অকনমান চৰাইটোৱে ডালটোত পৰি গান গোৱা
দিনৰে পৰা
ৰিমঝিম বৰষুণজাকে ধুৱাই নিয়া সেই আবেলিটোৰ
পিছৰে পৰা
শীতৰ কোমল ৰ’দজাকত গা ধুই মোৰ বাটটোৱে বাট বুলিছে
তোমাৰ আলফুলীয়া মৰমৰ ৰঙেৰে
মই জীৱন তুলিকাত নতুনকৈ ৰং দিছো
আন্ধাৰ নিশাত হেৰাবধৰা চকুলোৰে ৰং সানি
ধূসৰ ছবিত ৰং দিছোঁ
মোক শিল্পী কৰি তোলা তুমি
ওৰে জীৱন জীৱন কেনভাচত ৰং দি যাব পৰাকৈ
No comments:
Post a Comment