Sunday, 17 February 2013

মোৰ লৰালিৰ ব’হাগ---ৰঙালী অনুভৱ


মোৰ শৈশৱৰ সতে ব’হাগ বিহুৰ বহু মধুৰ স্মৃতি জড়িত হৈ আছে ।মোৰ জন্মৰ ঘৰখন আছিল উত্তৰ লখিমপুৰ চহৰৰ চান্দমাৰী অঞ্চলত।আমাৰ অঞ্চলটো আছিল বেলেগ বেলেগ ঠাইৰ পৰা উঠি আহি ইয়াতে স্ঠাই ভাৱে বসবাস কৰিবলে লোৱা বিভিন্ন সমপ্রদায়ৰ লোকৰ মিলনভূমি।
    যেতিয়া সৰু আছিলো আমাৰ সমসাময়িক বয়সৰ ল’ৰা-ছোৱালী বহুত আছিল;ভন,বুলবুলি,মাইনো,ছাঁয়া,লোলো,মৰমি,বুলবুল,দাদুল দা,বাবাতু,ৰিনতু,ভাইটি দা,সৰুদা,মাজুদা ইত্যদি ইত্যাদি।আমি সকলোৱে মিলি এটা বিহুদল গঠন কৰিছিলো।ব’হাগ বিহুলে এমাহমান থকাৰ আগৰে পৰাই ঘৰে ঘৰে বিহু হুচৰি গাবৰ বাবে আমাৰ ৰিহার্ছেল চলিছিল।আমাৰ ঘৰবোৰৰ পিছফালে একোখন বাঁহনীবাৰী আছিল আৰু  বাঁহনীবাৰী পাৰ হৈয়েই পথাৰ আছিল।আমি সকলোৱে বাঁহনীবাৰীৰ ছাঁ লৈ পথাৰত বিহু ৰিহার্ছেল কৰিছিলো।মই গান গাব নাজানিছিলো যদিও আমাৰ বিহুদলটোত পিছে মইয়ে প্রধান নামতী আছিলোঁ।আমাৰ ইমান ৰিহার্ছেল চলিছিল যে বিহুৰ দিনা গান গাওতে মোৰ মাত ভাগি গৈছিল;তেনেকৈয়ে বিহু গাই ঘূৰি ফুৰিছিলো।
     মনত পৰে,কেনেকৈ বাইদেউহঁতে মুগা ৰিহা মেখেলা চাদৰ পিন্ধাই সজাই দিছিল,চুলিত “কিনা খোপা” বান্ধি তগৰ ফুল,কপৌ ফুল আদি লগাই দিছিল।কপালত ডাঙৰ ৰঙা ফোঁট আৰু ওঁঠত ৰঙা লিপষ্টিক লগাই বিহু মাৰিবৰ বাবে সাজু কৰি তুলিছিল।মনত যে কিমান আনন্দ লাগিছিল,সচাঁই ৰঙালী অনুভৱ আছিল সেইয়া!ল’ৰাবোৰক দেখিছিলোঁ মা’কহঁতৰ চাদৰ বোৰকে চুৰীয়া কৰি পিন্ধিছিল,মূৰত ফুলাম গামোছা লগাইছিল।গৰু বিহুৰ দিনাৰ পৰাই আমাৰ বিহু হুচৰি আৰম্ভ হৈছিল।নিজৰ অঞ্চলত বিহু গাই শেষ কৰি আমি ওচৰৰে খেলমাটি আৰু বান্তৌৰ দুই এঘৰ মানুহৰ ঘৰত বিহু গাইছিলো।বিহুৰ শেষত সকলোৱে সমিলমিলেৰে ভোজ-ভাত খোৱা দিনবোৰলৈ মনত পৰিলে আজিও মনটো ভাল লাগি যায়।
    সময় গতিশীল।গতিশীল সময়ৰ বোকোচাত উঠি দিনবোৰ পুৰণি হ’ল;আমিও ডাঙৰ হ’লো।পঢ়া-শুনা,কর্মক্ষেত্র,বিয়া-বাৰু—এইবোৰৰ ধামখুমীয়াত পৰি আমাৰ লৰালিৰ ব’হাগ অতীত হ’ল—ৰৈ গল মাথোঁ এটি মিঠা নষ্টালজিক অনুভৱ হৈ!


