Saturday 27 June 2015

চিঠি

মৰমৰ সাৰদা বা, with Sarada Shrestha Anupama Borgohain
শ্ৰদ্ধা আৰু মৰম গ্ৰহণ কৰিব৷
আপোনাৰ চিঠিখন পালোঁ ৷ “বন্ধুত্ব আৰু বিশ্বাস” সম্পৰ্কে লিখা আপোনাৰ চিঠিখনে মোৰ মনলৈ অনাৱিল আনন্দ কঢ়িয়াই আনিলে ৷সঁচাই সাৰদা বা, আপোনাক মই আজিলৈকে সোঁশৰীৰে কেতিয়াও লগ পোৱা নাই অথচ আপুনি মোৰ অন্তৰৰ অতি আপোন বাইদেউ ৷ আপুনি ঠিকেই কৈছে বা, ফেচবুকে দিয়া নেদেখা বন্ধুৰ আত্মিক বন্ধুত্বৰ এনাজৰীৰে যেন আমি বান্ধ খাই আছোঁ! মাজে মাজে আপোনাৰ লগত ফোনত কথা পাতিম বুলি ভাবি থাকোঁ৷ খুব মন যায় মোৰ মৰমৰ সাৰদা বা জনীৰ মাতটো এবাৰ শুনিবলৈ ৷পিছে, ফোন কৰাহে হোৱাগৈ নাই৷ ফেচবুকৰ জড়িয়তেই আপোনাৰ পৰা পোৱা মৰমবোৰে, আপোনাৰ ধুনীয়া ধুনীয়া লেখাবোৰে আপোনাৰ মৰম কোমল হৃদয়খন দেখা পোৱাত মোক যেন সহায় কৰিছে ৷
আপুনি চিঠিখনত “বন্ধু,বন্ধুত্ব আৰু বিশ্বাস” ৰ ওপৰত খুব ধুনীয়াকৈ উদাহৰণসহ আলোকপাত কৰিছে ৷ সঁচাকৈ, “বন্ধু” –এটা পবিত্ৰ মিঠা শব্দ, এক শাশ্বত অনুভূতি ৷ বন্ধুবিহীন জীৱন যেন অৰ্থহীন ৷ “কলেজত যি শিকোৱা নহয়” কিতাপখনৰ লেখক ড০পাৰ্থ চট্টোপাধ্যায় দেৱে লিখিছে—“ অনাবিল বন্ধুত্ব সমস্ত সম্পৰ্কৰ ভিতৰতে শ্ৰেষ্ঠ ৷কাৰণ আন সম্পৰ্কবোৰ জৈৱিক কাৰণতে তৈয়াৰ হৈ যায় ৷ আনকি মাক-দেউতাক, ভাই-ভনী সকলোবোৰ আত্মীয়হে৷এইবোৰ স্বাভাৱিকতেই জন্মসূত্ৰে পোৱা ৷ কিন্তু বন্ধুত্ব মোৰ আপোন সৃজন ৷জীৱনত জীৱন যোগ কৰাৰ এক সাধনা ৷” -- ড০পাৰ্থ চট্টোপাধ্যায় দেৱৰ এই কথাষাৰ মোৰ খুউব ভাল লাগে ৷ “বন্ধুত্ব মোৰ আপোন সৃজন” –এই বাক্যটোৰ মাজত কিবা এক আনন্দ বিচাৰি পাওঁ ৷বা, মই ভাবোঁ, বন্ধুত্ব মানেই যেন ভালপোৱা, আন্তৰিকতা,বিশ্বাস, নিৰাপত্তা,কল্যাণ,প্ৰেৰণা…….
