Wednesday 26 August 2015

“হৃদয়ৰ অকথিত কাহিনী”

পানীত শিলগুটি এটা দলিয়াই দিলে যিদৰে তৰংগৰ সৃষ্টি হয় বিৰাজ দাৰ কথাখিনি শুনি মলয়াৰ মনতো একেধৰণৰ তৰংগৰ সৃষ্টি হ’ল ৷ এৰা, এইখন পৃথিৱীৰ সকলো মানুহৰ জীৱনটোৱেই সুখী-অসুখী কাহিনীৰে ভৰা৷ গতিশীল সময়ে কঢ়িয়াই অনা অভিজ্ঞতাৰে চহকী হৈ গৈ থাকে জীৱন ৷
বহু বছৰৰ আগতে এটা গল্প পঢ়া মনত পৰে মলয়াৰ ৷ গল্পটোৰ মূল কাহিনীটো তাই পাহৰিছে যদিও মূলভাবটো আজিও তাইৰ ৰিণি ৰিণি মনত পৰে৷গল্পকাৰে গল্পটোত এজন হোজা মানুহ অংকন কৰিছে৷ হোজা মানুহজনে এজন মানুহৰ ওচৰত ভুলবশত: এটা দোষনীয় কাম কৰে৷সেই দোষনীয় কামটোৰ বাবে হোজা মানুহজনে বিবেকৰ দংশনত ভুগে আৰু যাৰ ওচৰত দোষ কৰিছিল তেওঁৰ ওচৰলৈ ক্ষমা বিচাৰি যায় ৷ সেই মানুহজনে ক্ষমা কৰি দিয়ে যদিও হোজা মানুহজন অনুশোচনাৰ পৰা মুক্ত হব নোৱাৰিলে । সেয়ে হোজা মানুহজনে পুনৰ সেই মানুহজনৰ ওচৰলৈ গৈ ক্ষমা বিচাৰি যায় ।মানুহজনে হোজাক ক্ষমা কৰিলেও হোজা মানুহজন কিন্তু নিজৰ ওচৰত সন্তোষ্ট হ’ব নোৱাৰি বাৰে বাৰে ক্ষমা বিচাৰি মানুহজনৰ ওচৰলৈ গৈ থাকে । এনে কাৰ্যত অতিষ্ঠ হৈ মানুহজনে এদিন খং কৰি হোজাক ঘৰৰ পৰা খেদি পঠিয়ালে ৷ হোজা মানুহজন এইবাৰ ইমানেই বেচি অনুতপ্ত হ’ল যে এই অনুতাপে তেওঁক মৃত্যুৰ মুখলৈকে থেলি দিলে ।
বিৰাজ দাৰ কথাখিনি শুনি এই মুহূৰ্তত মলয়াৰ সেই গল্পটোলৈকে মনত পৰিছে৷ বিৰাজ দা মলয়াৰ বৰদেউতাকৰ ল’ৰা৷ তেওঁ প্ৰায়ে মলয়াহঁতৰ ঘৰলৈ আহি থাকে৷বিৰাজ দাই কথা কৈ ভাল পায়, তেওঁক যি কোনো কথাৰ সুৰুঙা এটা ওলিয়াই দিলেই হ’ল, লানি নিচিগা কথাৰে মহাভাৰত ৰচিব পাৰে ৷ তেওঁৰ কথাবোৰ শুনি মলয়াই ভাল পায় ! গল্প-উপন্যাসৰ দৰে কথাবোৰ কৈ যায় - কথাবোৰ কৈ থাকিলে শুনোঁতা জনৰ চকুত প্ৰতিটো কথাৰে প্ৰতিচ্ছবি ভাঁহি উঠে ৷ মানুহ এজন ৰাস্তাৰে কেনেকৈ গ’ল, চকীখনত কেনেকৈ বহিল, কোঠাৰ ভিতৰত কেনেকৈ প্ৰবেশ কৰিলে, কেনেকৈ খালে, কেনেকৈ কথা ক’লে তাৰ পুঙ্খানুপুঙ্খ বিৱৰণী তেওঁ দিব পাৰে ৷ মুঠতে মলয়াৰ মতে বিৰাজ দা এজন কথাচহকী মানুহ ৷