“অকনমান চৰাইটোৱে ডালটোত পৰি”


অকনমান চৰাইটোৱে ডালটোত পৰি গান গোৱা দিনৰে পৰা
ৰিমঝিম বৰষুণজাকে ধুৱাই নিয়া সেই আবেলিটোৰ পিছৰে পৰা
শীতৰ কোমল ৰ’দজাকত গা ধুই মোৰ বাটটোৱে বাট বুলিছে


তোমাৰ আলফুলীয়া মৰমৰ ৰঙেৰে
মই জীৱন তুলিকাত নতুনকৈ ৰং দিছো
আন্ধাৰ নিশাত হেৰাবধৰা চকুলোৰে ৰং সানি
ধূসৰ ছবিত ৰং দিছোঁ

মোক শিল্পী কৰি তোলা তুমি
ওৰে জীৱন জীৱন কেনভাচত ৰং দি যাব পৰাকৈ

শৈশৱৰ ভাত-ধেমালী খেলা দিনবোৰ


স্মৃতিৰ সফুঁৰা খুলি হাতত কলম লৈ বহিছোঁ;জীৱন নামৰ কিতাপখনৰ শৈশৱৰ পৃষ্ঠাবোৰ যেন এখন এখনকৈ লুটিয়াইছোঁ---
  সোনালী শৈশৱৰ স্মৃতিবোৰে আহি অগা-দেৱা কৰিছেহি......
  আমি খেলা-ধূলা কৰিবলৈ সমনীয়া এজাক মানেই আছিলো—লুকা-ভাকু,এচ-প্ৰেছ,আইৰে আমাৰ তগৰ,আবদাব,কবাদি আদি খেলৰ পৰা ধৰি অমৰা,শিলিখা,বগৰী গছৰ তলে তলে ঘুৰি-ফুৰালৈকে...কত’ কি যে নকৰিছিলো আমি....
   প্ৰাথমিক স্কুলত পঢা দিনবোৰত পাঠ্যপুথিৰ “শিলৰ চোলা” কাহিনীটোৰ আলম লৈ “নাটক নাটক” খেলিছিলোঁ।মই ৰজাৰ ভাও লৈছিলো;আমাৰ নাটক নাটক খেলৰ দর্শক আছিল মা-দেউতা,দাদা,বাইদেউ.... আৰু অভিনয় কৰি দাদাৰ পৰা পোৱা ২ টকাৰে আমাৰ নাটক কৰা পার্টিটোৱে কেচা চানা কিনি খাইছিলো।তেনেকোৱা দিনবোৰতে আমি “শকুনিৰ প্ৰতিশোধ” নাটক খন কৰাৰ পৰিকল্পনা কৰিছিলো যদিও কৰা নহ’ল।
  আমাৰ সেই ভাত-ধেমালী খেলা দিনবোৰত আমি “ঘৰ ঘৰ” খেলিছিলোঁ;আমি সমনীয়া বোৰে দুঘৰ হৈ ইঘৰে সিঘৰক চাহ-ভাত খাবলৈ মাতিছিলো।মা-দেউতাহঁতে যিদৰে আলহীক আদৰ-সাদৰ কৰি বহুৱাই,খোৱা পৰিবেশন কৰে তথা কথা-বতৰা পাতে সেইবোৰকে আমাৰ ভাত-ধেমালীটো অভিনয় হৈছিল।
কেতিয়াবা যদি দোকানী হৈছিলো,কেতিয়াবা হৈছিলো মন্দিৰৰ পূজাৰী;পূজাৰীৰ ৰূপত আমি সংস্কৃতৰ এই কবিতাফাঁকি মন্ত্ৰ ৰূপে ব্যবহাৰ কৰিছিলো---
 “বিকচতি কমলং,বিলচতি চলিলং,পবনে বহতি চলিলং,দিচি দিচি ধাৱতি,নৃত্যতি কূজতি,খগকোল মতিচয লোলম.....”

