Tuesday, 27 March 2018

“বৰুৱা আৰু বৰুৱাৰ পৰিবাৰ”

“বৰুৱা আৰু বৰুৱাৰ পৰিবাৰ”
“টুং” শব্দ কৰি বৰুৱাৰ হোৱাটচএপত মেচেজ আহিল৷বৰুৱাই দেখিলে এটা অচিনাকী নম্বৰৰ পৰা অহা মেচেজ৷বৰুৱাই প্ৰফাইল পিকচাৰ খন চালে—কোন হ’ব পাৰে!কিন্তু এইয়া কি?প্ৰফাইল ফটোখনৰ মানুহজন ইতিমধ্যে স্বৰ্গগামী হৈছে মানে প্ৰফাইল ফটোখনতো এখন ফটো আছে য’ত ফটোখনত এধাৰি মালা পিন্ধাই থোৱা আছে৷বৰুৱাই অচিনাকী নম্বৰত মেচেজ লিখিলে—
:কোন হয় বাৰু আপুনি? অনুগ্ৰহ কৰি পৰিচয়টো দিবচোন৷
:ওৱা,মই মোহন আকৌ!হেৰৌ মোহনক পাহৰিলি?
:অ’ মোহন৷হেৰৌ প্ৰফাইল ফটোখনত মৃতব্যক্তিৰ ফটো এখন দি থ’লে মই বাৰু কেনেকৈ চিনি পাম তই মোহন বুলি?
:অ’,সেইয়া মোৰ দদাইদেউ…আজি দদাইদেউৰ মৃত্যুবাৰ্ষিকী,সেয়ে ফটোখন দি থৈছোঁ৷
:আচ্ছা!!
“ফেচবুক,হোৱাটচএপত ভিন ভিন ব্যক্তিত্বৰ মানুহ দেখা যায়৷কিছুমান মানুহে এবাৰ প্ৰফাইল ফটো লগোৱাৰ পিছত কস্মিনকালেও ফটোখন আঁতৰাই নেপেলায়৷শিলৰ ৰেখা হৈ বহি ৰয় ফটোখন৷আৰু কিছুমান মানুহে ঘনে ঘনে প্ৰফাইল ফটো সলাই থাকে৷কিছুলোকে যদি এসপ্তাহৰ মুৰে মুৰে সলাই কিছুলোকে আকৌ দিনতে দহবাৰমান সলায়৷চখ!!এইয়াইটো চখেই আৰু৷”—বৰুৱাই ভাবে৷
বৰুৱাৰ পৰিবাৰেও আকৌ দুদিনৰ মুৰে মুৰে প্ৰফাইল ফটো সলাই ভাল পায়৷ভেলেন্টাইন ডে আৰু বিবাহবাৰ্ষিকীৰ দিনা তেওঁলোকৰ যুগ্মজীৱনৰ ফটোখন প্ৰফাইল ফটো হিচাপে লগাই থয়৷নিজৰ সন্তানৰ জন্মদিনত সন্তানৰ ফটোখন লগাই থয়৷বৰুৱাই পিছে হোৱাটচএপৰ জন্মতে যিখন ফটো লগালে সেইখন আৰু আজিলৈকে সলোৱাই নাই৷প্ৰফাইল ফটো ঘনে ঘনে সলোৱাটো সৰু ল’ৰা-ছোৱালীৰ কাম যেন লাগে বৰুৱাৰ!
ফেচবুকতো একেই৷বৰুৱা আৰু বৰুৱাৰ পৰিবাৰৰ আকাশ-পাতাল পাৰ্থক্য৷ফেচবুকৰ প্ৰফাইল ফটোখনো বৰুৱাই ফেচবুক খোলা দিনাই যি লগালে তাৰপিছত আৰু সলোৱাই নাই কিন্তু বৰুৱাৰ পৰিবাৰে আজিৰ তাৰিখলৈকে এহাজাৰতকৈও ওপৰৰ প্ৰফাইল ফটো সলালে৷বৰুৱাই ৰাতি এবাৰেই ফেচবুক চায়৷অকল চাইহে!! ক’তো লাইক-কমেন্ট দিয়াৰ নাম-গোন্ধ নাথাকে৷পিছে বৰুৱাৰ পত্নীয়ে দিনে দহবাৰতকৈ ওপৰৰ আপডেট দিয়ে৷নিজৰ ফেচবুক ফ্ৰেণ্ডৰ সকলোৰে আপডেটত লাইক-কমেন্ট দিবলৈ নাপাহৰে৷নিজৰ আপডেটতো কিমানজনে লাইক দিলে,কোনে কোনে লাইক দিলে সকলোবোৰ পৰীক্ষা-নিৰীক্ষা কৰে৷প্ৰথম প্ৰথম ফেচবুক খুলোঁতে বৰুৱাৰ পৰিবাৰৰ মনটো লাইক-কমেন্টৰ হিচাপেৰে উঠা-নমা কৰিছিল৷যদি ফটো এখনত লাইক তেনেই কম আৰু কমেন্ট নাথাকে তেন্তে পাকঘৰত চাহ বনাই থাকোঁতেও পৰিবাৰৰ মুখখন ওন্দোলা মেঘৰ দৰে হৈ থাকিছিল৷তাৰোপৰি বেষ্টফ্ৰেণ্ড কেইগৰাকীয়ে কমেন্ট নিদিলেটো ৰাতিও ট ট কৈ চকু মেলি চিন্তা কৰি ৰৈছিল – আজি আৰতি,প্ৰবীনাহঁতে মোৰ ফটোখনত কেলেইনো কমেন্ট নিদিলে বাউ??আজিকালি বিজুৱে যে মোৰ কোনো আপডেটতেই লাইক নিদিয়া হ’ল!!বৰুৱাৰ পৰিবাৰে মাজতে বিয়াগোম বিয়াগোম সাহিত্যিক কেইগৰাকীমানকো নিজৰ ফেচবুক ফ্ৰেণ্ড লিষ্টত আনিছিল আৰু তেওঁলোকৰ আপডেট দেখাৰ লগে লগেই লাইক-কমেন্ট দিবলৈ তৎপৰ হৈ পৰিছিল কিন্তু নিজৰ লাইক-কমেন্টৰ গণ্ডাই গণ্ডাই হিচাপ ৰখা মানুহজনীয়ে যেতিয়া দেখিলে যে সেই বিয়াগোম সাহিত্যিক কেইগৰাকীয়ে ভুলতো তেওঁৰ আপডেটত লাইক এটা নিদিয়ে সেয়ে এদিন বৰুৱাৰ পৰিবাৰ প্ৰচণ্ড অভিমানত ফাটি পৰিল আৰু একেকোবতে ব্লকায়েই দিলে৷পিছে আজিকালি বৰুৱাৰ পৰিবাৰ বৰ সংযমী হৈ পৰিছে৷বহু বছৰীয়া ফেচবুকৰ ধুমুহা-বৰষুণৰ অভিজ্ঞতাৰ অন্তত লাইক-কমেন্টে টলাব নোৱাৰাকৈ ব্যক্তিত্ব গঢ়ি তুলিছে তেওঁ৷পৰিবাৰৰ পৰিৱৰ্তন দেখি বৰুৱাই আজিকালি গোঁফৰ তলতে মিচিকিয়াই হাঁহে৷
এদিন বৰুৱাই নিজৰ ফেচবুক পেজ খুলি পৰিবাৰক নিজৰ বন্ধুৰ পৰিয়ালৰ ফটো দেখাই আছিল৷হঠাতে বৰুৱাৰ পৰিবাৰ ফেটীসাপে ফঁচ কৰা দি ফচফচাই উঠিল৷
:বন্ধুৰ পৰিয়ালৰ ফটোযে দেখুৱাইছা!!নিজৰ পৰিয়ালৰ ফটো কেতিয়াবা ফেচবুকত আপল’ড কৰি পাইছা??আমাৰ যুগ্মফটো কেতিয়াবা প্ৰফাইল পিকচাৰ কৰি পাইছা??? হুঁহ!!মইহে গোটেই জগতখনকে দেখুৱাই থাকোঁ!!
বৰুৱাই গম পালে মানুহজনীয়ে ইমানদিনে তেওঁৰ ওপৰত অভিমানৰ পাহাৰ গঢ়াই থৈছে৷ফটো আপল’ড কৰিবলৈ এলাহ কৰা বৰুৱাই পৰিবাৰৰ অভিমান ভাঙিবলৈকে লেপটপটো খুচৰি থাকিল –তেওঁলোকৰ যুগ্ম ফটো এখন বিচাৰি৷

