Monday 7 March 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি   :-
মাঘমাহত কচু থোৰ উলাই আহিন মাহত শেষ হ'ব ধৰে সেইকাৰণে কচু সদায় উলাওঁতে আৰু শেষ হ'ব ধৰোঁতে মানুহে খায়৷ সেয়ে এটি প্ৰবাদ আছে--" কচু সদায় উলাওঁতে খাবা আৰু সোমাওঁতে খাবা"৷
সিদিনা মহেন দদাইদেউৰ ঘৰলৈ বীৰু গৈছিল ৷ খুৰীয়েকে বীৰুক ক'লে--" হেৰৌ বীৰু, কচু উলাওঁতে আৰু সোমাওঁতে খাব লাগে বুজিছ'৷" -- এইবুলি কৈ খুৰীয়েকে তাক বাতি এটাত কচু তৰকাৰী অকণ টেষ্ট কৰিব দিলে ৷ বীৰুৱে বাতিটো লৈ পাকঘৰৰ পৰা উলাই বাহিৰত অলপ খায় আৰু ভিতৰলৈ সোমাই অলপ খায়-- এনেকৈ সি তাঁত-বাতি কৰি থাকিল৷ খুৰীয়েকে বীৰুক এনেকৈ ওলোৱা সোমোৱা কৰি থকা দেখি সুধিলে--
"তই যে ওলোৱা সোমোৱা কৰি আছ'?"
"কেলেই খুৰী আপুনিয়েইচোন কৈছে --কচু উলাওঁতে খাবা আৰু সোমাওঁতে খাবা"
বীৰুৰ কথাত খুৰীয়েকৰ মূৰটো ঘূৰোৱা যেন লাগিল৷

No comments:

Post a Comment