কেতিয়াবা নার্চৰ অভিনয়,কেতিয়াবা ডাক্তৰ,কেতিয়াবা বাচৰ কনডাক্তৰ......
কেতিয়াবা খেলিছিলোঁ “স্কুল স্কুল”—সমনীয়া খিনিৰ আধাভাগে ছাত্ৰ-ছাত্ৰীৰ ভাও লৈছিল আৰু দুগৰাকীমানে শিক্ষকৰ ভাও লৈছিল।কঠাল পাতবোৰকে বহী কৰি তাত সৰু মিহি মাৰিৰে (কলম) ধুনীয়াকৈ লানি লানি ফুট ফুট কৰি আখৰ লিখা হৈছিল;”পৰীক্ষা পৰীক্ষা” পাতি নম্বৰ দিয়া হৈছিল।
“মন্ত্ৰী মন্ত্ৰী” খেলত আমি নিজৰ হাতখনকে মুঠি মাৰি মাইক্ৰফ’ন বনাই নেতাৰ দৰে ভাষন দিয়া দিয়ি কৰিছিলো।
কি কি খেল যে নেখেলিছিলো!! “দৰা-কইনা”, বিহু বিহু”, “ঈদ ঈদ” খেল ইত্যাদি ইত্যাদি...
   আজিকালি দেখো মোৰ আঢৈ বছৰীয়া কণমানি দুজনীয়ে আমাৰে অভিনয় কৰে।আমি দুইজনীকে কেনেকৈ ভাত খুৱাওঁ,কান্দিলে কেনেকৈ নিচুকাওঁ তাৰে অবিকল অভিনয় যেতিয়া তাহাঁতৰ পুতলাবোৰৰ লগত কৰে নাহাঁহি নোৱাৰোঁ ।দুইজনীয়ে পুতলাবোৰক গা-ধুৱাই দিয়ে,চেম্পু কৰি দিয়ে,কান্দিলে নিচুকাই,পানী খুৱাই দিয়ে,ভাত খুৱাই দিয়ে আৰু আমি কোৱা কথাবোৰকে আধাফুটা মাতেৰে সংলাপ দিয়ে।
  শৈশৱৰ খেল-ধেমালীবোৰ যে অসচেতন ভাৱে নাটকৰে একোটা একোটা ৰূপ আছিল সেইকথা এতিয়াহে অনুভৱ কৰিছোঁ ।

আধৰুৱা কাহিনী


“যি জনী ছোৱালীক হৃদয়ৰ সকলো দি ভাল পালো,তাইয়েই মোৰ প্ৰেমক প্ৰত্যাখান কৰি গুচি গ’ল স্বপ্না”।
---এইবুলি কৈ অভিকে এটা দীঘল হুমুনিয়াহ কাঢিলে।
“যাক ভালপাওঁ, যাক সকলোসময়তে কাষতে পাবৰ মন যাই সেইজনেই যেতিয়া আঁতৰি গুচি যাই,তোমাৰ ভালপোৱাৰ তিলমানো অর্থ নুবুজাকৈ....সেই অসহনীয় বিষাদগাঁথা ভুক্তভোগীজনৰ বাহিৰে কোনেও হয়তো বুজি নাপাব স্বপ্না”
 স্বপ্নাই মৌন হৈ শুনি গ’ল অভিকৰ প্ৰেম প্ৰত্যাশিত কথাবোৰ।হঠাতে তাই উচুপি উঠিল..
“তুমি যে হৃদয়ত এবোজা বিষাদৰ স্মৃতি লৈ ঘূৰি ফুৰিছা,সেই কথা মই জনা নাছিলো অভিক।তোমাৰ দৰে এটা সৰল,মৰমলগা ল’ৰাকো যে কোনোবাই কস্ট দিব পাৰে,প্ৰেম প্ৰত্যাখান কৰিব পাৰে....”এইবুলি কৈ স্বপ্নাই উচুপি থাকিল।তাইৰ কান্দোন দেখি অভিকে হাঁহি পেলালে।
“অ’ তুমি আকৌ কিয় কান্দিছা?মোৰ বিষাদ কাহিনী শুনি?হ’ব দিয়া আৰু, আজিৰ পৰা নকওঁ,ফোনটো থওঁ আজিলৈ..”
“ৰ’বা,তোমাৰ সেই পাষাণ হৃদয়া প্ৰেয়সী এতিয়া ক’ত?বিয়া হৈ গ’ল তাই?”
“ওঁ”---অভিকে ক’লে।
হঠাৎ, ফোনৰ সিপাৰে হুক হুকাই কন্দা অভিকে শুনিলে।
“তুমি কস্ট পোৱা বুলি জানিলে মোৰ বৰ কস্ট হৈ অভিক..”
“তুমিও আৰু,এনেকৈনো হুক হুকাই কান্দিব লাগেনে?আজিলৈ থওঁ দিয়া,শুভৰাত্ৰি”---অভিকে ফোনটো কাটি দিলে,তেতিয়া ঘড়ীত পুৱা ৩ বাজিছিল।