Monday, 26 March 2018

গল্ফীৰ ডায়ৰি

গল্ফীৰ ডায়ৰি:
সৰুখুৰীয়ে বনকৰা ল'ৰা ভাইক ক'লে-- "তই কাইলৈ চাৰক বেড টি দিবলৈ নাপাহৰিবি বুজিছ', মই নাথাকিমযে সেই কাৰণে ক'লো৷"
ভায়ে পিছদিনা ৰাতি বাৰ'বজাত খুৰাৰ শোৱা কোঠাৰ দুৱাৰত টোকৰ মাৰিলে৷ খুৰাই খকমককৈ সাৰ পাই টোপনিৰ জালতে দুৱাৰ খুলি দেখে হাতত চাহৰ ট্ৰে লৈ ভাই!!
খুৰা: কি হ'ল তোৰ?-- ভ্ৰু কোঁচাই
ভাই: চাৰ, বেড টি..

Sunday, 25 March 2018

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
মাকনী পেহীৰ যাৰ ঘৰলৈকে নাযাওক কিয় চেণ্ডেল খুলিহে ভিতৰ সোমোৱা অভ্যাস৷এদিন পেহীয়ে সেই অভ্যাসবশতে চেণ্ডেল খুলি বাছত উঠি শিৱসাগৰৰ পৰা যোৰহাট পালেগৈ৷

Sunday, 11 March 2018

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
গোপালে ফৰ্মখন ফিলআপ কৰি চাৰৰ ওচৰত গৈ সুধিলে--
"চাৰ,ফৰ্মখনৰ লগত ফেচবুকৰ প্ৰথম পেজটোৰ জেৰক্স কপি এটা গাঠি দিম?"
চাৰে তালৈ টেলেকাকৈ চালে আৰু ক'লে -- "হেৰৌ গাধ', কিমানবাৰ ক'ব লাগে পাছবুকৰ প্ৰথম পেজটো বুলি!!!"

