Friday 18 March 2016

"জন্মদিন"

"জন্মদিন"
(কনচেং ভিনদেউলৈ জন্মদিনৰ অযুত শুভকামনাৰে)
জন্মদিন মানেই

আইৰ উপচি পৰা সুখ
ৰামধেনুবৰণীয়া সপোন

জন্মদিন মানেই
পিতাইৰ চোতালৰ পোহৰ উৎসৱ
সপোনৰ দলিচাত বকুলৰ গোন্ধ ৷

যদিও
দুইৰ এক গ'ল থাকিল একৰ দৰে
জন্মদিনেও বীজগণিতীয় সূত্ৰ মানি চলে

তথাপি জন্মদিন মানেই যেন
প্ৰেয়সীৰ লিহিৰি হাতৰ পৰশ লাগি
চেতাৰত বাজি উঠা এটি সুৰৰ মূূৰ্ছনা!

অযুত শুভকামনাৰ পোহৰৰেখা
আনন্দময় গীতৰ লহৰ
এক লহমাৰ পাখিলাহী পখিলাৰ
মিচিকি হাঁহি৷

জন্মদিন মানেই
জীৱনৰ আদৰণি
আশা-প্ৰতিশ্ৰুতি-সপোন
জীৱন জীপাল হোৱা হেঁপাহৰ গান৷৷

No comments:

Post a Comment