Sunday, 17 February 2013

শৈশৱৰ ভাত-ধেমালী খেলা দিনবোৰ


স্মৃতিৰ সফুঁৰা খুলি হাতত কলম লৈ বহিছোঁ;জীৱন নামৰ কিতাপখনৰ শৈশৱৰ পৃষ্ঠাবোৰ যেন এখন এখনকৈ লুটিয়াইছোঁ---
  সোনালী শৈশৱৰ স্মৃতিবোৰে আহি অগা-দেৱা কৰিছেহি......
  আমি খেলা-ধূলা কৰিবলৈ সমনীয়া এজাক মানেই আছিলোলুকা-ভাকু,এচ-প্ৰেছ,আইৰে আমাৰ তগৰ,আবদাব,কবাদি আদি খেলৰ পৰা ধৰি অমৰা,শিলিখা,বগৰী গছৰ তলে তলে ঘুৰি-ফুৰালৈকে...কত কি যে নকৰিছিলো আমি....
   প্ৰাথমিক স্কুলত পঢা দিনবোৰত পাঠ্যপুথিশিলৰ চোলা কাহিনীটোৰ আলম লৈ নাটক নাটক খেলিছিলোঁ।মই ৰজাৰ ভাও লৈছিলো;আমাৰ নাটক নাটক খেলৰ দর্শক আছিল মা-দেউতা,দাদা,বাইদেউ.... আৰু অভিনয় কৰি দাদাৰ পৰা পোৱা ২ টকাৰে আমাৰ নাটক কৰা পার্টিটোৱে কেচা চানা কিনি খাইছিলো।তেনেকোৱা দিনবোৰতে আমি শকুনিৰ প্ৰতিশোধ নাটক খন কৰাৰ পৰিকল্পনা কৰিছিলো যদিও কৰা নহল।
  আমাৰ সেই ভাত-ধেমালী খেলা দিনবোৰত আমি ঘৰ ঘৰ খেলিছিলোঁ;আমি সমনীয়া বোৰে দুঘৰ হৈ ইঘৰে সিঘৰক চাহ-ভাত খাবলৈ মাতিছিলো।মা-দেউতাহঁতে যিদৰে আলহীক আদৰ-সাদৰ কৰি বহুৱাই,খোৱা পৰিবেশন কৰে তথা কথা-বতৰা পাতে সেইবোৰকে আমাৰ ভাত-ধেমালীটো অভিনয় হৈছিল।
কেতিয়াবা যদি দোকানী হৈছিলো,কেতিয়াবা হৈছিলো মন্দিৰৰ পূজাৰী;পূজাৰীৰ ৰূপত আমি সংস্কৃতৰ এই কবিতাফাঁকি মন্ত্ৰ ৰূপে ব্যবহাৰ কৰিছিলো---
 বিকচতি কমলং,বিলচতি চলিলং,পবনে বহতি চলিলং,দিচি দিচি ধাৱতি,নৃত্যতি কূজতি,খগকোল মতিচয লোলম.....

কেতিয়াবা নার্চৰ অভিনয়,কেতিয়াবা ডাক্তৰ,কেতিয়াবা বাচৰ কনডাক্তৰ......
কেতিয়াবা খেলিছিলোঁ স্কুল স্কুল”—সমনীয়া খিনিৰ আধভাগে ছাত্ৰ-ছাত্ৰীৰ ভাও লৈছিল আৰু দুগৰাকীমানে শিক্ষকৰ ভাও লৈছিল।কঠাল পাতবোৰকে বহী কৰি তাত সৰু মিহি মাৰিৰে (কলম) ধুনীয়াকৈ লানি লানি ফুট ফুট কৰি আখৰ লিখা হৈছিল;পৰীক্ষা পৰীক্ষা পাতি নম্বৰ দিয়া হৈছিল।
মন্ত্ৰী মন্ত্ৰী খেলত আমি নিজৰ হাতখনকে মুঠি মাৰি মাইক্ৰফন বনাই নেতাৰ দৰে ভাষন দিয়া দিয়ি কৰিছিলো।
কি কি খেল যে নেখেলিছিলো!! দৰা-কইনা, বিহু বিহু, ঈদ ঈদ খেল ইত্যাদি ইত্যাদি...
   আজিকালি দেখো মোৰ আঢৈ বছৰীয়া কণমানি দুজনীয়ে আমাৰে অভিনয় কৰে।আমি দুইজনীকে কেনেকৈ ভাত খুৱাওঁ,কান্দিলে কেনেকৈ নিচুকাওঁ তাৰে অবিকল অভিনয় যেতিয়া তাহাঁতৰ পুতলাবোৰৰ লগত কৰে নাহাঁহি নোৱাৰোঁ ।দুইজনীয়ে পুতলাবোৰক গা-ধুৱাই দিয়ে,চেম্পু কৰি দিয়ে,কান্দিলে নিচুকাই,পানী খুৱাই দিয়ে,ভাত খুৱাই দিয়ে আৰু আমি কোৱা কথাবোৰকে আধাফুটা মাতেৰে সংলাপ দিয়ে।
  শৈশৱৰ খেল-ধেমালীবোৰ যে অসচেতন ভাৱে নাটকৰে একোটা একোটা ৰূপ আছিল সেইকথা এতিয়াহে অনুভৱ কৰিছোঁ ।

No comments:

Post a Comment