দুটি দৃশ্যপট

দুটি দৃশ্যপট

(১)
“টানিষ্কাৰ দিনপঞ্জী”
টানিষ্কাই হোৱাটচাপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে--
:আই লাভ ইউ….শুই যোৱা জান
:আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷
টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷
কলেজ বন্ধ৷ৰাতি দেৰিলৈকে পঢ়ি থকা বুলি ভবা টানিষ্কাৰ মাকে টানিষ্কাক ৰাতিপুৱা সোনকালে নজগালে আৰু তাই এঙামুৰি এটা দি এঘাৰ বজাত বিচনাৰ পৰা উঠিল৷উঠিয়েই গাৰুৰ তলত থোৱা এন্ড্ৰইড স্মাৰ্ট ফোনটো হাতত তুলি লৈ হোৱাটচাপ খুলিলে আৰু পাৰ্থিৱলৈ মেচেজ দিলে –
:জান,উঠিলানে?
নাই,পাৰ্থিৱে মবাইল ডাটা অনেই কৰা নাই…তাৰমানে সি উঠাই নাই….তাৰপিছত তাই ইনা,মীনা,টিনা,অংশু সকলোলৈ হোৱাটচাপত গুড মৰ্ণিং দিবলৈ লাগি গ’ল৷বিশজন বন্ধু-বান্ধৱী আৰু দহটা গোটলৈ দিনটো শুভ হোৱাৰ শুভ-বাৰ্তা পঠিয়াই উঠি থাওকতে ফেচবুকটোও চাই ল’লে৷আগদিনা আপল’ড কৰা “ৰসে চৌ চৌ” ৰেষ্টুৰেন্টত পাৰ্থিৱৰ স’তে চেল্ফি তুলা ফটোখনৰ লাইক কিমানটা পালে আৰু কোনে কোনে লাইক দিলে সকলোবোৰ চাই মেলি স্মাৰ্ট ফোনটো চাৰ্জত দি তাই শোৱা কোঠাৰ পৰা ওলাই গৈ মুখত ব্ৰাছ ভৰালে৷ঘপাঘপ দাঁত ব্ৰাছ কৰি ঘুট ঘুট কৈ পানী এগিলাছ খাই পুনৰ চাৰ্জত দিয়া ফোনটোৰ ওচৰ পালেহি৷পাৰ্থিৱে মেচেজ পঢ়িলেনে নাই চালে!!নীলা ৰঙৰ ৰাইট চিন দুটা দেখি তাইৰ মুখখন উজ্বলি উঠিল৷
:মাজনী,গাখীৰ গিলাচ খাই লোৱা – মাকে চিঞৰিলে
:অঁ গৈছোঁ মা….এইবুলি কৈ ফোন টিপি টিপি তাই ডাইনিং টেবুলত বহিল৷
পাৰ্থিৱে চোন মেচেজ দিয়া নাই! কপাল থুপ খালে তাইৰ!হুঁহ!আজি দিম মজা!—ভাবিলে তাই
ফোনটোত চকু থৈ থৈয়েই তাই গাখীৰ গিলাচ খাই শেষ কৰিলে৷তাৰপিছত ফোনটো পুনৰ চাৰ্জত দি গা ধুবৰ বাবে বাথৰূমত সোমাল৷গা ধুই উঠি কাপোৰ কেইটা চাদত মেলি পুনৰ আহি ফোনটো টিপিলেহি—পাৰ্থিৱৰ ফোন-মেচেজ আহিছে নেকি চালে৷
:দেহা,দুই বজাত ওলাই আহিবা…ৰসে চৌ চৌত বহি কথা পাতিম৷আই লাভ ইউ দেহা …মই ৰৈ থাকিম দেই৷
পাৰ্থিৱৰ মেচেজৰ উত্তৰ লিখিলে তাই—
:k
:খং কৰিছা নেকি দেহা..কে বুলি লিখিলা যে?তুমি খং উঠিলেই বেয়া মাতষাৰ মাতা নহয়!!খং নকৰিবা প্লীজ… ---- পাৰ্থিৱৰ পৰা মেচেজ আহিল৷
:কে মানে অ’কে -- গাঁৱলীয়া ভূত মিষ্টাৰ পাৰ্থিৱ বৰুৱা…তুমি যে এতিয়াও মডাৰ্ণ হ’বই পৰা নাই৷--- টানিষ্কাই পাৰ্থিৱৰ মেচেজৰ উত্তৰ দিলে৷
:হাই, তোমাৰ ডিপিখন যে ইম্মান ধুনীয়া লাগিছে! –টিনাৰ মেচেজ আহিল টানিষ্কালৈ
:Tysm --টানিষ্কাই লিখিলে৷
তাৰপিছত ভাত-পানী খাই স্কুটিখন লৈ দুই বজাত টানিষ্কা ওলাই গ’ল৷ওলাই যাওঁতে মাকে তাইক গধূলি বিয়া এখন খাবলৈ যাব লাগিব বাবে সোনকালে আহিবলৈ তাগিদা দিলে৷
“অক্কে মাম্মী” বুলি কৈ টানিষ্কাই স্কুটি লৈ মাকৰ চকুৰ পৰা নেদেখা হ’ল৷
