Saturday 12 August 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
প্ৰকাশে বহুদিনৰ পিছত কবিতা এটা লিখিবলৈ বহিল৷ বহুত ভাবি ভাবি কাগজত আৰম্ভ কৰিলে ..."সংগ্ৰামী জীৱনৰ ..."...তেনেতে শ্ৰীমতীৰ প্ৰবেশ৷
"হেৰি, বজাৰলৈ ওলোৱাচোন৷মাইনাৰ পেম্পাৰ শেষ হ'ল নহয়,কাঁহৰ ঔষধো নাই,পাচলিও নাই...ৰাতি ভাতৰ লগত খাবলৈ মাছো অলপ আনিবা হাঁ৷এতিয়াই যোৱা,নহ'লে দেৰি হ'ব৷"
শ্ৰীমতীৰ কথা শুনি প্ৰকাশে কাগজ কলম সামৰিলে আৰু মোনাটো লৈ বজাৰ পালেগৈ৷
ৰাতি খাই বৈ কবিতা লিখিবলৈ পুনৰ বহিল৷ লিখিলে..সংগ্ৰামী জীৱনৰ দুৱাৰদলিত...তেনেতে পুনৰ
পাকঘৰ সামৰি শুবলৈ অহা শ্ৰীমতীৰ প্ৰবেশ৷
"হেৰি, গেছটো অফ কৰিবলৈ পাহৰি থাকিলোঁ নহয়, যোৱানা গেছটো অফ কৰি দিয়া৷ আহোঁতে মোলৈ পানী এগিলাছো লৈ আহিবা দেই ৷"
প্ৰকাশৰ সেইদিনা আৰু কবিতা লিখা নহ'ল৷

No comments:

Post a Comment