সাৰদা বা, অলপতে “আমাৰ অসম” বাতৰি পেপাৰখনত এটা প্ৰৱন্ধ পঢ়িবলৈ পাইছিলোঁ ৷ প্ৰৱন্ধটো আছিল ড০ মৈত্ৰেয়ী দত্তৰ “সম্পৰ্ক স্থাপনৰ আদিপাঠ” ৷ প্ৰৱন্ধটো ভাল লগাত মই মোৰ ফাইলত সংগ্ৰহ কৰি থৈছিলোঁ আৰু কেতিয়াবা মাজে মাজে ওলিয়াই পঢ়োঁ ৷ প্ৰৱন্ধটোৰ মোৰ ভাল লগা কথাখিনি মই আপোনালৈ বুলি আগবঢ়ালোঁ,কেনে লাগিলে জনাব৷ এজন লোকৰ স’তে সম্পৰ্ক এটা কেনেকৈ স্থাপন হয় সেই কথা লিখিবলৈ গৈ লেখিকাই লিখিছে—“ প্ৰতিটো সম্পৰ্ক স্থাপন হোৱাৰ আঁৰতেই থাকে সেই ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা,মৰম, ভালপোৱা, আৱেগ-অনুভূতিৰ এক মিশ্ৰিত প্ৰতিক্ৰিয়া ৷যিকোনো সম্পৰ্ক এটা স্থাপন কৰাৰ আগতে চেতন-অৱচেতন পৃথিৱীখনৰ ওখোৰা-মোখোৰা পথেৰে আমি পাৰ হওঁ, আৰু সেই সম্পৰ্ক স্থাপন হোৱাৰ পিছত চেতন মনৰ সদায়েই এটা অহৰহ প্ৰচেষ্টা থাকে এই সম্পৰ্কটো সদায়েই অক্ষত ৰখাৰ ৷” --- এইয়া নিশ্চয় স্বাভাৱিক নহয়নে বা? যাৰ স’তে আমি সম্পৰ্ক স্থাপন কৰোঁ সেই সম্পৰ্ক আজীৱন জীয়াই থাকক সেই কথা আমি মনে প্ৰাণে আশা কৰোঁ , কিন্তু সম্পৰ্ক বিচ্ছেদৰ ঢেৰ উদাহৰণ এই বাস্তৱ পৃথিৱীখনত দেখিবলৈ পাওঁ ৷ মনলৈ প্ৰশ্ন আহে এনে কিয় হয়? লেখিকাই লিখিছে—“ প্ৰতিটো সম্পৰ্ক সৃষ্টি হোৱাৰ লগে লগেই আমাৰ মনত জন্ম হয় আমাৰ সন্মূখৰ ব্যক্তিজনৰ ওপৰত বহুতো আশা – তেওঁ আমাৰ প্ৰতিটো অনুভূতি বুজি উঠক বা উপলব্ধি কৰক৷কিন্তু প্ৰতিজন মানুহৰ পক্ষে এইটো সম্ভৱপৰ নহয় ৷” বা, মই মোৰ বাস্তৱ জীৱনত দুজনী অতি অন্তৰংগ বান্ধৱীৰ বন্ধুত্ব বিচ্ছেদ দেখা পাইছিলো আৰু এই বিচ্ছেদৰ কাৰণো মোৰ তেনে যেনেই লাগে ৷ ইজনীয়ে সিজনীৰ প্ৰতিটো অনুভূতিক বুজি নুঠাৰ বাবেই অভিমান আৰু ভুল বুজাবুজিৰে দুই অন্তৰংগ বান্ধৱীৰ মাজত কব নোৱাৰাকৈয়ে এখন বৃহৎ দেৱাল সৃষ্টি হৈছিল৷ লেখিকাই লিখিছে যে –“ যেতিয়া আমি আশা কৰোঁ আমাৰ লগত জড়িত প্ৰতিজন মানুহেই আমাৰ সকলো কথা বুজি পাওঁক,তেতিয়াহ’লে কোনোধৰণৰ সম্পৰ্কই আমি স্থাপন কৰিব নোৱাৰিম,সেয়া হ’ব আমাৰ ব্যৰ্থ প্ৰচেষ্টা ৷”
