Saturday 3 March 2018

চাকনৈয়া”

“চাকনৈয়া” সৰু পাণদোকানখনত থিয় হৈ সৌৰভে এটা চিগাৰেট জ্বলালে। এইকেইদিন তাৰ চিগাৰেটৰ মাত্ৰা বাঢ়ি গৈছে, বহুদিন দাড়িখুৰাবলৈও যেন পাহৰিছে। পাণদোকানখনৰ চিনাকী দোকানীজনে তালৈ অলপ সময় চাই থাকি সুধিয়েই পেলালে—“ কি হে ডেকাল’ৰা, কিবা চিন্তাত পৰিছা যেন পাওঁ!!” সি দোকানীজনলৈ চাই হাঁহি এটা মাৰি আঁতৰি আহিল। সি নদীখনৰ পাৰলৈ যাব পৰা লুঙলুঙীয়া নিজান বাট টোৰে আগবাঢ়িল। এইসময়ত সি নিজকে পৃথিৱীৰ আটাইতকৈ নিসংগ মানুহজন যেন অনুভৱ কৰিলে।অসহায় ভাৱ এটাই তাক অশান্তি দি থাকিল।সি আগবাঢ়ি গৈ নদীখনৰ পাৰ পালেগৈ।শিল এচটাত সি বহি পৰিল। নীলা আকাশ, নিৰৱে বৈ থকা নদী, উৰি যোৱা এজাক চৰাই..একোৱে তাৰ মনটোক ভাল লগাব নোৱাৰিলে। এৰা,ঘৰখনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ তাক এটা চাকৰিৰ বৰ প্ৰয়োজন।এখন প্ৰাইভেট স্কুলত খাটি থকা তাৰ দুবছৰমানেই হ’ল।মাহেকত যি কেইটা পাই সেইকেইটা টকাৰে তাৰ হাত-মুখ ধুবলৈও নাটে। এসময়ত স্কুলৰ মেধাৱী ছাত্ৰ বুলি সি সকলোৰে পৰিচিত আছিল। পঢ়া-শুনা, খেলা-ধূলাৰ পৰা ধৰি সি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও বিপুল ভোটত জয়ী হৈছিল; একপ্ৰকাৰে সি আছিল অল ৰাউণ্ডাৰ! সি কাৰোবাৰ কাৰোবাৰ বাবে আছিল “আদৰ্শ ছাত্ৰ”..তাৰ উদাহৰণ দি এজন অভিভাৱকে কোৱা তাৰ আজিও মনত পৰে..”যি মূলা বাঢ়ে তাৰ দুপাততে চিন”, এবাৰ ৰাজ্যিক ভিত্তিত হোৱা “তৰ্ক প্ৰতিযোগিতাত” প্ৰথম হৈ সি তাৰ জিলাখনৰ, স্কুলখনৰ গৌৰৱ বঢ়াইছিল।সঁচাই, সেইদিনবোৰ মনত পৰিলে তাৰ এতিয়া সপোন সপোন যেন লাগে।মাক-দেউতাকেও তাক লৈ গৌৰৱ কৰিছিল; সকলোৰে আশা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সি অসমৰ ভিতৰতে নাম কৰি উত্তীৰ্ণ হ’ব; পিছে সি সকলোৰে আশাত চেঁচাপানী ঢালি মাথোঁ প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হৈছিল।ইয়াৰ পিছত সি কলা শাখাত ভৰ্তি হ’ব নে বিজ্ঞান শাখাত ভৰ্তি হ’ব সেই লৈ ঢেৰ গুণা-গঁঠা হ’ল। পিছে দেউতাকৰ মন আছিল তাক ডাক্তৰী পঢ়োৱাৰ আৰু সিও দেউতাকৰ সপোনকে বোকোচাত লৈ বিজ্ঞান শাখাত ভৰ্তি হ’ল।কিন্তু সি অনুভৱ কৰিলে যে কলা শাখাতহে তাৰ ৰাপ বেছি। গল্প, কবিতা, ইতিহাস আদি বিষয়ত নিচা থকা সৌৰভে অতি কষ্টেৰে ৰসায়নবিদ্যা, পদাৰ্থবিদ্যা, অংকবিদ্যা পঢ়িবলগা হ’ল। এবাৰ কলাবিভাগে আয়োজন কৰা “কবিতা কৰমশালা”ত সি তাৰ বহুমূলীয়া বিজ্ঞানৰ ক্লাছ খতি কৰি কৰমশালাত যোগ দিছিল।বিজ্ঞানৰ ফৰ্মূলাবোৰ তাৰবাবে তিতা হৈ আহিছিল; সকলোবোৰ যেন সি গোটে গোটে গিলি হজমহে কৰিছিল আৰু যেতিয়া বিষয়বোৰত সি কম নম্বৰ পাবলৈ আৰম্ভ কৰিলে আৰু তাতকৈ পঢ়া-শুনাত বেয়া বুলি ভবা ল’ৰাবোৰে যেতিয়া তাতকৈ আগবাঢ়ি গ’ল তেতিয়া তাৰ জীৱনলৈ প্ৰথমবাৰৰ বাবে নিৰাশাৰ ডাৱৰ নামি আহিছিল।