“মই নজনাকৈ তুমি হ’লা নো বৰএজনী,চকুতে পিৰীতিৰ চাৱনি”—ৰিংটনটো বাজি উঠিল হঠাৎ;ৰিংটনৰ মাতত অভিক সাৰ পাই গ’ল;স্বপ্নাৰ ফোন;সি মবাইলৰ সেউজীয়া বুটামত লাহেকৈ হেঁচি দিলে---
“সু-প্ৰভাত,তুমি উঠিলানে?তোমাৰ আজি মর্ণিং ডিউতি আছে নহয়!”স্বপ্নাই কৈ উঠিল
“অঁ ভাল যে উঠাই দিলা।কালি কথা পাতি পাতি কমখন ৰাতি হ’লনে?ধন্যবাদ দেই”—এইবুলি কৈ সি লৰালৰিকৈ টুথব্ৰাছডাল হাতত লৈ বাথৰূম পালেগৈ।তাৰ চকুত তেতিয়াও টোপনীৰ জালে ঘেৰি আছিল।

দুপৰীয়া আকৌ ৰিংটন টো বাজি উঠিল।
“কি কৰিছা?ভাত খালা?কিহেৰে খালা?তোমালৈ মোৰ মনতেই পৰি থাকে;তোমাৰ মাতটো নুশুনাকৈ মই থাকিব নোৱাৰা হৈছো,অভিক”
স্বপ্নাৰ কথা শুনি অভিকে ভাবিলে –স্বপ্নাই সঁচাই মোক ভাল পাই পেলাইছে নেকি?ক’তা মইটো তাইৰ প্ৰতি কোনোধৰণৰ আকর্ষন অনুভৱ কৰা নাই?মই তাইক যোৱা ৰাতি মোৰ জীৱনৰ সকলো কাহিনী কৈ পেলাইছো,কেনেকৈ স্নিগ্ধাই মোৰ তেজৰঙী সপোনবোৰ লৈ গ’ল....সেই সকলো কথা;ইমানবোৰ জনাৰ পিছতো এজনী ছোৱালীয়ে কেৱল মোৰ মাতটো শুনিবলৈকে সকলো সময়তে উন্মনা হৈ থাকো বুলি বিনা দ্বিধাৰে কেনেকৈ কব পাৰে?অৱশ্য়ে এই কথা হয় যে মই তাইক বিয়া কৰাব পাৰিম নেকি বুলি চিন্তা কৰাৰ কথা তাইক জনাইছো কিন্তু ভাল লাগিছে বুলি এবাৰলৈওটো কোৱা নাই!
ৰাতি ১০ বজাত অভিকে নিজেই তাইলৈ ফোন কৰিলে---
“অ’ অভিক,মই তোমালৈকে বাট চাই আছিলো।ভাত-পানী খাই আজৰি হ’লো;মা-দেউতা শুলে,মইও তোমাৰ লগত কথা পাতিম বুলি সাজু হৈছো,দুৱাৰখন মাৰি লৈছো আকৌ; ওঁ এতিয়া কোৱা...”
   স্বপ্নাৰ কথাত অভিকে নিজকে স্বপ্নাৰ কোঠাত আৱিস্কাৰ কৰিলে..
“তুমি কোৱা...কি কথা পাতিম,কথাবোৰ ক’ৰ পৰা আৰম্ভ কৰিম....”
“বাৰু ঠিক আছে কোৱাছোন,বিয়াৰ পিছত তুমি মোক হনিমুনলৈ ক’ত লৈ যাবা”
তাইৰ কথা শুনি অভিকৰ টোপনী টোপনী ভাবটো একেবাৰতে নাইকিয়া হৈ পৰিল। তাৰ সঁচাই আচৰিত হ’বৰে কথা,এতিয়ালৈকে সি স্বপ্নাক বিয়াৰ প্ৰতিশ্ৰুতি দিয়াই নাই,তেন্তে তাই এইবিলাক কেনেধৰনৰ কথা কয়?সিহঁত দুটাই বন্ধুত্বৰ চুক্তিৰেহে চুক্তিবদ্ধ হৈছিল,ইটোৱে সিটোক যদি ভালপাই পেলাই তেতিয়াহে বিয়াত বহিব বুলি চুক্তি কৰিছিল।তাই চোন এই চুক্তি ভংগ কৰিছে।
“স্বপ্না,মইটো তোমাক এতিয়াও বিয়া কৰিম বুলি কোৱা নাই!তুমিটো আমাৰ চুক্তিখনৰ কথা জানা,জনাৰ পিছতো তুমি এনেকৈ কিয় কৈছা?”
তাই হোঁ হোঁ কৈ হাঁহি পেলালে।
“চুক্তিৰ কথা মনত আছে অভিক, কিন্তু তোমাৰ কইনা হ’ম বুলি ভাবিলেইচোন মোৰ কিবা এটা ভাল লাগে”।
“এনেবোৰ কথা কৈ তুমি মোক বান্ধি পেলাবলৈ যত্ন নকৰিবা। মই তোমাক এতিয়াও কথা দিয়া নাই;আজিৰ পৰা আৰু তোমালৈ মই ফোন নকৰোঁ;থলো”।–সি উষ্মাৰে কৈ উঠিল..
