৃশ প্রিয়জনৰ অবৰ্তমানত ---
''চোতালত এতিয়া এটি ৰৈ যোৱা কবিতা গুমগুমায় থাকে ---- শূন্যতা৷'' কবিতাটিৰ অন্তৰ্লীন ভাৱৰ শূন্যতাৰ গুমগুমনিয়ে প্রতিজন পাঠকৰ হৃদয় দোলায়িত কৰি যাবলৈ সক্ষম হোৱা এই কবিতা কবিগৰাকীৰ অন্যতম এটি সাৰ্থক ৰচনা ।
•তেখেতৰ আন এটি কবিতা __
"শেৱালি ফুলৰ দৰে" ৰো মূল সুৰ স্মৃতিকাতৰতা।
‘‘শেৱালি ফুলৰ দৰে কিছুমান স্মৃতি
শুই থাকে সৰা পাতৰ দলিচাত
অনিচ্ছাকৃত গাম্ভীৰ্যৰে জগোৱা নহয় সেই স্মৃতি
অথবা ইচ্ছাকৃতভাৱেও জাগি নুঠে সেই
নিদ্ৰাৰত স্মৃতিময় ফুল''
‘শেৱালি ফুল’ – আশা- নিৰাশা ,প্রাপ্তি- অপ্রাপ্তিৰে পৰিপূৰ্ণ মানৱজীৱনৰ ক্ষণভংগুৰতাৰ দ্যোতক। ‘‘সৰাপাতৰ দলিছা’’ৰ দ্যোতনাই কঢ়িয়াই পাৰ্থিৱ জীৱনৰ পৰিসমাপ্তিৰ অনুষংগ।ইচ্ছা অথবা অনিচ্ছাৰ ব্যতিৰেকেও পৃথিৱীৰ প্রতিজন মানুহেই হৃদয়ৰ গভীৰত সততে কঢ়িয়াই ফুৰে কিছু বিষাদকাতৰ সোঁৱৰণি-‘নিদ্ৰাৰত স্মৃতিময় ফুল’ যি বেদনাদ্র উপলব্ধিৰে সিক্ত হৈও জীৱনকে কৰি যায় সুবাসিত । যন্ত্রনাদগ্ধ হৃদয়ৰ সকৰুণ আকূতিৰে বিদ্ধ এই কবিতাৰ ভাৱৰ আবেদনত পৰিলক্ষিত হয় --- অতিশয় সংবেদনশীলতা যেন
‘’কপাহ-কোমল যেন চুই দিলেই লাজুকীলতাৰ দৰে জাপখাই যোৱা স্মৃতি
ভৰপক কাতৰতাত দুচকু সেমেকি উঠা
কোনো এক নিনাও কবিৰ হৃদয়ৰ পেৰাত
জাপখাই থকা এমুঠি কবিতাযেন সেই স্মৃতি!!’’
কাব্যিক সুষমাযুক্ত ভাৱ বিন্যাস , আংগিকৰ সফল প্রয়োগ তথা সুকোমল আবেদনসমৃদ্ধ উপস্থাপনেৰে কবি মৌচুমী বৰিৰ কবিতাই সততে পাঠকৰ হৃদয় বিষাদবোধেৰে সিক্ত কৰি জগাই তোলে অনিবৰ্চনীয় সুখানুভূতি।সামগ্রিক ভাবে মৌচুমীৰ কবিতাৰ আবেদন কিছুক্ষেত্রত প্রথিতযশা কবি কৰৱী ডেকা হাজৰিকা বাইদেউৰ কবিতাৰ কাষ চপা বুলি ক'ব পৰা যায়।

Monday, 23 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এবাৰ ফৰেইনাৰ কেইজনমানে মাজুলীৰ এখন ধাবাত চাহ খাবলৈ সোমালে ৷ তেওঁলোকে ধাবাৰ ল'ৰা এটাক ক'লে--
"ছাই লাগে, ছাই" 
ল'ৰাটোৱে একবাটি ফুটছাই আনি ফৰেইনাৰ কেইজনক দিলেহি ৷ ফৰেইনাৰ কেইজনে হাঁহি হাঁহি হাতেৰে অংগী ভংগী কৰিলে আৰু ক'লে -- "ৰেড টি, ৰেড টি"