গধূলি মাকৰ স’তে টানিষ্কা বিয়া ঘৰ পালেগৈ৷কইনাই লগৰ বান্ধৱীবোৰৰ স’তে,পৰিয়ালৰ লোকৰ স’তে চেল্ফি তোলাত ব্যস্ত৷টানিষ্কাৰো মনটো উচপিচাই থাকিল কেতিয়াকৈ কইনাৰ স’তে চেল্ফি এখন তুলি ফেচবুকত আৰু হোৱাটচাপত পঠাব পাৰে!! অৱশেষত কোনোবা এপাকত মাকৰ কাষৰ পৰা উঠি গৈ মুখখন জোঙা কৰি কইনাৰ স’তে চেল্ফি এখন তুলি ল’লে তাই৷চেল্ফিখন তুলি আহিয়েই মাকৰ কাষত বহি পাৰ্থিৱলৈ ফটোখন পঠালে আৰু মেচেজ লিখিলে –
:মোক কেনে দেখিছা জান?
:ৱাও!মোৰ বিশ্বসুন্দৰীজনী!তামাম লাগিছে তোমাক
টানিষ্কাই পাৰ্থিৱক চুমা ইম’জি কেইটামান দি স্মাৰ্টফোনটো সামৰি থ’লে৷
বিয়াঘৰৰ পৰা উভতি আহি থাকোঁতে টানিষ্কা বিয়াঘৰত তোলা ফটোবোৰ ফেচবুকত আপল’ড কৰাত ব্যস্ত হৈ পৰিল৷
:থ’চোন তোৰ ফোনডাল৷কেতিয়াবা মন যাব থেকেচি ভাঙি পেলাম – মাকে বিৰক্তিৰে কৈ উঠিল
মাকৰ বিৰক্তি ভৰা মুখখন দেখি তাই ফোনটো বেগৰ ভিতৰত ভৰাই থ’লে আৰু মাকক সাৱটি ধৰি চুমা এটা খাই দিলে যাতে মাকৰ খং নিমিষতে অন্তৰ্ধান হয়৷
ৰাতি শুবলৈ লৈ টানিষ্কাই হোৱাটচাপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে--
:আই লাভ ইউ….শুই যোৱা জান
:আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷
টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷
(২)
“টানিষ্কাৰ অভিমান”
অৱশেষত টানিষ্কাৰ বিয়াখন পাৰ্থিৱৰ লগতে হ’লগৈ৷টানিষ্কা-পাৰ্থিৱ মানে জান-দেহাৰ মৰমবোৰ বিয়াৰ দুবছৰৰলৈকে ভালদৰেই বৰ্তি থাকিল৷লাহে লাহে টানিষ্কাই মন কৰিলে পাৰ্থিৱে দেখোন সিহঁতৰ জীৱনৰ স্পেচিয়েল দিনবোৰ মনত নাৰাখে৷নিজৰ জন্মদিনটো বাদেই টানিষ্কাৰ জন্মদিনটোও মনত পেলাই নিদিলে মনতেই নপৰে তাৰ৷সেয়েহে প্ৰতিটো জন্মদিন,বিবাহ-বাৰ্ষিকীত টানিষ্কাৰ মুখখন এপাচি হৈ থকা হ’ল৷তথাপিও পাৰ্থিৱৰ পৰা মৰম-আদৰ পোৱা হেঁপাহবোৰ টানিষ্কাৰ নকমিল৷
পাৰ্থিৱে অফিচলৈ যোৱাৰ সময়ত পাৰ্থিৱৰ চোলাৰ বুটামকেইটা তাইয়েই লগাই দিয়ে আৰু মনে মনে আশা কৰি থাকে পাৰ্থিৱে তাইক মৰমতে গালতে টপককৈ চুমা এটা দিব৷পিছে তেনেধৰণৰ ৰোমান্টিক একো নহয়৷পাৰ্থিৱে তাইৰ মুখলৈ চাই মিচিক কৈ হাঁহি এটা মাৰি অফিচলৈ যাবলৈ বুলি গাড়ী ষ্টাৰ্ট দিয়ে৷তাই বাৰাণ্ডাৰ পৰা পাৰ্থিৱৰ চকুলৈ চাই ৰয়৷সেইসময়তে সিহঁত দুটাৰ মাজত বনকৰা ছোৱালী ৰেবা আহি থিয় হয়হি৷
“এই আকৰীজনী আঁতৰ!!” –টানিষ্কাই মনতে ভুৰভুৰাই৷পাৰ্থিৱে মূৰটো সামান্য বেকা কৰি টানিষ্কাক হাতেৰে বাই দি অফিচলৈ ৰাওনা হয়৷পাৰ্থিৱ যোৱাৰ পিছত তাইৰ মুখখন ওন্দোলা মেঘৰ দৰে হয়৷পাৰ্থিৱে তাইক আগৰদৰে মৰম নকৰে,আগৰদৰে দেহা বুলিও নামাতে –এইকথা ভাৱি হুমুনিয়াহ কাঢ়ে তাই৷ক্ৰমশ অভিমানৰ পাহাৰ বাঢ়ে৷
:মোৰ ফালে পিঠি দি কিয় শোৱা আজিকালি?পিঠি দি শুলে মোৰ অকলে শুই থকা যেন লাগে৷ –পাৰ্থিৱে ৰাতি টানিষ্কাক সুধে
:হুঁহ! – মুখখন বেকা কৰি টানিষ্কাই সামান্য গা টো লৰচৰ কৰে৷
:মই কিবা জগৰ লগালো নেকি?মইচোন নিজেই গম নাপাওঁ – পাৰ্থিৱে কয়