“ৰ’বা ৰ’বা, অনুগ্ৰহ কৰি ফোনটো নথবা। তুমি মোৰ বন্ধু হৈ থাকা। তোমাৰ দৰে বন্ধু এই জীৱনত প্ৰথম লগ পাইছো,তুমি কিমান ভাল সেইকথা তুমি হয়তো অনুমান কৰিব নোৱাৰিবা। ৰাহুল নামৰ মোৰ এজন বন্ধু আছিল যাৰ স’তে মোৰ বিয়া ঠিক হৈছিল,মইও ৰাহুলকে বিয়া কৰিম বুলি ভাবিছিলোঁ,কিন্তু এদিন সি মোৰ ওপৰত হাত উঠালে—মই বোলে বৰ চঞ্চল,বৰ কথকী তেনে এটা কথাৰ গইনা লৈ...সেইদিনাৰ পৰাই তাৰ লগত মোৰ সম্বন্ধ শেষ হৈছিল আৰু কিয় জানো কোনো ল’ৰাকে মোৰ ভাল নলগা হ’ল কিন্তু কিয় নাজানো,তোমাৰ লগত কথা পাতি মোৰ সেই মনৰ বিদ্বেষ বহুখিনি কমি গৈছে,তুমিয়েই হয়তো মোৰ জীৱনৰ প্ৰথম প্ৰিয় পুৰুষ। ফোন নকৰো বুলি নকবা অভিক,মই কেনেকৈ থাকিম কোৱা। বিয়া নাপাতিলেও তুমি মোক ফোন কৰি থাকিবা”
“তুমি আবেগক প্ৰাধান্য দি কিয় কথা কৈছা স্বপ্না?মইটো তোমাক সোঁশৰীৰে দেখা নাই,তুমিও মোক দেখা নাই;যদি মোৰ ভৰি এটাই নাই,হাত এখনেই নাই...তেতিয়া তুমি মোৰ লগত বিয়াত বহিম বুলি কোৱাৰ সাহস হ’বনে?”
তাই খিল খিলাই হাঁহি উঠিল..  “মই জানো,এনেকুৱা একো নহয়,মেট্ৰিমনিত তোমাৰ ফটোখন দেখিছো নহয়,কি হেন্দছাম তুমি!”
“সেইখন মোৰ পার্ছপর্ট ফটোহে”
“হা: হা: হা:,থোৱা থোৱা, মোক ভয় খুৱাব নালাগে।এইবাৰ দেৱালীত তুমি আমাৰ ঘৰলৈ আহিবা, আমি দেৱালী উপভোগ কৰিম একেলগে,হ’বনে?”
“ঠিক আছে বাৰু,চাওঁচোন,আজিলৈ শুভৰাত্ৰি”
ফোনটো থৈ অভিকে ভাবিলে—মেট্ৰিমনিত স্বপ্নাৰ ফটোখন দেখিছিল সি,হাঁহি থকা মুখ খনে কিবা যেন কব কব লাগিছিল তাৰ,সি তাৰ কনটেক্ট নম্বৰ পঠাইছিল স্বপ্নালৈ...তাই ফোন নম্বৰ পাই সঁহাৰি দিছিল,তেতিয়াই সি বিয়াৰ প্ৰতিশ্ৰুতি লগে লগে নিদিয়াৰ কথা কৈছিল,কাৰণ তাৰ মাক-দেউতাকৰো মত লব লাগিব,গতিকে সকলোবোৰ ভাবিচিন্তিহে সিদ্ধান্ত লোৱা হ’ব।তাৰোপৰি ইজনে সিজনক জানি বুজি লোৱাটোও দৰকাৰী।কিন্তু স্বপ্নাৰ আবেগপ্ৰৱনতাই তাক আচৰিত কৰি তুলিছে—যি জনী ছোৱালীয়ে নেদেখাকৈ মাথো ফোনত কথা পাতিয়েই তাক ভালপাওঁ বুলি কৈ পেলাইছে,পত্নীৰূপত কল্পনা কৰি ৰোমাঞ্চিত হৈছে,তেনে এজনী ছোৱালী আচলতে কিমান প্ৰেকটিকেল?এনেকুৱা এজনী ছোৱালীক বিয়া কৰা উচিত নে?কিন্তু সিও টো তাৰ জীৱনৰ বিষাদভৰা কাহিনী কৈ পেলাইছে...ফোনতে প্ৰ্ৰথম লগ পোৱা এজনী ছোৱালীক বিয়া কৰিম বুলি ক’লে মা-দেউতাই বাৰু ঘপক কৈ মান্তি হ’বনে?কথাবোৰ ইমান সহজ টো নহয়,অথচ তাই কেনেকৈ ইমান সহজভাৱে কৈ পেলাব পাৰে,বিয়াত বহিম বুলি....কথাবোৰ ভাবি ভাবি অভিকে চকুদুটা মুদি দিলে।

