Wednesday 17 February 2016

"শ্ৰীমতীৰ কথাইচোন কাম দিলে"


"শ্ৰীমতীৰ কথাইচোন কাম দিলে"
বহুদিনৰ পৰা আহমেদৰ দেখাদেখি নাই। জীয়েকৰ স্কুলত নাম-ভৰ্তিৰ বাবে মোৰ পৰা একহাজাৰ টকা ধাৰলৈ লোৱাৰ পিছৰে পৰাই মানুহটো নেদেখা হ’লোঁ । নহ’লে দেখোন সি সপ্তাহটোত এপাক মোৰ ওচৰলৈ আহেই। ইফালে যিমানে আহমেদৰ দেখাদেখি নোহোৱা হৈছে শ্ৰীমতীৰো কেটকেটনি বাঢ়ি আহিছে।
“হৃদয়খন সাগৰৰ সমান বহল কৰি পইছা বিলাই ফুৰে নহয়!যাওক এতিয়া আহমেদৰ ওচৰলৈ!সি যে আৰু আপোনাক টকা কেইটা ঘূৰাই দিব, মোৰ হ’লে মনে নধৰা হৈছে দেই!”
“এ.. ৰ’বাহে দিব নহয়!”
ৰাতিপুৱাই শ্ৰীমতীৰ লগত এখুন্দা লাগি আহমেদক বিচাৰি তাৰ ঘৰলৈ বুলি ওলালোঁ।ঈশ্বৰৰকৃপাত আহমেদ ঘৰতে আছিল।বৰ আদৰ-সাদৰ কৰি আহমেদে মোক চাহ-তাহ খোৱালে, পিছে মই ধাৰলৈ দিয়া টকাটোৰ কথা ঘুণাক্ষৰেও মুখলৈ নানিলে।ইফালে শ্ৰীমতীৰ ৰণচণ্ডীৰূপটোৰ কথা মনত পেলাই মইয়ে উলিয়ালোঁ কথাটো।তেওঁ মোৰ কথাটো শুনিয়েই মোৰ কথাশেষ কৰিবলৈ নিদি কৈ উঠিল…” এইকেইদিন মোৰ ভালকৈয়ে টকাৰ টনাটনি হৈ আছে বুজিছে দাদা; মই আপোনাক আপোনাৰ টকাটো কাইলৈকে ঘৰতে দি থৈ আহিম।বেয়া নাপাই যেন৷”
মইও “হ’ব দিয়ক” এইবুলি কৈ আহমেদৰ পৰা বিদা্য লৈ যুদ্ধত জিকি অহা পুৰুষৰ দৰে শ্ৰীমতীৰ আগত গৰ্বেৰে ক’লো—“হেৰা, তুমি মিছাতে বৰ খেঙখেঙাই থাকাহে!চাবাচোন, কাইলৈ আহমেদে মোৰ ঘৰলৈ আহি হাততে টকাটো গুজি দিবহি৷”
পিছদিনা আহমেদলৈ বাট চাই ৰ’লোঁ, বেলি লহিয়াইও ৰাতি হ’ল, আহমেদৰ দেখা সাক্ষাৎ হ’লে নহ’ল। বেলি লহিওৱাৰ পাছৰে পৰা শ্ৰীমতীৰ মুখ খনো মেঘে গজাদি গাজিবলৈ ধৰিলে।মই পিছে যোগাত্মক দিশ এটাকে ভাবি অপেক্ষাৰ অন্ত পেলালোঁ।আহমেদৰ কিজানি কিবা ভালকৈয়ে অসুবিধা হ’ল!!শ্ৰীমতীক ক’লো—“ এ..তুমি ইমানকৈ মোৰ মূৰটো নাখাবা হে!কিজানি আহমেদৰ অসুখ-বিসুখেই হৈছে! মোক টকাখিনি ঘূৰাই দিব নহয়!”
