Wednesday 17 June 2015

গল্ফীৰ ডায়েৰী’

গল্ফীৰ ডায়েৰী’১৫ ফেব্ৰুৱাৰী
গোলোক মাষ্টৰ এজন হোজা ব্যক্তি আছিল ৷ এদিন তেওঁৰ পৰিবাৰে তেওঁৰ ওপৰত খং কৰি ঘৰ এৰি গুচি যাওঁ বুলি ওলাই গৈ গেট পালেগৈ ৷ গোলোক মাষ্টৰেও কোবা-কোবিকৈ গৈ পৰিবাৰক গেটৰ মুখত বাট ভেটি ধৰিলে আৰু হাত দুখন বহলকৈ মেলি হাত জোকাৰি জোকাৰি লেহেম লেহেমকৈ কৈ থাকিল—
“ মৰমী ঔ, নাযাবা নাযাবা,তোমাৰ মৰমলগা পোণা পোৱালী তিনিটাৰ মুখলৈকে চাই ঘৰ এৰি নাযাবা, অ’ মৰমী কাবৌ কৰিছোঁ৷”
গোলোক মাষ্টৰৰ কাবৌ-কোকালিত পৰিবাৰ শান্ত হ’ল আৰু ঘৰ এৰি নগ’ল৷
এদিন তেওঁ বজাৰ কৰিবলৈ গ’ল আৰু বজাৰৰ ভীৰৰ মাজত সোমাই পৰিল ৷ তেনেতে এটা পকেটমাৰে তেওঁৰ পেন্টৰ পকেটত হাত ভৰালে, গোলোক মাষ্টৰে পিছে তৎক্ষণাৎ গম পাই পকেটমাৰৰ হাতত খপ কৈ ধৰি ল’লে আৰু পকেটমাৰটোৰ মুখলৈ চাই একেই লেহেমীয়া সুৰত ক’লে—
“ভাইটী ঔ, আনৰ পকেটত হাত ভৰাব নাপায় নহয়!!”
পকেটমাৰটোৱে কিজানি ভাবিছিল—“বেলেগ মানুহ হোৱা হ’লে চৰ-ভুকু-কিল খালোহেঁতেন, পিছে এইজন ইমান ধাৰ্মিক লোক যে মোক জ্ঞান দি থৈ হে গ’ল৷”

No comments:

Post a Comment