পুৱা আকৌ ৰিংটনটো বাজি উঠিল।স্বপ্নাৰ ফোন—“উঠা উঠা ডেকা ল’ৰা,কি হে ইমান দেৰিলৈ শুই থাকে নেকি?”
“উফ, তুমি মোৰ কেঁচাটোপনী ভাঙি দিলা,উঠিছোঁ”
“অভিক, কথা এটা কওঁ,বেয়া পাবা নেকি?”
“নাপাওঁ,কোৱাছোন..”
“মোৰ নহয়,ভাবি বৰ ভাল লাগে,কি জানা?মই সদায় পুৱা গা-পা ধুই ধূপ-ধূনা জলাই ভগৱান সেৱা কৰি উঠি তোমাক জগাম..”
“আস, স্বপ্না তুমি আকৌ কল্পনা কৰা আৰম্ভ কৰি দিলা নহয়!পুৱাই পুৱাই মূৰটো নস্ট নকৰিবা দেই;থোৱা এতিয়া ফোনটো..” এইবুলি কৈ ফোনটো কাটি দিলে সি।
ব্ৰাছ কৰি কৰি সি ভাবিলে—“স্বপ্নাৰ প্ৰতি তাৰো অকনমান দু্ৰবলতা আহিছে নেকি বাৰু?”
ৰাতি আকৌ ১০ বজাত তাই ফোন কৰিলে---
“অভিক, মই জানো তুমি মোকেই বিয়া কৰিবা;তুমি এবাৰ তোমাৰ ঘৰত কথা পাতানা;মই মোৰ মা-দেউতাক তোমাৰ কথা কৈছো। আমাৰ যেন বিয়াখন এইবছৰৰ ভিতৰতে হৈ  যাই”
“ঠিক আছে বাৰু,মই ঘৰত কথা পাতি চাম। মা-দেউতাহঁতে আগবাঢ়িম বুলি ক’লে তোমাৰ ঘৰলে যাম...মোৰ মা’ৰ পছন্দক মই পিছে অগ্ৰাধিকাৰ দিম”
“তোমাৰ মা’য়ে যদি মোক পছন নকৰে,তুমি কি মোক বিয়া নাপাতিবা?”
“সেইবোৰ পিছৰ কথা স্বপ্না”
“তোমাৰ মা’য়ে মোক পছন নকৰিলে তুমি যদি মোক বিয়া নাপাতা মোৰ কি হ’ব অভিক”—কৈ কৈ তাই উচুপি থাকিল আৰু অভিকে তাইৰ উচুপনি শুনি থাকিল।অলপ দেৰিৰ পিছত তাই কান্দোন বন্ধ কৰিলে।
“বেলেগ কথা পাতো দিয়া অভিক”
“পাগলী”—অভিকে লাহেকৈ ক’লে।হঠাতে তাৰ অকনমান তাইক জোকাই চাবৰ মন গ’ল-
“তুমি যে সিদিনা হনিমুন যোৱাৰ কথা কৈছিলা,তুমিয়েই কোৱাছোন ক’ত যাবা?”
হঠাৎ যেন গোলাপ ফুল এপাহ হে বতাহত হালিজালি উঠিল।তাই উৎসাহেৰে ক’লে—
“আমি গোৱালে যাম দেই ।সাগৰৰ পাৰত ফুৰি কিমান যে ভাল লাগিব। হনিমুনত মন্দিৰ ফুৰিলে ভাল বুলি কয়,আমি মন্দিৰবোৰলৈও যাম দেই..”
“কিয় গোৱালৈহে যাবানে?বিদেশ নোযোৱা নেকি যেনে ধৰা চুইজাৰলেণ্ড...”
“আই ঔ দেহি,বহুত টকা লাগিব নহয়!”
“তুমি কি মোৰ টকা নাই বুলি ভাবিছা নেকি?”
অভিকৰ কথাত স্বপ্নাই জোৰকৈ হাঁহি দিলে,অভিকেও হাঁহিলে।
“বাৰু কোৱাছোন অভিক,আমাৰ প্ৰথম সন্তানটো ল’ৰা হ’ব নে ছোৱালী হ’ব? আমাৰ যদি প্ৰথম সন্তান ছোৱালী হয়,দেখিবলৈ কাৰ নিচিনা হ’ব?তোমাৰ নিচিনা নে মোৰ নিচিনা..”


