Tuesday 22 August 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
ৰাতি ভাত খোৱাৰ পৰতে ৰাজৰ নিজৰ মানুহজনীৰ লগত এখুন্ডা লাগিল৷ৰাজে মুখ ফুলাই ভাত নাখাওঁ বুলি ডাইনিং টেবুলৰ পৰা উঠি গ'ল আৰু বিচনাত মূৰে-গায়ে কাপোৰ লৈ শুই থাকিল৷ৰাজৰ পৰিবাৰে ৰাজলৈ বুলি বঢ়া ভাতখিনি ৰাজৰ মূৰ শিতানত থকা টেবুলখনতে থ'লেহি৷ৰাজে পিছে কাপোৰৰ আঁৰত মনে মনে দেখা পালে৷ইফালে তাৰ ভোকত পেটে কলমলাবলৈ আৰম্ভ কৰিলে৷ অলপ দেৰিৰ পিছত ৰাজৰ পৰিবাৰে ৰাজৰ কাষতে শুই পৰিল৷ ৰাজে ভোকত থাকিব নোৱাৰি পৰিবাৰে শুনাকৈ ক'লে--"ঐ ভাত,বেছি গোন্ধাই নাথাকিবি৷কিবা খং উঠিব সোপাকে খাই পেলাম৷"

No comments:

Post a Comment