Friday, 20 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এবাৰ এজন বিহাৰৰ পৰা অহা লোকক অসমীয়া লোকজনে নামটো সুধিলে৷ বিহাৰী লোকজনে বৰ ধুনীয়াকৈ সুৰ মিলাই তেওঁৰ নামটো ক'লে -- ৰঘুনাথ' বনবাসী
এইবাৰ বিহাৰী লোকজনে অসমীয়া লোকজনক নামটো সুধিলে৷
অসমীয়া লোকজনৰ নামটো আছিল জিতেন ৷ সেই মুহূৰ্তত জিতেন নামটো অসমীয়া লোকজনৰ ভাল নালাগিল ৷সেয়ে তেওঁ বিহাৰী লোকজনৰ নামৰ লগতে সুৰ মিলাই ধুনীয়াকৈ ক'লে -- মোৰ নাম একাশী,বিৰাশী,তিৰাশী

Monday, 16 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
যতীনৰ জীৱনৰ প্ৰতি বিৰাগ জন্মিল৷ হাতযোৰ কৰি ভগৱানক ক'লে--
"হে প্ৰভু, অহা জনমত মই যেন আমেৰিকাৰ কুকুৰ হৈ জন্ম লওঁ নহ'লে মাৰোৱাৰী সম্প্ৰদায়ৰ ঘৰৰ পোহনীয়া গৰু হৈ!!!"

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেউ:- মোৰ ভনীজোঁৱাইটোৱে গুৱাহাটীত প্লেটফৰ্ম এটা কিনিলে নহয়!!
মা:- হয়নে?
মায়ে ঘৰলৈ আহি দেউতাক ক'লে--
"মাজনীৰ ভনীজোঁৱায়ে গুৱাহাটীত প্লেটফৰ্ম এটা ল'লে নহয়!!"
দেউতা: প্লেটফৰ্ম?প্লেটফৰ্ম লৈ কি কৰিব সি?
মা:-কিয়, গুৱাহাটীত মাটি পাবলৈ যি হে দিগদাৰ, প্লেটফৰ্ম নলৈ কি কৰিব????

Thursday, 12 May 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
বীৰু তেতিয়া তৃতীয় শ্ৰেণীত ৷ পৰীক্ষাত আহিল -- "দুজন মহাপুৰুষৰ নাম লিখা?"
বীৰুৱে লিখিলে--
"শ্ৰীমন্তশংকৰদেৱ
শ্ৰীযুত মাধৱদেৱ"

Sunday, 8 May 2016

"আজাৰ নিজাৰ পৰা শূণ্যতা"

"আজাৰ নিজাৰ পৰা শূণ্যতা"
জোনাক ফুলা ঘৰটোত
এতিয়া আজাৰ নিজাৰ পৰা শূণ্যতা
যেন পঢিবলৈ থাকি যোৱা
এখন মহাকাব্যৰ শেষৰ দুখিলা পাত
মনত পৰে তোমালৈ
চঞ্চলা চপলা এটি জুৰিৰ দৰে আছিলা তুমি
তোমালোকৰ ঘৰৰ
খেৰৰ চালত উঠা মেকুৰীটোৰ স'তে
আমি যে খেলিছিলোঁ
মেকুৰী ভাল পাবলৈ তুমিয়েই মোক শিকাইছিলা!!!
মৌনতাৰ কবিতা হৈ তুমি এদিন ডাৱৰৰ সিপাৰে গুচি গ'লাগৈ
বৈ অহা চকুৰ লোটক গোট মৰা
তোমাৰ মাৰ চকুৱে
তোমাক বিচাৰি
উদং পথাৰখনত বহি ৰৈছিল
আৰু এদিন
তোমাৰ মাও গুচি গ'ল তোমাৰ কাষলৈ
জন্ম - মৃত্যুৰ চিৰন্তন সত্যক দোহাৰি
ভৰপুৰ ঘৰখনৰ এজন এজনকৈ সকলো গ'লগৈ তোমাৰ কাষলৈ
তোমালোকৰ ঘৰৰ চোতালত এতিয়া
এটি ৰৈ যোৱা কবিতা
গুমগুমায় থাকে
দেহিঐ - শূণ্যতা৷
Comments
Manohar Dutta 'তোমালোকৰ ঘৰৰ চোতালত এতিয়া
এটি ৰৈ যোৱা কবিতা
গুমগুমায় থাকে...See More
UnlikeReply1May 5 at 5:53am
Mousumee Bori ধন্যবাদ দাদা
LikeReply1May 5 at 9:23am
Manohar Dutta ধন্যবাদ নালাগে, দিয়া যদি নতুন কবিতা দিবা। smile emotico