:কি জগৰ লগাই আছা নিজক এবাৰ সুধা –এইবুলি কৈ টানিষ্কাই খঙত গাৰুটো জোৰকৈ সাৱটি ধৰে৷
:তোমাৰ মহিমা তুমিহে জানা –এইবুলি কৈ পাৰ্থিৱেও টানিষ্কাৰ ফালে পিঠিটো দি শুই যায়৷
অভিমানৰ পাহাৰ গঢ়াই গঢ়াই টানিষ্কা-পাৰ্থিৱৰ সংসাৰখন চলি থাকে৷আৰু দুদিনৰ পাছতে সিহঁতৰ তিনিবছৰীয়া বিবাহ-বাৰ্ষিকী৷টানিষ্কাই ভাবি আছে বিবাহ-বাৰ্ষিকীৰ দিনা পুৱাই মন্দিৰ যাব৷ কেকৰ অৰ্ডাৰ দিব৷গধূলীলৈ ওচৰ-চুবুৰীয়াক মাতি কেক কাটি এসাজ খোৱাব৷
বিবাহ-বাৰ্ষিকীৰ আগদিনা দেওবাৰ পৰিল৷পাৰ্থিৱে হঠাতে টানিষ্কাক ক’লে—
:“আজি মন্দিৰৰ পৰা আহোঁগৈ ব’লা৷”
:আজি কিয় যোৱা?কাইলৈ যাম আকৌ!—টানিষ্কাই কঁপাল থুপাই কৈ উঠিল৷
:কাইলৈ অফিচ আছে,ক’তনো সময় পাম!দেখিছাই দেখোন মোৰ ককালৰ বিষ৷সেয়ে সময় পাওঁতেই মন্দিৰত চাকি এগছ দি আহোঁ বুলি ভাবিছোঁ – পাৰ্থিৱে কৈ উঠিল
টানিষ্কাই পাৰ্থিৱৰ কথাত পাক্কা গম পালে সি যে বিবাহ-বাৰ্ষিকীৰ তাৰিখ পাহৰি আছে৷প্ৰচণ্ড অভিমানত টানিষ্কাৰ খংটো উঠি আহিল৷
:মন্দিৰলৈ তুমিয়েই যোৱা৷মই নাযাওঁ –টানিষ্কাই কঠিন সুৰত কৈ উঠিল
:তুমি সদায় সদায় ইমান খেং খেং কিয় কৰি থাকা? এনেই নকয় –বিয়াৰ পিছত ঘৈণীজনী সূৰ্যমুখী তাৰপিছত চন্দ্ৰমুখী আৰু শেষত জ্বালামুখীলৈ ৰূপান্তৰ হয় বুলি!তুমিয়েই এটা উদাহৰণ৷—পাৰ্থিৱে উষ্মাৰে কৈ উঠে৷
:জ্বালামুখী কোনে কৰে?তোমালোকৰ দৰে হাজবেণ্ড বোৰেই কৰে৷—এইবুলি কৈ উচাট মাৰি টানিষ্কা আঁতৰি যায়৷
অৱশেষত পাৰ্থিৱে অকলেই মন্দিৰ যাবলৈ ওলাল৷পাৰ্থিৱ যোৱাৰ পিছত টানিষ্কাই টিভিৰ সন্মূখত বহি হাতত ৰিমটটো লৈ টিভিৰ চেনেলবোৰ সলাই থাকিল এনেয়ে৷হঠাতে তাই “peace of mind” চেনেলটোত ৰৈ গ’ল৷বি কে শিৱানীয়ে দিনটোৰ মন্ত্ৰ হিচাপে এইকেইষাৰ কথা জপ কৰিবলৈ কৈ আছিল –“I am a divine soul.I,the soul full of God’s love and purity.I accept everyone as they are.” ……I accept everyone as they are –এইষাৰ কথা আকৌ এবাৰ উচ্চাৰণ কৰিলে টানিষ্কাই৷এৰা,মইচোন পাৰ্থিৱক সি যেনেকুৱা তেনেকৈয়েই মানি ল’ব পাৰোঁ,মিছাতে তাৰ পৰা বহু কিবাকিবি আশা কৰি থাকোঁ কিয়?তাৰ পৰা মৰম আদৰ পাম বুলি ভাবি থকাতকৈ ময়েচোন তাক মৰম আদৰ কৰিব পাৰোঁ!!মই যে তাৰপৰা মৰম আব্দাৰৰ আশাবোৰ কৰি থাকোঁ সি জানো গম পায়!! “peace of mind” চেনেলত পুনৰ এগৰাকীয়ে কৈ উঠিল – যিবোৰ কথাই আমাক প্ৰায়ে হতাশ কৰে,দুখী কৰে সেইবোৰ কথা সদায় বাৰে বাৰে ঘটি থকা পুৰণি কথা (Nothing new) বুলি ভাবি তাতে ফুলষ্টপ দি দিব লাগে,ধৰি থাকিব নালাগে আৰু চাপমুক্ত হৈ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব লাগে৷
মনটো ফৰকাল লাগিল টানিষ্কাৰ৷তাই পাৰ্থিৱ অহালৈ বাট চাই ৰ’ল৷পাৰ্থিৱৰ ওচৰত ক্ষমা খুজিব তাই ইমানদিনে তাৰ ওপৰত হোৱা অভিমানবোৰৰ বাবে আৰু তাক দিয়া দুখ বোৰৰ বাবে৷

