"ছবিয়ে কথা কয়"
কিছু দিনৰ আগতে Binu Phukanবাইদেৱে এহাল বৰ্ষীয়ান দম্পতিৰ ফটোৰে স'তে এটা ষ্টেটাছ দিছিল৷ ফটোখন চাই ইমান মুগ্ধ হৈছিলো যে ফটোখন মই মোৰ ফেচবুক সময়-ৰেখাত শ্বেয়াৰ কৰিছিলোঁ৷ কিন্তু কালিৰ দেওবৰীয়া আবেলিটোত ফটোখনক কেন্দ্ৰ কৰি এটা কবিতা নতুবা গল্প লিখিবৰ মন গ'ল আৰু ফটোখন চাই চাই এটা পদ্যকে লিখি পেলালো --
"প্ৰেমৰ পদ্য"
--------------------
“তুমি বাৰু কল্পনা কৰিব পাৰিবানে
তোমাৰ অবিহনে মই আৰু মোৰ অবিহনে তুমি...."
--------------------
“তুমি বাৰু কল্পনা কৰিব পাৰিবানে
তোমাৰ অবিহনে মই আৰু মোৰ অবিহনে তুমি...."
প্ৰেমৰ কি যে অমিয়া ছন্দ!!
মনত আছে
পাহি পাহি ৰঙা গোলাপৰ দলিচা পাৰি
তোমাৰ বাবেই বাট চাই ৰোৱা দিনবোৰৰ কথা!
পাহি পাহি ৰঙা গোলাপৰ দলিচা পাৰি
তোমাৰ বাবেই বাট চাই ৰোৱা দিনবোৰৰ কথা!
প্ৰেমৰ সুৱাগুৰি সানি
তুমি যিদিনা আহিলা
সুৰীয়া বৰষুণৰ তালে তালে নাচি উঠিল দুখনি প্ৰেমাকুল হৃদয়৷
তুমি যিদিনা আহিলা
সুৰীয়া বৰষুণৰ তালে তালে নাচি উঠিল দুখনি প্ৰেমাকুল হৃদয়৷
সিদিনাৰে পৰা আমি দুয়ো হাতে হাত ধৰি আগবাঢ়িছোঁ -- এনেকৈয়ে
সুখ-দুখৰ চেতাৰখনি
বাজি ৰৈছে একেটি সুৰতে বন্ধা আমাৰ প্ৰাণত!
কাঁইটীয়া বাটতো ফুলিছে ফুল
শুনিছো জীৱনৰ অমিয়া সুৰ!
বাজি ৰৈছে একেটি সুৰতে বন্ধা আমাৰ প্ৰাণত!
কাঁইটীয়া বাটতো ফুলিছে ফুল
শুনিছো জীৱনৰ অমিয়া সুৰ!
সূদীৰ্ঘ বাটৰ আজি অপৰাহ্ন পৰতো
তোমাৰ লিহিৰী হাত মোৰ হাতৰ মুঠিত
আজিও ম্লান পৰা নাই বুকুৰ সেউজীয়া
ভাগৰি পৰা নাই প্ৰেমিক চৰাই
তোমাৰ লিহিৰী হাত মোৰ হাতৰ মুঠিত
আজিও ম্লান পৰা নাই বুকুৰ সেউজীয়া
ভাগৰি পৰা নাই প্ৰেমিক চৰাই
জনমে জনমে তুমি মোৰ আৰু মই তোমাৰ ৷৷
(এনে এখন ধুনীয়া ফটোৰ বাবে বিনু ফুকন বাইদেউলৈ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালো) Anupama Borgohain Bhairab Pawe
No comments:
Post a Comment