আজি বিৰাজ দাই তেওঁৰ শৈশৱৰ কাহিনী কৈছিল, কেনেকৈ বীৰেন খুড়াৰ ঘৰৰ পকী থকা তামোল থোকা পাৰি আনি মাকক দিছিল আৰু মাকে আনৰ বস্তু মনে মনে আনিব নাপায় বুলি কৈ তামোল থোকা পুনৰ গছৰ তলত থৈ আহিব কৈছিল, কেনেকৈ ম’হৰ পিঠিত উঠি বিৰাজ দা বাগৰি পৰিছিল ইত্যাদি ইত্যাদি…
বিৰাজ দাই কৈছিল – “জানা মলয়া, সৰুতে মই বৰ দুষ্ট আছিলোঁ ৷ একেখন বেঞ্চতে বহা চন্দনৰ লগত এদিন স্কুলৰ জিৰণী সময়ত খেলি আছিলোঁ৷ আমাৰ স্কুলখনৰ কাষত এটা বৰ ডাঙৰ পুখুৰী আছিল৷খেলি থকাৰ মাজতে কিবা কথাত মই তাৰ ওপৰত খং কৰি তাক পুখুৰীলৈ গতিয়াই দিলোঁ আৰু সি গৈ পুখুৰীৰ পানীত পৰি ককবকাবলৈ ধৰিলে ৷ সি ককবকাই থকা দেখি মই ভয় খালোঁ আৰু তাক পুনৰ মই নিজে পুখুৰীৰ পৰা তুলি আনিলোঁ৷মই সাতুঁৰিব জানিছিলোঁ৷ ভাগ্য ভাল যে আমি দুটাৰ বাদে সেইসময়ত আন কোনো নাছিল৷মই ভাবিলোঁ চন্দনে ছাৰহঁতক কথাটো লগাই দিব আৰু ছাৰহঁতৰ বেতৰ কোব ভালকৈ পৰিব মোৰ ওপৰত ৷ কিন্তু মই দেখিলোঁ, চন্দনে মোৰ ওপৰত খং কৰাটো বাদেই ছাৰহঁতকো এইবিষয়ে একো নক’লে৷মই কৰা ভুলৰ বাবে চন্দনে মোক সম্পূৰ্ণৰূপে ক্ষমা কৰি দিলে ৷ পিছে মলয়া, আটাইতকৈ দুৰ্ভাগ্যৰ কথা কি হ’ল জানা, সি মোক ক্ষমা কৰি দিলে কিন্তু মই নিজকে ক্ষমা কৰিব নোৱাৰা হ’লো৷ একপ্ৰকাৰ বিবেকৰ দংশনত ভুগিব ধৰিলোঁ মই! ই যেন মোৰ অন্তৰত এটুকুৰা ঘাৰ সৃষ্টি কৰিলে ৷ দিনবোৰ গৈ থাকিল৷আমি দুয়োটাই মেট্ৰিক পাছ কৰিলোঁ, সি বাণিজ্য বিভাগ পঢ়িলে আৰু মই পঢ়িলোঁ বিজ্ঞান৷নিজৰ জীৱনৰ গতিপথেৰে আগবাঢ়ি গৈ থাকোঁতে চন্দনক আৰু লগ নোপোৱা হ’লোঁ৷বহুবছৰৰ পিছৰ কথা, তেতিয়া মই মৰিয়ণিত চাকৰি কৰি আছোঁ, আমাৰ দৰমহা হৈছিল ইউ.বি.আই বেংকত ৷ এদিন বেংকত টকা ওলিয়াবৰ বাবে মই শাৰী পুনাই থিয় হৈ আছিলোঁ, হঠাতে মোৰ পিঠিত কোনোবাই সৰুকৈ চাপৰ এটা মাৰিলে৷ মই ঘূৰি চালোঁ --- “আৰে, চন্দন!” মই চিঞৰি উঠিলোঁ ৷সি মোক ক’লে- “ব’ল, মোৰ চেম্বাৰলৈ”
