Thursday 2 April 2015

দুটা কবিতা



1)
"গছজোপাত নতুন কুঁহিপাত ওলাইছে"
গছজোপাত নতুন কুঁহিপাত ওলাইছে
তাকে দেখি মোৰ মনত
বিজুলীয়াই গ'ল
এটি কণমান আশাৰ ৰেঙনি ৷
গোটেই পৃথিৱী আজি কবিতাময়!
আহাঁ
হাতত হাত থৈ
গান এটা গাওঁ !!!
2)
"মিঠা বিষাদ"
সিক্ত পৃথিৱীত মই
আৰু মোৰ চাৰিওফালে
নিৰ্জনতা!
বুকু ভৰি বাজিছে
মিঠা বিষাদৰ সুৰ!
আজিও নুবুজো
কাৰবাবে মোৰ এই
আজন্ম বিষাদ ৷৷

No comments:

Post a Comment