Monday 7 March 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি
পটলুঙৰ কাহিনী--
এবাৰ ঘটোৱে পটলুং এটা চিলাবলৈ দৰ্জীক দিলে ৷ দৰ্জীয়ে পটলুংটো চিলালে যদিও ঘটোৰ বাবে পটলুংটো এবেগেত দীঘল হ'ল৷ দৰ্জীজনে এৰিব নোৱাৰা ব্যস্ততাৰ বাবে ঘটোক তেওঁৰ নিজৰ ঘৰতে পটলুংটো এবেগেত কাটি চিলাই ল'বলৈ ক'লে৷ ঘটো ঘৰলৈ আহিয়েই পোনেই গাভৰু জীয়ৰীৰ ওচৰলৈ গ'ল আৰু পটলুংটো এবেগেত কাটি চিলাই দিবলৈ ক'লে ৷ পিছে জীয়ৰীয়ে বিশেষ কাম এটাত লাগি থকাত দেউতাকক নিজেই নিজৰ কামটো কৰিবলৈ অনুৰোধ কৰিলে ৷ জীয়েক অমান্তি হোৱাত এইবাৰ ঘটো নিজৰ পৰিবাৰৰ কাষ পালেগৈ আৰু পৰিবাৰক পটলুংটো এবেগেত কাটি চিলাই দিবলৈ ক'লে৷ পৰিবাৰেও পাকঘৰৰ ব্যস্ততাৰ বাবে কামটো ঘটোকে নিজেই কৰি ল'বলৈ ক'লে ৷ উপায়- নাপাই ঘটোৱে নিজেই এবেগেত কাটি পটলুংটো নিজৰ জোখত চিলাই আলনাত জাপি থৈ দিলে৷ পিছদিনা পুৱাই জীয়েকে দেউতাকে তাইক কৰা মৰম-চেনেহৰ কথা সোঁৱৰি আলমাৰিত জাপি থোৱা পটলুংটো এবেগেত কাটি চিলাই মেলি আলমাৰিত জাপি থ'লে ৷ অলপ দেৰিৰ পিছত ঘটোৰ পৰিবাৰেও নিজৰ মানুহজনৰ মৰম-চেনেহৰ কথা সোঁৱৰি কোঠালৈ আহি আলমাৰিত জাপি থোৱা পটলুংটো এবেগেত কাটি চিলাই মেলি ধুনীয়াকৈ জাপি থ'লে ৷
পিছদিনা ঘটোৱে গাঁৱৰ সভালৈ যাবৰ বাবে পটলুংটো উলিয়াই পিন্ধিল৷ পিছে তেওঁৰ চকু কপালত উঠিল যেতিয়া তেওঁ দেখিলে যে পটলুংটো আঁঠুৰ ওপৰত পৰিছে....

No comments:

Post a Comment