Thursday 2 April 2015

“গল্ফীৰ ডায়েৰি”

বিপুল আমাৰ ঘৰলৈ প্ৰায়ে আহে ৷ আমাৰ ঘৰৰ পিছফালে থকা বাৰীখন চিকুণাই দিয়ে, পুখুৰীত মাছ ধৰে … এনেকৈ ইটো সিটো কাম কৰি দিয়েহি ৷ বৰ ভাল ল’ৰা সি ৷ তাৰ হাতত স্কিনটাচ মবাইল এটা মই প্ৰায়ে দেখা পাওঁ, সি অৱশ্যে মোক তাৰ ফেচবুক একাউন্ট আৰু ৱাটচ এপ থকাৰ কথাও কৈছিল৷
আমাৰ গটো মামা আকৌ একাউন্টচ অফিচাৰ ৷এদিন গটোমামাই মোক সুধিলে – “গল্ফী, বিপুলৰ একাউন্ট আছে নাই অ’?’
মই লগে লগে তপৰাই উত্তৰ দিলো --- “আছে আছে, তাৰ ফেচবুক একাউন্ট, ৱাটচ এপ সব আছে!”
গটো মামাই ক’লে –“ধ্যেৎ এইজনী, তোক মই ফেচবুক একাউন্টৰ কথা সুধা নাই নহয় ! বেংকৰ একাউন্টৰ কথাহে সুধিছো !”
গটো মামাৰ কথাশুনি গল্ফীৰ হাঁহি হাঁহি চকুপানী ওলাই গ’ল ......

.
Like · Comment · 94

No comments:

Post a Comment