“হৈছে হৈছে গাঁৱৰ বাপুকণে পাঁচশ টকা ধাৰলৈ লোৱা এবছৰেই হ’ল।ঘূৰাই দিয়াৰ চোন নাম-গোন্ধই নাই!”
“এ.. তাৰ কথা নধৰিবাচোন..দুখীয়া ল’ৰা”
“সি অকল পাঁচশ টকাই নিছেনে, কেতিয়াবা এশ, কেতিয়াবা দুশ..এনেকৈ আপোনাৰ পৰা টকাবোৰ চুঁচি আছে..আপোনাৰ উপাৰ্জনেৰে ঘৰখন চলাবলৈকে টান, আকৌ দানবীৰ কৰ্ণৰ দৰে আক-তাক টকা ধাৰলৈ দি ফুৰে!”
শ্ৰীমতীৰ গালি-শপনি শুনাৰ পাছত ৰাতিটো উজাগৰে কটালোঁ।এৰা, মই এজন মধ্যবিত্ত লোক,ঘৰখন ভালদৰে চলাবলৈ মোকো ভালকৈয়ে টকাৰ দৰকাৰ হয়। কোনোবাই বিপদত পৰিলে টকা ধাৰলৈ দিবলৈ সংকোচ নকৰোঁ, কিন্তু মই যি বিশ্বাস আৰু আন্তৰিকতাৰে টকা ধাৰলৈ দিওঁ, ধাৰলৈ লোৱাজনেও মোক সেই বিশ্বাসেৰে ঘূৰাই দিয়া উচিত বুলি ভাবোঁ।
কেইবাদিনো গ’ল। আহমেদ আহিব আহিব বুলি বাট চাই কটালোঁ..পিছে তেওঁ নাহিল।
“হেৰা, মোক ফিকা চাহ একাপ দিয়াচোন, মূৰটো বৰকৈ টিঙটিঙাইছে অ’৷”
“আপোনাৰ মূৰ নিটিঙটিঙাই কাৰ মূৰ টিঙটিঙাবনো?”
শ্ৰীমতীৰ মুখলৈ কেৰাহিকৈ চালোঁ, মানুহজনীৰ মুখতচোন মৰমৰ মাত এষাৰ নোহোৱা হ’ল! নতুনকৈ বিয়া পাতোতেটো এনে নাছিল? বৰ লাজকুৰীয়া আছিল মোৰ মানুহজনী!হাইঁৰে, তেতিয়া আৰু এতিয়াৰ মাজত কিমানযে তফাৎ!তাইৰ হাতৰ ফিকাচাহ কাপ খাই আকৌ আহমেদৰ ঘৰলৈকে গ’লোঁ।বাটত হঠাতেচোন আহমেদ মোৰ কাষেদি চাইকেল চলাই সাউৎকৈ পাৰ হৈ গ’ল।মই ত’ত ধৰিবকে নোৱাৰিলোঁ। ঘূৰি চাই দেখোঁ, আহমেদ বহুদূৰ পালেগৈ। ঘৰলৈ উভতি আহিলোঁ।মোৰ কিজানি মুখখন বিমৰ্ষ হৈ পৰিছিল, বাৰান্দাত বহি বাতৰি পেপাৰ চাই থকা মাজনীয়ে মোৰ মুখলৈ চাই ক’লে—“দেউতা, আগেপিছে এনেকুৱা মানুহক টকা ধাৰলৈ নিদিবা দেই।চোৱাচোন তেওঁ আমাৰ পৰা টকাও ধাৰলৈ ল’লে আৰু শান্তিতে ঘূৰি ফুৰিছে আৰু আমাৰ ঘৰখনত মিছাতে অশান্তিখন হৈছে।এনেই মাৰ প্ৰেছাৰ আছে তাতে কেটকেটাই থাকি আৰু কিবা হওঁক…” নীৰৱে মাজনীৰ কাষতে বেতৰ চকীখনত বহি পৰিলোঁ।আহমেদে দৰকাৰত পৰি টকা নিছে নিয়ক, সি যদি টকা কেইটা ঘূৰাই দিবৰ বাবে যোগাৰ কৰিব পৰা নাই, সি মোক ভালকৈ আহি ক’লেই হ’ল চোন!পলাই ফুৰিব লাগে কিয়?নে তাৰ টকাকেইটা ঘূৰাই দিয়াৰ মতলবেই নাই।
