Wednesday 3 February 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
এখন কবি সন্মিলন ৷ কবিয়ে কবিতা গাইছে ৷ এজন কবিয়ে তেওঁৰ কবিতাৰ মাজত গাই গ'ল ---
"গিৰিপ গাৰাপ হাতীৰ খোৰা...."
হঠাতে এজন শুনোতা ঠিয় হ'ল আৰু কবিজনক প্ৰশ্ন কৰিলে--
"হেৰা কবি, হাতীৰ খোৰা কেনেকৈ থাকিবহে? তুমি কবিতাটো ভুলকৈ লিখিছা"
কবিয়ে গহীনাই উত্তৰ দিলে--
"ভুলকৈ লিখা নাই, এইয়া কবিৰ কল্পনা মহোদয়" ৷




মই উপস্থিত থকা কবি সন্মিলন এখনত এগৰাকী কবিৰ স্বৰচিত কবিতা পাঠ -" বুকুৰ পিয়াহ খোৱাই কাউৰীয়ে কুলি চৰাইক ডাঙৰ কৰাৰ দৰে ...।"" কবিক সুধিলোঁ - দাদা আপোনালোকৰ ফালে স্তন্যপায়ী কাউৰী আছে নেকি ? কবিৰ উত্তৰ - " হে হে তুমি কি যে কোৱা । কবিতাত যি মন যায় লিখিব পাৰি "।
                                        -- তৃপ্তি দাস

No comments:

Post a Comment