Friday 15 February 2013

হুমুনিয়াহটো




নদীখনৰ সিপাৰে যে এটা সেন্দুৰীয়া আলি আছিল

তেওঁৰ খবৰ নাছিল,

খবৰ নাছিল বাবেই

ঘাট-প্রতিঘাট ভৰা দিনবোৰত

তেওঁ হুমুনিয়াহ কাঢ়িছিল বাৰে বাৰে।

ছবি আঁকি ভালপাইছিল তেওঁ

সেয়ে কলথোকা পকক পকক বুলি

তেওঁ বাট চাইছিল।

No comments:

Post a Comment