Sunday, 4 March 2018

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:
হিমুৱে অসমীয়া বিষয়টো বৰ টান পায়৷ সিদিনা পৰীক্ষাত অসমীয়া প্ৰশ্নকাকতত আহিল-- তোমাৰ প্ৰিয় গ্ৰন্থখনৰ নাম লিখা আৰু গ্ৰন্থখনৰ বিষয়ে সংক্ষেপে লিখা৷
হিমুৱে মুখত কলমটো কামুৰি কামুৰি বহুত ভাবি ভাবি অৱশেষত লিখিলে -- "মোৰ প্ৰিয় গ্ৰন্থখনৰ নাম -- মহাভাৰত৷ গ্ৰন্থখনৰ বিষয়ে সংক্ষেপে এয়ে যে -- "মহাভাৰত এখন চিত্ৰ-বিচিত্ৰ পখিলী৷"

Saturday, 3 March 2018

চাকনৈয়া”

“চাকনৈয়া” সৰু পাণদোকানখনত থিয় হৈ সৌৰভে এটা চিগাৰেট জ্বলালে। এইকেইদিন তাৰ চিগাৰেটৰ মাত্ৰা বাঢ়ি গৈছে, বহুদিন দাড়িখুৰাবলৈও যেন পাহৰিছে। পাণদোকানখনৰ চিনাকী দোকানীজনে তালৈ অলপ সময় চাই থাকি সুধিয়েই পেলালে—“ কি হে ডেকাল’ৰা, কিবা চিন্তাত পৰিছা যেন পাওঁ!!” সি দোকানীজনলৈ চাই হাঁহি এটা মাৰি আঁতৰি আহিল। সি নদীখনৰ পাৰলৈ যাব পৰা লুঙলুঙীয়া নিজান বাট টোৰে আগবাঢ়িল। এইসময়ত সি নিজকে পৃথিৱীৰ আটাইতকৈ নিসংগ মানুহজন যেন অনুভৱ কৰিলে।অসহায় ভাৱ এটাই তাক অশান্তি দি থাকিল।সি আগবাঢ়ি গৈ নদীখনৰ পাৰ পালেগৈ।শিল এচটাত সি বহি পৰিল। নীলা আকাশ, নিৰৱে বৈ থকা নদী, উৰি যোৱা এজাক চৰাই..একোৱে তাৰ মনটোক ভাল লগাব নোৱাৰিলে। এৰা,ঘৰখনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ তাক এটা চাকৰিৰ বৰ প্ৰয়োজন।এখন প্ৰাইভেট স্কুলত খাটি থকা তাৰ দুবছৰমানেই হ’ল।মাহেকত যি কেইটা পাই সেইকেইটা টকাৰে তাৰ হাত-মুখ ধুবলৈও নাটে। এসময়ত স্কুলৰ মেধাৱী ছাত্ৰ বুলি সি সকলোৰে পৰিচিত আছিল। পঢ়া-শুনা, খেলা-ধূলাৰ পৰা ধৰি সি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও বিপুল ভোটত জয়ী হৈছিল; একপ্ৰকাৰে সি আছিল অল ৰাউণ্ডাৰ! সি কাৰোবাৰ কাৰোবাৰ বাবে আছিল “আদৰ্শ ছাত্ৰ”..তাৰ উদাহৰণ দি এজন অভিভাৱকে কোৱা তাৰ আজিও মনত পৰে..”যি মূলা বাঢ়ে তাৰ দুপাততে চিন”, এবাৰ ৰাজ্যিক ভিত্তিত হোৱা “তৰ্ক প্ৰতিযোগিতাত” প্ৰথম হৈ সি তাৰ জিলাখনৰ, স্কুলখনৰ গৌৰৱ বঢ়াইছিল।সঁচাই, সেইদিনবোৰ মনত পৰিলে তাৰ এতিয়া সপোন সপোন যেন লাগে।মাক-দেউতাকেও তাক লৈ গৌৰৱ কৰিছিল; সকলোৰে আশা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সি অসমৰ ভিতৰতে নাম কৰি উত্তীৰ্ণ হ’ব; পিছে সি সকলোৰে আশাত চেঁচাপানী ঢালি মাথোঁ প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হৈছিল।ইয়াৰ পিছত সি কলা শাখাত ভৰ্তি হ’ব নে বিজ্ঞান শাখাত ভৰ্তি হ’ব সেই লৈ ঢেৰ গুণা-গঁঠা হ’ল। পিছে দেউতাকৰ মন আছিল তাক ডাক্তৰী পঢ়োৱাৰ আৰু সিও দেউতাকৰ সপোনকে বোকোচাত লৈ বিজ্ঞান শাখাত ভৰ্তি হ’ল।কিন্তু সি অনুভৱ কৰিলে যে কলা শাখাতহে তাৰ ৰাপ বেছি। গল্প, কবিতা, ইতিহাস আদি বিষয়ত নিচা থকা সৌৰভে অতি কষ্টেৰে ৰসায়নবিদ্যা, পদাৰ্থবিদ্যা, অংকবিদ্যা পঢ়িবলগা হ’ল। এবাৰ কলাবিভাগে আয়োজন কৰা “কবিতা কৰমশালা”ত সি তাৰ বহুমূলীয়া বিজ্ঞানৰ ক্লাছ খতি কৰি কৰমশালাত যোগ দিছিল।