Tuesday 19 January 2016

“প্ৰথম অধ্যায়”

প্ৰথম অধ্যায়

কিতাপৰ প্ৰথম অধ্যায়
সোনোৱালী সোঁৱৰণীত টলমল আকাশ-বতাহ

আকাশৰ কোনোবা নীলিমাত নিথৰ চকু
সৰিয়হতলীত জুন জুন জোনোকা বাজে
টিপ চাকি যেন
বিষাদময় এটুপি চকুলো
খেৰৰ পঁজাটিৰ এন্ধাৰ ঘৰত দিন-ৰাতি জ্বলি থাকে৷

বুজা-নুবুজাৰ দোমোজাৰে বিনাই থকা
মাজৰাতিৰ অবুজন কেতেকীজনী
তাই নাজানে সাগৰ তলিৰ ৰত্নৰ কথা!

অদৃশ্য ভগৱানে মিচিকিয়াই হাঁহে
পৰীক্ষা চলে ধৈৰ্যময় জীৱনৰ!!


No comments:

Post a Comment