“হেৰি, মইয়েই আহমেদৰ ঘৰলৈ যাম দিয়ক, আহমেদ যদি ঘৰত নাথাকে, তাৰ ঘৈণীয়েককে এজাউৰি দি আহিম।চাহকাপ লওকচোন৷”
শ্ৰীমতীৰ চকুলৈ চালোঁ, অকণমান মৰম নে পুতৌ কিবা এটা দেখা পোৱা যেন লাগিল।
পিছদিনা শ্ৰীমতী আহমেদৰ ঘৰলৈ বুলি উলাল। মই বাধা দি কৈছিলোঁ—“তোমালোক মাইকী মানুহবোৰ এইবোৰ কথাত নুসুমাবাচোন! মই সমস্যাটো সমাধান কৰিম নহয়!” তেওঁ মোৰ কথা নুশুনিলে, অৱশ্যে মইও পেটে পেটে তেওঁ যোৱাটোকে কামনা কৰিলোঁ।মোৰ শ্ৰীমতী যিহে, তেওঁৰ আচল ৰূপ দেখিলে আহমেদেও ভয়ত পেপুৱা লাগিব।
পুৱা ৬বজাতে শ্ৰীমতীয়ে আহমেদৰ ঘৰৰ কলিঙবেল টিপিলে।মইও শ্ৰীমতীৰ পিছে পিছে চাইকেলচলাই আহমেদৰ ঘৰ পালোঁগৈ। আহমেদৰ পৰিবাৰেই দুৱাৰখন খুলিলে, শ্ৰীমতীয়ে মুখত কৃত্ৰিম হাঁহি এটা মাৰি ক’লে—“আহমেদ ঘৰত আছেনে বাৰু?”
“অঁ, তেওঁ পোন্ধৰ মিনিটমান আগতে কাম এটাত উলাই গ’ল নহয়, বাইদেউ”।
“কেতিয়া পাবহি?”
“ক’ব নোৱাৰিম, পিছে কি সকামত বা আহিলে?বহকচোন বহক৷”
“আহমেদে সাতমাহৰ আগতে এহাজাৰ টকা  ধাৰলৈ লৈছিল, আজি ঘূৰাই দিম, কাইলৈ ঘূৰাই দিম বুলি কৈও আজিলৈকে ঘূৰাই নিদিয়া হ’ল।আমাৰ ঘৰখনতো বৰ টকাৰ নাটনি হৈছে বুজিছে, আহমেদে আকৌ এশ টকা লোৱা নাই নহয়, এহাজাৰ টকা লৈছে।টকা ল’ব জানিলে ঘূৰাই দিবও জানিব লাগে!ঠিকেঠাকে, কাইলৈৰ ভিতৰত যদি টকা এহাজাৰ ঘূৰাই নাপাওঁ পুলিছত ৰিপৰ্ট দিম, গম পাইছে৷”
সাউৎকৈ শ্ৰীমতী আহমেদৰ চ’ৰাঘৰৰ পৰা গপগপাই ওলাই আহিল। তাইৰ মুখৰ ৰূপটো দেখি মোৰে কলিজাটো অকণকৈ কঁপি উঠিল।
এৰা, শ্ৰীমতীৰ কথাইচোন কাম দিলে। পিছদিনাই আহমেদে এহাজাৰ টকা ঘৰতে দি থৈ গ’ল।

No comments:

Post a Comment