আমাৰ সম্পৰ্কবোৰে অৰ্থপূৰ্ণ মৰ্যদা কেতিয়া পায় যেতিয়া “ সংগীজনৰ সক্ষমতা,সীমাবদ্ধতা,তেওঁৰ ব্যক্তিত্বৰ যোগাত্মক আৰু ঋণাত্মক – এই সকলো আঁকোৱালি লৈ তেওঁক মনৰ পৰা গ্ৰহণ কৰিব পাৰিলে আমাৰ সম্পৰ্কবোৰে এক অৰ্থ বিচাৰি পায় ৷” –মই ভাবোঁ ইয়াত লেখিকাই এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে ৷ ভুলে-শুদ্ধই মানুহ ৷ এজন মানুহৰ গাত যে সকলো ভাল গুণ থাকিব পাৰে সেইয়া ভবা উচিত নহয় , ভুল-শুদ্ধৰ সমষ্টিৰেই সম্পৰ্ক স্থাপন কৰা লোকজনে তেওঁক গ্ৰহণ কৰিব পাৰিব লাগিব৷
শেষত পুনৰ লেখিকাৰ কথাৰেই মই চিঠিখনৰ সামৰণি মাৰিম ---
“ সফল সম্বন্ধ এটাৰ মূল চাবিকাঠী হ’ল আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ, কোনো সংঘাত নোহোৱাকৈ আমি কেনেকৈ আনক ভাল পাব পাৰোঁ ৷ যেতিয়া আমি আমাৰ সুখৰ বাবে, আমাৰ আনন্দৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰোঁ , তেতিয়াহ’লে সেইবোৰৰ সামান্য পৰিৱৰ্তনেই আমাৰ মনত ধুমুহাৰ সৃষ্টি কৰে৷কাৰণ আমাৰ মানসিক সুখৰ বাবে বা সুৰক্ষাৰ বাবে তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ এই নিৰ্ভৰশীলতা কোনো কাৰণতেই সুস্থ নহয়৷ ………গতিকে অত্যাধিক নিৰ্ভৰশীল নোহোৱাকৈ চৰ্তবিহীন ভালপোৱাৰ সম্পৰ্ক আমি আন এজনৰ লগত স্থাপন কৰিব নোৱাৰোঁনে?
জীৱনটো এডাল সৰলৰেখা নহয়,কেতিয়াবা কেতিয়াবা আমাৰ প্ৰিয় হৈ উঠা ব্যক্তিজনেও কিছুমান অদ্ভুত আচৰণ কৰে৷ কিন্তু সেই মুহূৰ্তত যদি আমি তেওঁক বুজি নাপাওঁ, তেতিয়াহ’লে আমি তেওঁক গোটেই জীৱনটোৰ বাবেই হেৰাই পেলাম৷
যদি অলপ এৰা-ধৰা, অলপ বুজাবুজি, নিজকে অলপ নমনীয় কৰি তোলাই দুজন মানুহৰ সম্পৰ্কটোৱে এটা নতুন ৰূপ লয়, আমি সেইখিনি নকৰোঁনো কিয়? সেয়া আমাৰ দুৰ্বলতা নুবুজায়, বৰঞ্চ ইয়ে আমাৰ চৰিত্ৰৰ, আমাৰ ব্যক্তিত্বৰ আন এটা দিশ উদ্ভাসিত কৰি তোলে৷ সেইখিনি কথায়েই যেন এজন শ্বায়েৰৰ কলমেদি এনেদৰে নিৰ্গত হৈছিল –
“কোই ৰুথে অগৰ তুমচে
তো উচসে ফোৰণ মনা লো
কিউ কি জিদ কি জং মে
অকচৰ জুদাই জীত জাতি হ্যে”
সাৰদা বা, আজিলৈ ইমানেই ৷ মোলৈ চিঠি লিখি থাকিব দেই৷
বহুত বহুত মৰম আৰু শ্ৰদ্ধাৰে,
ইতি
আপোনাৰ ভনী
মৌ
শিৱসাগৰ
১৮/০৬/২০১৫

No comments:

Post a Comment