Sunday 17 February 2013

মোৰ লৰালিৰ ব’হাগ---ৰঙালী অনুভৱ


মোৰ শৈশৱৰ সতে বহাগ বিহুৰ বহু মধুৰ স্মৃতি জড়িত হৈ আছে ।মোৰ জন্মৰ ঘৰখন আছিল উত্তৰ লখিমপুৰ চহৰৰ চান্দমাৰী অঞ্চলত।আমাৰ অঞ্চলটো আছিল বেলেগ বেলেগ ঠাইৰ পৰা উঠি আহি ইয়াতে স্ঠাই ভাৱে বসবাস কৰিবলে লোৱা বিভিন্ন সমপ্রদায়ৰ লোকৰ মিলনভূমি।
    যেতিয়া সৰু আছিলো আমাৰ সমসাময়িক বয়সৰ লৰা-ছোৱালী বহুত আছিল;ভন,বুলবুলি,মাইনো,ছাঁয়া,লোলো,মৰমি,বুলবুল,দাদুল দা,বাবাতু,ৰিনতু,ভাইটি দা,সৰুদা,মাজুদা ইত্যদি ইত্যাদি।আমি সকলোৱে মিলি এটা বিহুদল গঠন কৰিছিলো।বহাগ বিহুলে এমাহমান থকাৰ আগৰে পৰাই ঘৰে ঘৰে বিহু হুচৰি গাবৰ বাবে আমাৰ ৰিহার্ছেল চলিছিল।আমাৰ ঘৰবোৰৰ পিছফালে একোখন বাঁহনীবাৰী আছিল আৰু  বাঁহনীবাৰী পাৰ হৈয়েই পথাৰ আছিল।আমি সকলোৱে বাঁহনীবাৰীৰ ছাঁ লৈ পথাৰত বিহু ৰিহার্ছেল কৰিছিলো।মই গান গাব নাজানিছিলো যদিও আমাৰ বিহুদলটোত পিছে মইয়ে প্রধান নামতী আছিলোঁ।আমাৰ ইমান ৰিহার্ছেল চলিছিল যে বিহুৰ দিনা গান গাওতে মোৰ মাত ভাগি গৈছিল;তেনেকৈয়ে বিহু গাই ঘূৰি ফুৰিছিলো।
     মনত পৰে,কেনেকৈ বাইদেউহঁতে মুগা ৰিহা মেখেলা চাদৰ পিন্ধাই সজাই দিছিল,চুলিত কিনা খোপা বান্ধি তগৰ ফুল,কপৌ ফুল আদি লগাই দিছিল।কপালত ডাঙৰ ৰঙা ফোঁট আৰু ওঁঠত ৰঙা লিপষ্টিক লগাই বিহু মাৰিবৰ বাবে সাজু কৰি তুলিছিল।মনত যে কিমান আনন্দ লাগিছিল,সচাঁই ৰঙালী অনুভৱ আছিল সেইয়া!লৰাবোৰক দেখিছিলোঁ মাকহঁতৰ চাদৰ বোৰকে চুৰীয়া কৰি পিন্ধিছিল,মূৰত ফুলাম গামোছা লগাইছিল।গৰু বিহুৰ দিনাৰ পৰাই আমাৰ বিহু হুচৰি আৰম্ভ হৈছিল।নিজৰ অঞ্চলত বিহু গাই শেষ কৰি আমি ওচৰৰে খেলমাটি আৰু বান্তৌৰ দুই এঘৰ মানুহৰ ঘৰত বিহু গাইছিলো।বিহুৰ শেষত সকলোৱে সমিলমিলেৰে ভোজ-ভাত খোৱা দিনবোৰলৈ মনত পৰিলে আজিও মনটো ভাল লাগি যায়।
    সময় গতিশীল।গতিশীল সময়ৰ বোকোচাত উঠি দিনবোৰ পুৰণি হল;আমিও ডাঙৰ হলো।পঢ়া-শুনা,কর্মক্ষেত্র,বিয়া-বাৰুএইবোৰৰ ধামখুমীয়াত পৰি আমাৰ লৰালিৰ বহাগ অতীত হৰৈ গল মাথোঁ এটি মিঠা নষ্টালজিক অনুভৱ হৈ!


No comments:

Post a Comment