“কান্টুলালৰ দালালি ”
শনিবৰীয়া বজাৰ৷বজাৰত সোমায়েই কান্টুলালে ভাবিলে – “আজি দুপইচামান ঘটিব লাগিব৷” সি গৈ ৰবিৰামৰ চাহৰ দোকানখনৰ বাহিৰত দীঘল দীঘল কৈ পাৰি থোৱা বেঞ্চবোৰৰ এখনত বহিল আৰু বজাৰলৈ বুলি অহা মানুহবোৰৰ ওপৰত চকু দি থাকিল৷তেনেতে এজন আদহীয়া লোক আহি ৰবিৰামৰ চাহৰ দোকানৰ সমুখত ৰ’ল৷মানুহজনক যে হাত কৰি ল’ব পাৰিব কান্টুলালে তাৰ জীৱনৰ পোন্ধৰবছৰীয়া অভিজ্ঞতাৰে ধৰিব পাৰিলে৷আদহীয়া লোকজন চুচুক-চামাক কৈ ৰৈ থকা দেখি কান্টুলালে মাত লগালে—
: অ’ খুৰা, কাকনো বিচাৰিছে?
মানুহজনে কান্টুলাললৈ চালে আৰু কাষলৈ আগবাঢ়ি আহি ক’লে---
:অ’ ভাইটি, মোক এটা ভাল পঠা ছাগলী লাগিছিল, কিনিবলৈ বুলি বিচাৰি ফুৰিছোঁ
মানুহজনৰ কথা শুনি কান্টুলালৰ মুখখন উজ্জ্বলি উঠিল৷সি উৎসাহেৰে কৈ উঠিল—
:আপোনাৰ পঠা ছাগলী হৈ যাব৷ চাহ একাপ খাই লওকহি আহক
ৰবিৰামক সি দুকাপ চাহ আৰু দুটা চিংৰাৰ অৰ্ডাৰ দিলে৷
:চিন্তা নকৰিব, মই আপোনাক এটা ভাল নোদোকা পঠা ছাগলী কিনাই দিম৷

ৰবিৰামে দিয়া চাহ খাই খাই কান্টুলালে কৰবাত ছাগলী বেপাৰী দেখা পাই নেকি ইফালে সিফালে চালে৷তেনেতে তাৰ ভাগ্য সুপ্ৰসন্ন হ’ল৷সি দেখিলে--ছাগলী এটা বে বে কৰি মানুহ এজনৰ লগত আহি আছে৷সি ছাগলী বিচাৰি অহা মানুহজনক তাতে বহিবলৈ কৈ ছাগলী বেপাৰীজনৰ ওচৰ পালেহি আৰু ছাগলীটো দাঙি চাই বেপাৰীজনক সুধিলে –
:অ’ই কিমানত দিবি?
:তিনি হাজাৰ – বেপাৰীজনে ক’লে
: ধুৰৰ, এইটো তিনিহাজাৰ টকীয়া ছাগলী হয় নেকি? কাটিলে তিনি কেজি মান মঙহ পাম নে নাপাম সন্দেহ আছে৷ দুহেজাৰত দিবি হ’ব?
:অ’ই কিমানত দিবি?
:তিনি হাজাৰ – বেপাৰীজনে ক’লে
: ধুৰৰ, এইটো তিনিহাজাৰ টকীয়া ছাগলী হয় নেকি? কাটিলে তিনি কেজি মান মঙহ পাম নে নাপাম সন্দেহ আছে৷ দুহেজাৰত দিবি হ’ব?
ছাগলী বেপাৰীজনে অলপ থেৰোগেঁৰো কৰি মান্তি হ’ল৷বেপাৰীজনে মান্তি হোৱা দেখি কান্টুলালে তাক মৰমেৰে সুধিলে –
:চাহ খাবি?
এইবাৰো বেপাৰীজনে থেৰোগেঁৰো কৰিলে৷সেইটো সুযোগতে সি বেপাৰীজনক হাতত ধৰি ৰবিৰামৰ দোকানলৈ লৈ আহিল আৰু ৰবিৰামক চকুৰে ইংগিত দিলে যাতে সি বেপাৰীজনক চাহ কাপ খুৱাই অলপ দেৰি ব্যস্ত ৰাখে৷ৰবিৰামেও কমিছন পোৱাৰ আশাত কান্টুলালক চকুৰে সন্মতি জনালে৷
:অ’ খুৰা, এইটো ছাগলী আহক চাওকহি৷দেখিছেনে কেনে নোদোকাটো৷বঢ়িয়া ছাগলী! আপুনি আৰু বেলেগ পঠা বিচাৰিবৰ দৰকাৰেই নাই৷

ছাগলী কিনিবলৈ অহা মানুহটোৱে কান্টুলালৰ কথাৰ স’তে ছাগলীটোৰ শাৰীৰিক অৱয়ব মিলাই চালে আৰু সন্তুষ্ট হ’ল৷
:কিমান দামত দিম বুলিছে?
:চাৰি হাজাৰ কৈছে, মই তাক তিনি হাজাৰত যেন তেন মান্তি কৰাইছো৷টকাটো মোৰ হাতত দিলেই হ’ব, মই তাক দি দিম৷
:কিমান দামত দিম বুলিছে?
:চাৰি হাজাৰ কৈছে, মই তাক তিনি হাজাৰত যেন তেন মান্তি কৰাইছো৷টকাটো মোৰ হাতত দিলেই হ’ব, মই তাক দি দিম৷
আদহীয়া লোকজনে কান্টুলালক তিনিহাজাৰ টকা দি ছাগলীটো কিনি ল’লে৷কান্টুলালে মিচিকি হাঁহি মাৰি ৰবিৰামৰ দোকানলৈ আহি ছাগলীবেপাৰীটোক দুহেজাৰ টকা দিলে আৰু আদহীয়া লোকজনৰ পিছে পিছে আগবাঢ়িল৷ ৰবিৰামে তালৈ চাই ৰ’ল—ৰবিৰামে জানে, সি অলপ সময়ৰ পিছতে উভতি আহি তাৰ প্ৰাপ্য কমিছনটো দিব আৰু আন দুজন হোজা গ্ৰাহক আৰু বেপাৰীৰ বাবে বাট চাব৷
No comments:
Post a Comment