সি মোক মোৰ হাতত ধৰি টানি নিয়াদি তাৰ চেম্বাৰলৈ লৈ গ’ল ৷ মই তেতিয়াহে গ’ম পালোঁ চন্দন সেইটো বেংকৰ ব্ৰাঞ্চ মেনেজাৰ!সি মোক ক’লে—
“মই থাকোঁতে তই ইয়াত লাইন নাপাতিলেও হ’ব, বুজিছ’”
চন্দনে মই বেংকৰ পৰা ওলিয়াব লগা টকা কেইটা ওলিয়াই দিলে আৰু চাহ-তামোল খুৱাই মোক সেইদিনালৈ বিদায় দিলে ৷ পিছে তাক লগ পোৱাৰ পিছত মোৰ অন্তৰত সৃষ্টি হোৱা পুৰণি ঘা টুকুৰাই পুনৰ উক দিলে ৷ মোৰ প্ৰতি দেখুওৱা তাৰ অমায়িক ব্যৱহাৰত মই পুনৰ প্ৰতি মুহূৰ্ততে বিবেকৰ দংশনত ভুগিবলৈ ধৰিলোঁ ৷সি ভাল ঘৰৰ ল’ৰা আছিল বাবেই তাৰ ব্যৱহাৰ ইমান ভদ্ৰ আৰু অমায়িক আছিল৷
ল’ৰালি কালত তাৰ প্ৰতি কৰা সেই ব্যৱহাৰৰ বাবে মোৰ প্ৰাণে পুনৰ কান্দি উঠিল ---“মই কিয় এনে কৰিছিলোঁ?” মলয়া, অনুশোচনাই মোক আমৃত্যু লগ এৰা নিদিব৷”
বিৰাজ দাই কথাখিনি কৈ অলপ দেৰি মনে মনে থাকিল ৷ মলয়াৰ এনে লাগিল তেওঁ যেন পুনৰ কান্দি উঠিছে ৷
:বিৰাজ দা, সেইদিনা যদি পানীত পৰি আপোনাৰ বন্ধু চন্দনৰ মৃত্যু হ’লহেঁতেন আপোনাৰ বিবেক দংশন কিমান বেছি ব্যাপক হ’লহেঁতেন, ভাবি চাওকচোন৷
:নক’বা আৰু মলয়া, মোৰ জীৱন দুৰ্বিসহ হৈ পৰিলহেঁতেন ৷
বিৰাজ দাই এইবাৰ গাটো লৰাই চকীখনত ভালকৈ বহি ল’লে আৰু ক’লে—“তোমাক আৰু এটা কাহিনী কওঁ শুনা ৷ মোৰ এজন বন্ধু আছিল, নামটো ধৰণী বৰুৱা৷ আমি দুয়োটাই প্রদূষণ বৰ্ডৰ চাকৰিৰ বাবে আবেদন কৰিছিলোঁ৷যথাসময়ত আমি লিখিত পৰীক্ষা দিবৰ বাবে গুৱাহাটীলৈ গ’লো ৷ পৰীক্ষা হলত ধৰণী আৰু মই ওচৰা ওচৰিকৈ বহিছিলোঁ৷ প্ৰশ্নকাকতখনত ডাঙৰ ডাঙৰ অংক আহিছিল, ধৰণীয়ে কেলকুলেটৰ অনা নাছিল। সেয়ে মই তাক কেলকুলেটৰ দি সহায় কৰাৰ লগতে সি নোৱাৰা সকলো অংক দেখুৱাইছিলোঁ৷প্ৰশ্নকাকতখনৰ এটা অংক বৰ টান আছিল, মই কৰিব পৰা নাছিলোঁ, ধৰণীয়েও অংকটো কৰিব নোৱাৰোঁ বুলি কৈছিল৷অংকটো তেনেকৈয়ে এৰি আমি উত্তৰবহী জমা দি পৰীক্ষাহলৰ পৰা ওলাই আহিছিলোঁ৷ কৰিডৰেদি আহি থাকোঁতে ধৰণীয়ে মোক ক’লে –
“বিৰাজ, কথা এটা ক’ম, তই বেয়া পাবি নেকি?”
