Thursday 2 April 2015

গল্ফীৰ ডায়েৰি, ১৫ জানুৱাৰী’২০১২


বীৰুৱে বাৰাণ্ডাতে বহি চিয়ঁৰি চিয়ঁৰি গায় আছিল – “ছু কৰ মেৰে মন ক’, কিয়া তুনে ক্যা ইছাৰা….”
মাজনী বাইদেৱে বীৰুৱে গোৱা গানটো শুনি তাইও গোৱা আৰম্ভ কৰি দিলে –“চু কৰ মেৰে মন ক’ কিয়া তুনে কিয়া ইচাৰা…..”
বীৰুৱে মাজনী বাইদেৱে সি গায় থকা গানটো শুনি ওচৰলৈ আহি দুষ্টামি হাঁহি এটা মাৰি ক’লে --- “গানটোৰ অৰ্থটো বুজি পাইছ’ জানো?”
“কিনো? ক’চোন?”—মাজনী বাইদেৱে বীৰুক সুধিলে ৷
বীৰুৱে ক’লে—“একেবাৰে চিম্পোল…. গানটোত কৈছে—“চুকত থকা মোৰ মনটোক তই কি ইংগিত দিলি …”

মাজনী বাইদেৱে “হয়নে?” বুলি কৈ বীৰুৰ মুখলৈ ভেবা লাগি চাই ৰ’ল ৷
বীৰুৱে আকৌ ক’লে – “তই যে গাইছ’ চু কৰ মেৰে মন ক’…চু কৰ বুলি নকয় নহয় !”
“ইহ, এনে একেবাৰে জনাটো, কি বুলি কয় নো ?” মাজনী বাইদেৱে এইবাৰ ভেকাহি মাৰি উঠিল ৷
বীৰু – “ তই কুকুৰা খেদিলে ছুহ.. বুলি কৱ’ নে নকৱ’ “
মাজনী বাইদেউ – “কওঁ”
বীৰু –“তই যেনিবা এই ছুহ টো টানকৈ নকৈ কোমলকৈ ক’বি …তেতিয়া তই গোৱা গানটো একেবাৰে ফাটাফাটি হৈ যাব বুজিলি, গা চোন গা এতিয়া “
মাজনী বাইদেৱে চিৰপৰিচিত গলগলীয়া হাঁহিটো মাৰি গাবলৈ আৰম্ভ কৰিলে —“ছুহ কৰ মেৰে মন ক’…..আৰু গাব নোৱাৰিলে হাঁহিত ঢলি পৰিল৷
Like · Comment · 143

No comments:

Post a Comment