বিজ্ঞানৰ ফৰ্মূলাবোৰ তাৰবাবে তিতা হৈ আহিছিল; সকলোবোৰ যেন সি গোটে গোটে গিলি হজমহে কৰিছিল আৰু যেতিয়া বিষয়বোৰত সি কম নম্বৰ পাবলৈ আৰম্ভ কৰিলে আৰু তাতকৈ পঢ়া-শুনাত বেয়া বুলি ভবা ল’ৰাবোৰে যেতিয়া তাতকৈ আগবাঢ়ি গ’ল তেতিয়া তাৰ জীৱনলৈ প্ৰথমবাৰৰ বাবে নিৰাশাৰ ডাৱৰ নামি আহিছিল।তাৰ জীৱনৰ গৰাখহনীয়াও যেন তেতিয়াই আৰম্ভ হৈছিল!! সি বহুত কষ্ট কৰি প্ৰথমবিভাগ ল’লে, কিন্তু তাৰ মনৰ সন্তুষ্টি একেবাৰে নাছিল।তাৰ মনৰ এই যুঁজ আৰু ধুমুহাৰ কথা সি কাকো কোনোদিন নজনালে। তাৰপিছত সি কিজানি জীৱনৰ দ্বিতীয় ভুলটো কৰি পেলালে—এই মুহুৰ্তত সি তেনেকৈয়ে ভাবে।দেউতাকৰ সপোনখিনিক মাটিত পেলাই সি প্ৰাণী বিজ্ঞান বিভাগত নাম লগালে।ঘনআঁউসীৰ ৰাতিয়ে তাৰ কিজানি পিছ এৰা নাছিল।সি প্ৰথম বাৰৰ বাবে পৰীক্ষাত অনুত্তীৰ্ণ হ’ল।কোনোদিন নাহাৰো বুলি ভবা সৌৰভে মহাবিদ্যালয়ৰ পৰীক্ষাত হাৰি গৈছিল। তাৰ চিগাৰেটৰ আৰম্ভণি কিজানি তেতিয়াৰ পৰাই আৰম্ভ হৈছিল।এৰা, সি এবছৰ হেৰুৱাই আকৌ পৰীক্ষাত বহিছিল। আজিও অনুভৱ কৰে সি সেয়াই কিজানি আছিল তাৰ যন্ত্ৰণাৰ আদিপাঠ।এতিয়াও সি খেপিয়াই চাব বিচাৰে নিৰাশাত উখহা দুখ। তাৰ লগৰ বিজয়ে বিজ্ঞান শাখাৰ পৰা কলাশাখাত ভৰ্তি হৈ ডিষ্ট্ৰিংশ্যনসহ বি. এ পাছ কৰিছিল, কিন্তু সি বিজয়ৰ দৰে উভতিও যাব নোৱাৰিলে অথচ নৈৰাশ্যবোধৰ কীটাণুৱে তাৰ মন-মগজু খুলি খুলি খালে।এনেকৈয়ে সি কেৰেলুৱাৰ গতিৰে বি.এছ.ছি পাছ কৰিলে কিন্তু মাষ্টাৰ ডিগ্ৰীৰ বাবে তাৰ নম্বৰৰ নাটনি হ’ল। হঠাত চৰাই এটাই নদীখনৰ পৰা মাছ এটা লৈ উৰা মাৰিলে। সি বহি থকাৰ পৰা সৰু শিলগুটি এটা নদীখনলৈ বুলি দলিয়াই দিলে।শিলগুটি টোৱে পানীত তৰংগৰ সৃষ্টি কৰিলে;তাৰ মনত পৰিল স্কুলীয়া দিনত “তৰংগ”ৰ সংজ্ঞা পঢ়া দিনবোৰলৈ।সি আকৌ পকেটৰ পৰা চিগাৰেটৰ পেকেটটো ওলিয়ালে...মাত্ৰ এটাহে আছে। কিবা এটা ভাবি সি আকৌ পেকেট টো পকেটত ভৰাই থলে। তাৰ তৰালৈ মনত পৰিল। ঘৰত আৰামত উঠা ছোৱালীজনীয়ে কি যে কষ্টেৰে দিন কটাইছে এতিয়া! মাথোঁ ভালপায়েই তৰাই দিগন্তৰ লগত বিয়া সোমালে; বিয়া পাতোঁতে দিগন্তই এম.এ টো পাছ কৰি নিবনুৱা হৈয়েই আছিল...তেনেকৈয়ে সিহঁতৰ সংসাৰ আৰম্ভ হ’ল।তাৰপিছত সি তৰা-দিগন্তৰ অভাৱী সংসাৰখন ভালকৈয়ে দেখা পাইছে, তৰাৰ চকুৰ লোতক দেখিছে সি! জোনালী;তৰাৰ সখী জোনালী! জোনালীৰ মুখেৰেই সি তৰাৰ খবৰ পাই থাকে। জোনালীৰ কথা ভাবি সি এটা দীঘল হুমুনিয়াহ এৰিলে; জোনালীক সি ভাল পায়, জোনালীয়েও তাক ভাল পায়, কিন্তু জোনালীক সি কোন স’তেৰে বিয়া পাতে? তাইক বিয়া কৰিম বুলি কবলৈ তাৰ সাহস নোহোৱা হৈছে অথচ জোনালীৰ বিয়াৰ বয়স হৈছে আৰু তাইৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহিব লৈছে! সি যেন আজি তাৰ ভালপোৱাও হেৰুৱাব!! এইয়া কি তাৰ জীৱনৰ তৃতীয়টো ভুল হ’ব ? – ভাবে সৌৰভে।সি তাৰ শেষ অৱশিষ্ট থকা চিগাৰেটৰ পেকেটটো আকৌ পকেটৰ পৰা ওলিয়াই আনিলে, চিগাৰেটটো জ্বলাই মুখত দিলে; কথাবোৰ দীঘলকৈ ভাবি তাৰ মনটো চোন অলপ পাতল পাতল লাগিল!

এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল”

এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল” “মাক এনেকৈ আৰু যত্ন লৈ থাকিব নোৱাৰোঁ দেই! তাতকৈ মাক বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ ব’লা..আমাৰ সময়ো বাচিব....”। বোৱাৰীয়েকে পুত্ৰক কোৱা কথাষাৰ মাক সাবিত্ৰীৰ কাণত আহি পৰিলহি।কিবা এক বুজাব নোৱাৰা বিষাদে সাবিত্ৰীৰ মনটো আৱৰি ধৰিলে। অলপ দিনৰ পৰা সাবিত্ৰীৰ গোটেই শৰীৰতে বিষ হৈছে, কাৰোবাৰ সহায় নোলোৱাকৈ নিজে বিচনাৰ পৰা উঠিব নোৱাৰা হৈছে।সত্তৰৰ দেওনা পাৰ হৈছে সাবিত্ৰীৰ;বেমাৰে তাইক বয়সতকৈ আৰু অলপ বেছিকৈহে যেন বুঢ়া কৰি তুলিছে।তাইৰ দুটা সন্তান; ছোৱালীজনীক দূৰলৈ বিয়া দিলে।স্বামী দয়ানন্দ কাকতি চাৰি বছৰৰ আগতে এই সংসাৰৰ পৰা বিদায় মাগিলে।সাবিত্ৰী অকলশৰীয়া হৈ পৰিল। একমাত্ৰ পুত্ৰ আৰু বোৱাৰীৰ স’তে তাইৰ দিনবোৰ ঠিকেই চলিছিল, অসুখ-বিসুখ বুলিও তেনেকৈ নাছিল, নাতি-নাতিনীক চোৱাচিতা কৰাৰ পৰা ঘৰৰ ইটো সিটো কাম ভালকৈয়ে কৰি আছিল।অলপদিনৰ পৰাহে বেমাৰে দেহত বাঁহ লবলৈ আৰম্ভ কৰিলে ...... বোৱাৰীয়েকৰ কথাষাৰত সাবিত্ৰীয়ে বৰ সন্তাপ পালে তাতোকৈ বেছি সন্তাপিত হ’ল পুতেকৰ মৌনতাত।তাৰমানে সিও বোৱাৰীৰ কথাষাৰকে সমৰ্থন কৰিছে নেকি? সাবিত্ৰীৰ বুকু ভেদি দুখৰ হুমুনিয়াহ ওলাই আহিল। অৰুন্ধতীয়ে চকুৰ পৰা চছমাযোৰ খুলি খিৰিকীৰ বাহিৰলৈ চালে।বাহিৰত এখন সেউজীয়া পথাৰ...তাইৰ এই সেউজীয়া ভাল লাগে...সেউজীয়া খিনিলৈ চাই চাই পঢ়ি থকা গল্পটোৰ কথা ভাবি ভাবি মনৰ মাজত গুণগুণালে—“সেউজীয়াত মুখ গুজি পাহৰিব বিচাৰোঁ/এপিয়লা দুখ....” সাবিত্ৰীলৈ অৰুন্ধতীৰ বেয়া লাগিল—এগৰাকী নিসংগ বৃদ্ধা যাক পুতেক-বোৱাৰীয়েকে মিলি বৃদ্ধাশ্ৰমত থোৱাৰ সিদ্ধান্ত লব খুজিছে।সঁচাই, যান্ত্ৰিক হৈ গৈছে মানুহৰ হৃদয়...মাকৰ মমতাখিনি, পিতাকৰ স্নেহ খিনিও যেন আজিকালি কিছুমান জী-পো, বোৱাৰী-জোঁৱাইৰ বাবে তুলাচনীৰ বস্তু হৈ পৰিছে!গল্পটোৰ বোৱাৰীজনীলৈ লগতে সাবিত্ৰীৰ পুতেকলৈও অৰুন্ধতীৰ ঘৃণা উপজিল। সাবিত্ৰীৰ মনত পৰিল দুটি কণমানি, স্বামী তথা শহুৰ-শাহুৰে স’তে এখন ভৰা সুখী সংসাৰখনলৈ!তাইটো নিজৰ শহুৰ-শাহুৰৰ প্ৰতি কেতিয়াও এনে মনোভাৱ পোষণ কৰা নাছিল বৰঞ্চ তাইৰ হৃদয় তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু ভালপোৱাৰে ভৰি আছিল।তেওঁলোকৰ শেষদিনটোলৈকে তাই আলপৈচান ধৰি গল... সঁচাকৈ কিমান সুখী আছিল তাই! তাই দেখা বহুতো সপোনৰ মাজত এজনী লখিমী বোৱাৰী আৰু এজন চৰিত্ৰৱান সুদৰ্শন জোঁৱাই পোৱাৰ সপোনো আছিল। অৰুন্ধতীৰ পেৰেগ্ৰাফটো পঢ়ি সাবিত্ৰীৰ বাবে দুচকু সেমেকি আহিল; যুগৰ পৰিৱৰ্তনে বৃদ্ধা পিতৃ-মাতৃলৈ লৈ অহা ভয়াবহতাৰ কথা ভাবি বিচলিত হৈ পৰিল তাই।অৰুন্ধতীয়ে ভাবিলে – এইয়া যৌৱনৰ অহংকাৰ!যৌৱনৰ অহংকাৰত মানুহে পাহৰি যায় নিজৰ বৃদ্ধাৱস্হা প্ৰাপ্তিৰ কথা...। পুনৰ খিৰিকীৰ বাহিৰলৈ চালে তাই---শৰতৰ এখন নীলা ফৰকাল বিস্তৃত আকাশ, তলত বিস্তৃত সেউজীয়া পথাৰ!সুন্দৰ!সঁচাই অপৰূপা এই পৃথিৱী।সকলোৰে মনবোৰ যদি এনেকৈয়ে উদাৰ, বহল আৰু সেউজীয়া হ’লহেঁতেন!! গল্পটো আধাপঢ়াকৈয়ে সামৰি থৈ তাই এইবাৰ টিভিটো অন কৰিলে...টিভিৰ ব্ৰেকিং নিউজত চকু পৰিল তাইৰ --- “জোঁৱায়েকৰ হাতত বৃদ্ধ শহুৰ-শাহু প্ৰহাৰ”...পঢ়িয়েই টিভিটো অফ কৰি দিলে তাই...নাই,নাই এইবিলাক আৰু চাই থাকিব নোৱাৰি..এইবিলাক পঢ়িলে,শুনিলে গোটেই জগতখনকে এলাগী এলাগী লাগি যায়। তাই আকৌ সেউজীয়া পথাৰখনলৈকে চাই ৰ’ল, মনৰ মাজত গুণগুণালে---“এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল/সেউজীয়াত মুখ গুজি পাহৰিব বিচাৰোঁ/এপিয়লা দুখ..”