তাৰ জীৱনৰ গৰাখহনীয়াও যেন তেতিয়াই আৰম্ভ হৈছিল!! সি বহুত কষ্ট কৰি প্ৰথমবিভাগ ল’লে, কিন্তু তাৰ মনৰ সন্তুষ্টি একেবাৰে নাছিল।তাৰ মনৰ এই যুঁজ আৰু ধুমুহাৰ কথা সি কাকো কোনোদিন নজনালে। তাৰপিছত সি কিজানি জীৱনৰ দ্বিতীয় ভুলটো কৰি পেলালে—এই মুহুৰ্তত সি তেনেকৈয়ে ভাবে।দেউতাকৰ সপোনখিনিক মাটিত পেলাই সি প্ৰাণী বিজ্ঞান বিভাগত নাম লগালে।ঘনআঁউসীৰ ৰাতিয়ে তাৰ কিজানি পিছ এৰা নাছিল।সি প্ৰথম বাৰৰ বাবে পৰীক্ষাত অনুত্তীৰ্ণ হ’ল।কোনোদিন নাহাৰো বুলি ভবা সৌৰভে মহাবিদ্যালয়ৰ পৰীক্ষাত হাৰি গৈছিল। তাৰ চিগাৰেটৰ আৰম্ভণি কিজানি তেতিয়াৰ পৰাই আৰম্ভ হৈছিল।এৰা, সি এবছৰ হেৰুৱাই আকৌ পৰীক্ষাত বহিছিল। আজিও অনুভৱ কৰে সি সেয়াই কিজানি আছিল তাৰ যন্ত্ৰণাৰ আদিপাঠ।এতিয়াও সি খেপিয়াই চাব বিচাৰে নিৰাশাত উখহা দুখ। তাৰ লগৰ বিজয়ে বিজ্ঞান শাখাৰ পৰা কলাশাখাত ভৰ্তি হৈ ডিষ্ট্ৰিংশ্যনসহ বি. এ পাছ কৰিছিল, কিন্তু সি বিজয়ৰ দৰে উভতিও যাব নোৱাৰিলে অথচ নৈৰাশ্যবোধৰ কীটাণুৱে তাৰ মন-মগজু খুলি খুলি খালে।এনেকৈয়ে সি কেৰেলুৱাৰ গতিৰে বি.এছ.ছি পাছ কৰিলে কিন্তু মাষ্টাৰ ডিগ্ৰীৰ বাবে তাৰ নম্বৰৰ নাটনি হ’ল। হঠাত চৰাই এটাই নদীখনৰ পৰা মাছ এটা লৈ উৰা মাৰিলে। সি বহি থকাৰ পৰা সৰু শিলগুটি এটা নদীখনলৈ বুলি দলিয়াই দিলে।শিলগুটি টোৱে পানীত তৰংগৰ সৃষ্টি কৰিলে;তাৰ মনত পৰিল স্কুলীয়া দিনত “তৰংগ”ৰ সংজ্ঞা পঢ়া দিনবোৰলৈ।সি আকৌ পকেটৰ পৰা চিগাৰেটৰ পেকেটটো ওলিয়ালে...মাত্ৰ এটাহে আছে। কিবা এটা ভাবি সি আকৌ পেকেট টো পকেটত ভৰাই থলে। তাৰ তৰালৈ মনত পৰিল। ঘৰত আৰামত উঠা ছোৱালীজনীয়ে কি যে কষ্টেৰে দিন কটাইছে এতিয়া! মাথোঁ ভালপায়েই তৰাই দিগন্তৰ লগত বিয়া সোমালে; বিয়া পাতোঁতে দিগন্তই এম.এ টো পাছ কৰি নিবনুৱা হৈয়েই আছিল...তেনেকৈয়ে সিহঁতৰ সংসাৰ আৰম্ভ হ’ল।তাৰপিছত সি তৰা-দিগন্তৰ অভাৱী সংসাৰখন ভালকৈয়ে দেখা পাইছে, তৰাৰ চকুৰ লোতক দেখিছে সি! জোনালী;তৰাৰ সখী জোনালী! জোনালীৰ মুখেৰেই সি তৰাৰ খবৰ পাই থাকে। জোনালীৰ কথা ভাবি সি এটা দীঘল হুমুনিয়াহ এৰিলে; জোনালীক সি ভাল পায়, জোনালীয়েও তাক ভাল পায়, কিন্তু জোনালীক সি কোন স’তেৰে বিয়া পাতে? তাইক বিয়া কৰিম বুলি কবলৈ তাৰ সাহস নোহোৱা হৈছে অথচ জোনালীৰ বিয়াৰ বয়স হৈছে আৰু তাইৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহিব লৈছে! সি যেন আজি তাৰ ভালপোৱাও হেৰুৱাব!! এইয়া কি তাৰ জীৱনৰ তৃতীয়টো ভুল হ’ব ? – ভাবে সৌৰভে।সি তাৰ শেষ অৱশিষ্ট থকা চিগাৰেটৰ পেকেটটো আকৌ পকেটৰ পৰা ওলিয়াই আনিলে, চিগাৰেটটো জ্বলাই মুখত দিলে; কথাবোৰ দীঘলকৈ ভাবি তাৰ মনটো চোন অলপ পাতল পাতল লাগিল!

No comments:

Post a Comment