  বৰ মনোযোগেৰে অৰুন্ধতীয়ে পাত লুটিয়ালে।কিন্তু কি দুর্ভাগ্য বাকী পাতবোৰ আধাফলা হৈ আছে, একো বুজিব নোৱাৰি।
“চেহ,এনেকুৱানো হ’ব লাগেনে?আগ্ৰহেৰে পঢ়ি থকা কাহিনীটোৱে চেঁচাপানী ঢালি দিলে পাই।কোনে বা ফালিলে,কেনেকৈ ফালিলে এইখন” তাই মনৰ মাজতে ভোৰভোৰালে।
তাই ভাবিলে—“কাহিনীটোৱে যিদৰে গতি লৈছিল,অভিকে বাৰু স্বপ্নাক শেষত বিয়া পাতিলেনে?স্বপ্নাৰ অভিকৰ পত্নী হোৱাৰ আশা পূৰণ হ’লনে? তাইৰ কথাবোৰত লাগে তাই একেবাৰে প্ৰেকটিকেল নহয়,সপোনৰ ৰাজ্যত বিচৰণ কৰি থকা এজনী ছোৱালী...আৰু অভিক,অভিক যেন সপোনৰ ৰাজ্যৰ পৰা উঠি আহি বাস্তবৰ মাটিত ভৰি দিয়া এটা ল’ৰা,যি সপোন দেখিবলৈ ভয় কৰে”।
অৰুন্ধতীয়ে ওচৰত বহি থকা তৰালীলৈ কিতাপখন আগবঢ়াই দিলে—
“অ’ই তৰালী এই কাহিনীটো পঢ়ছোন আৰু তোৰ পঢ়ি হ’লে মই তোক কথা এটা সুধিম”
“এতিয়াই ক’ছোন কি সুধিবিনো?” তৰালীয়ে কপাল থুপাই সুধিলে।
“অভিক বোলাটোৱে স্বপ্নাক বিয়া কৰা উচিত নে অনুচিত?”
“ক’ৰ অভিক ক’ৰ স্বপ্না”..এইবুলি কৈ তৰালীয়ে কাহিনীটো পঢ়িবলৈ আৰম্ভ কৰিলে।

জীৱন অনুষংগ


Friday, 15 February 2013

হুমুনিয়াহটো




নদীখনৰ সিপাৰে যে এটা সেন্দুৰীয়া আলি আছিল

তেওঁৰ খবৰ নাছিল,

খবৰ নাছিল বাবেই

ঘাট-প্রতিঘাট ভৰা দিনবোৰত

তেওঁ হুমুনিয়াহ কাঢ়িছিল বাৰে বাৰে।

ছবি আঁকি ভালপাইছিল তেওঁ

সেয়ে কলথোকা পকক পকক বুলি

তেওঁ বাট চাইছিল।