:নাপাওঁ, ক’চোন – মই ক’লো ৷
:তই নোৱাৰা অংকটো মই কৰি আহিলোঁ বুজিছ’!
ধৰণীৰ কথা শুনি মোৰ অন্তৰখন জিকাৰ খাই উঠিল ৷ যিটো ল’ৰাক মই বিশ্বাসেৰে মোৰ কেলকুলেটৰটো দিয়াৰ ওপৰিও সি কৰিব নোৱাৰা অংকবোৰো দেখুৱাইছিলোঁ কিন্তু সি মোক মিছা মাতি মই নোৱাৰা অংকটো মনে মনে কৰি থৈ আহিল ৷মই ধৰণীৰ মুখলৈ চালোঁ আৰু ক’লো—
:হ’ব দে, চাকৰিটো তই পালে মই বৰ সুখী হ’ম৷
“বাৰু মলয়া, এতিয়া কোৱাচোন সি কিয় মোক সঁচা কথাটো ক’লে?” মলয়াৰ উত্তৰলৈ অপেক্ষা নকৰি বিৰাজদাই পুনৰ নিজেই কৈ উঠিল –
“আচলতে তাৰ অনুশোচনা হ’ল বুজিছা ৷ সি অনুশোচনাত দগ্ধ হৈ সঁচা কথাটো ক’বলৈ বাধ্য হ’ল ৷ পিছে মই তাক চন্দনে মোক ক্ষমা কৰাৰ দৰে লগে লগে ক্ষমা কৰি দিলোঁ৷”
:বিৰাজ দা, আপোনাৰ বন্ধু ধৰণী বৰুৱাই আপোনাক আচলতে প্ৰতিযোগী বুলি ভাবিছিল ৷ “বন্ধুত্ব” শব্দটোতকৈ “প্ৰতিযোগিতা” শব্দটো বেছি গধুৰ আছিল তেওঁৰ বাবে --- মলয়াই ক’লে
:ঠিকেই কৈছা ৷ ইয়াত “স্বাৰ্থপৰ” শব্দটোও খাপ খায়৷নিজৰ স্বাৰ্থৰ বাবে মানুহে যিকোনো কাম কৰিব পাৰে, মলয়া ৷
সেইদিনালৈ বিৰাজদাৰ স’তে মলয়াৰ কথা পতা শেষ হৈছিল কিন্তু বিৰাজদাই কোৱা কাহিনীয়ে মলয়াক নতুনকৈ কিছুমান কথা ভাবি চাবলৈ সুযোগ দিলে ৷ পাহিয়ে যে কৈছিল অমলৰ বাবে তাইৰ বহুত বেয়া লাগে, কিয় কৈছিল বাৰু?অমলৰ বাবে তাইৰ অনুশোচনা হয় নেকি? মহাবিদ্যালয়ত পঢ়ি থাকোঁতে অমলক ভালপোৱাৰ প্ৰথম খবৰটো পাহিয়ে মলয়াকে দিছিল ৷পাহি আৰু অমলৰ প্ৰেমৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী আছিল মলয়া ৷ অমলে লিখা প্ৰেমপত্ৰবোৰ মলয়াৰ যোগেৰে আহি পাহিৰ হাতত পৰিছিল ৷ অমলৰ প্ৰেমপত্ৰই পাহিক সুখী কৰিছিল, উন্মনা কৰিছিল ৷ অমলে কবিতা লিখিছিল ৷ পাহিক লৈ সি কবিতা লিখিছিল, উপন্যাসিকা লিখিছিল আৰু যে প্ৰেমৰ নামত কত’ কি কৰা নাছিল সি! পাহিক উদেশ্য কৰি লিখা প্ৰেমৰ কবিতাবোৰ মহাবিদ্যালয়ৰ আলোচনী, দেৱাল আলোচনীত ভৰি পৰিছিল ৷পঙ্কজ উধাছৰ ৰোমান্টিক গজলেৰে হিয়া মন ভৰি থকা পাহি আৰু অমলৰ প্ৰেমৰ ছন্দপতন হ’ল যেতিয়া নেকি পাহিৰ ককায়েকে অমলৰ পৰা আঁতৰি আহিবৰ বাবে পাহিক শপত দিয়ালে৷ঘৰৰ কথা অমান্য কৰিব নোৱাৰি পাহি আঁতৰি আহিবলৈ বাধ্য হ’ল অমলৰ পৰা৷হঠাতে পাহি আঁতৰি অহাত অমল পাগলৰ দৰে হ’ল আৰু অমল নামৰ প্ৰেমিক ল’ৰাটো এদিন পঢ়া-শুনা এৰি থৈ নাইকীয়া হ’ল ৷ সি ক’ত গ’ল কোনেও বিচাৰি নাপালে ৷পাহিয়ে বলিয়াৰ দৰে মোৰ আগত কান্দিলে ৷পাহিয়ে কৈছিল –“মোৰ বাবেই অমল হেৰাই গ’ল৷মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ”৷এৰা, পাহিৰ বাবে অমল “অনুশোচনা” নামৰ শব্দটোৰ এটুকুৰা নুশুকুৱা ঘা হৈ ৰ’ল নেকি!
পাহিৰ কথাবোৰ ভাবি থাকোঁতে মলয়াৰ উদয়নলৈ মনত পৰিল ৷ সি যে চিঠিত মলয়ালৈ লিখিছিল – “তুমি মোৰ জীৱনৰ পৰা যিদিনা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লা সেইদিনাৰ পৰাই মই তোমাক মোৰ কাষত বেছি অনুভৱ কৰিবলৈ ল’লোঁ৷ তোমাৰ স্মৃতিয়ে মোক লগ নেৰা হৈছে৷ খাওঁতে, শুওঁতে, বহোঁতে মাথোঁ তোমাৰ কথাই ভাবিছোঁ৷তুমি বাৰু উভতি আহিবানে?মোৰ দুহাত সাৱটি লৈ তুমি ক’বানে –“মই তোমাক ক্ষমা কৰি দিছোঁ বুলি?”মলয়া,মই তোমালৈ বাট চাই ৰ’ম…..” উদয়নৰ চিঠিখন পঢ়ি মলয়াৰ হাঁহি উঠিছিল,যিটো ল’ৰাই এদিনতে মানুহৰ গুৰুত্ব কমাই দিব পাৰে সেই ল’ৰাটোৰ পৰা আঁতৰি অহাই ভাল বুলি ভাবিছিল মলয়াই৷তাই অন্তৰেৰে ক্ষমা কৰি দিছিল উদয়নক আৰু পাহৰি পেলাইছিল সকলোবোৰ কথা৷কিন্তু উদয়ন তাইৰ মনলৈ মাজে মাজে অহা গল্পটোৰ হোজা নায়কজনৰ দৰে তাইৰ পিছে পিছে লাগি ৰ’ল৷ উদয়নে তাইলৈ চিঠিৰ পিছত চিঠি লিখি থাকিল আৰু সকলো চিঠিতে ক্ষমা বিচাৰিলে ৷ তাই উদয়নক ক্ষমা কৰি দিছোঁ বুলি জনালে কিন্তু উদয়নে ক্ষমা বিচাৰি চিঠি লিখিবলৈ নেৰিলে ৷ এৰা, তাই আগৰ দৰে উদয়নৰ জীৱনলৈ ঘূৰি যাব নোৱাৰিলে কিন্তু উদয়নে বিচাৰিলে তাই আগৰ দৰে ঘূৰি আহক তাৰ জীৱনলৈ ৷ তাই উদয়নৰ জীৱনলৈ পুনৰ ঘূৰি নগ’ল আৰু সি চিঠি লিখিয়েই থাকিল৷উদয়নৰ বাবে তাই এটুকুৰা শেলুৱৈ আবৃত শিল হৈ পৰিল আৰু উদয়নে সেই শিলত ভৰি দি বাৰে বাৰে পিছল খালে৷উদয়নে হয়তো তাইক ঘূৰাই আনি সি কৰা ভুলৰ শুধৰণিৰ এটা বাট বিচাৰিছিল কিন্তু মলয়াই যে ঘূৰি যাব নোৱাৰিলে!তাই মাথোঁ অন্তৰেৰে তাৰ জীৱনৰ শুভাকাংক্ষী হৈ ৰ’ল৷
“বিৰাজ দাৰ কথাবোৰে তাইক যে কি কি ভাবসাগৰত ডুবাই ৰাখিলে!” – কথাবোৰ ভাবি মলয়াৰ নিজৰে হাঁহি উঠিল৷ বিৰাজ দা আকৌ আহিব হৃদয়ৰ অকথিত কাহিনী ক’বলৈ যিবোৰে মলয়াক পুনৰ কিছুমান কথা ভাবি চাবলৈ সুযোগ দিব ৷
--- মৌচুমী বৰি
-------- ০০০০০০০০ ----------
  • ঈশানজ্যোতি বৰা অনুভূতিসম্পন্ন মানুহৰ মনোজগতৰ যুঁজ-বাগৰ তথা অন্তৰ্দ্বন্দ্ব খুব সুন্দৰকৈ গল্পটোৰ জৰিয়তে প্ৰকাশ পাইছে। সুখপাঠ্য সাহিত্য-কৰ্ম।
  • Mousumee Bori উৎসাহভৰা মন্তব্যৰ বাবে ধন্যবাদ ঈশানলৈ
  • Manohar Dutta দ্বিধা দণ্ডৰ এই জীৱনক বুজাৰ, জনায় যি প্ৰয়াস গল্পটোত প্ৰকাশ হৈছে, সেয়া আদৰণীয়। অৱশ্যে লেখিকাৰ কথনশৈলী আৰু উন্নত হোৱাটো বিচাৰোঁ।
  • Mousumee Bori আপোনাৰ পৰামৰ্শক আদৰিছোঁ মনোহৰ দাদা ৷ গল্প লিখাৰ প্ৰচেষ্টা এটা চলাই চাইছোঁ....মন্তব্যৰ বাবে আপোনালৈ বহুত ধন্যবাদ Manohar Dutta
  • মিনুৰেখা গগৈ ভাল লাগিল পঢ়ি । জীৱনটোক আকৌ জুকিয়াই চাবলৈ মন গ'ল হৃদয়ৰ অকথিত কাহিনী পঢ়ি ।
  • Mousumee Bori অশেষ ধন্যবাদ আপোনালৈ মিনুৰেখা গগৈ
  • Anita Gogoi ভাল লাগিল মৌচুমী । ভাল লাগিল বিৰাজদা নামৰ আপোনভোলা ভাল অন্তৰৰ মানুহজন। বিশেষকৈ সামৰণি অংশই মন চুই গ'ল ..।
  • Mousumee Bori আপোনাৰ মন্তব্যই সুখী আৰু উৎসাহিত কৰিলে ৷ আন্তৰিক কৃতজ্ঞতা জনালোঁ আপোনাক Anita Gogoi

2 comments: