Saturday, 23 February 2013

এমিলি ডিকিনছন


এমিলি ডিকিনছন কুৰি শতিকাৰ আমেৰিকান মহিলা কবি

    এমিলি ডিকিনছন আছিল এগৰাকী প্ৰচাৰবিমুখ আমেৰিকান মহিলা কবি,যি নিজ ঘৰৰ চাৰিবেৰৰ মাজত গোটেই জীৱন কটাইছিল;মাত্ৰ কেইদিনমানৰ কাৰণেহে বোলে তেওঁ ঘৰৰ বাহিৰ ওলাইছিল। তেওঁ কেৱল ৱাশ্বিংটন,বস্টন,ফিলাডেলফিয়া মহানগৰী কেইখনত ভ্ৰমণ কৰিছিল আৰু মাউন্ট হলিঅক কলেজত এবছৰৰ কাৰণে শিক্ষালাভ কৰিছিল।জীয়াই থকা কালত খুব কম আমেৰিকানেহে তেওঁক জানিছিল;তেওঁৰ দ্বাৰা ৰচিত মাথোঁ সাতোটা কবিতাহে তেওঁৰ জীৱনকালত পোহৰলৈ ওলাইছিল আৰু তেওঁ তেওঁৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকলক কৈ গৈছিল যে মৃত্যুৰ পাছত যেন তেওঁৰ কবিতাবিলাকো পুৰি পেলোৱা হয়।কিন্তু ঈশ্বৰৰ ইচ্ছা আছিল অন্য়ধৰণৰ।এই আমেৰিকান মহিলা কবিগৰাকীয়ে কুৰি শতিকাৰ ইংৰাজী সাহিত্যত শ্ৰেষ্ঠ কবিসকলৰ শাৰীত স্হান লাভ কৰিছে আৰু তেওঁৰ কবিতাই বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
     এইগৰাকী মহিলা কবিৰ জন্ম হৈছিল আমেৰিকাৰ আমহাস্ট চহৰত যি গোটেই জীৱন চিৰকুমাৰী হৈ কেৱল কবিতা ৰচনাতে ব্ৰতী হৈছিল;তেওঁৰ মুখ খন এক সাংঘাতিক বৈষ্যমৰ আকৰ আছিল ধুনীয়া নহলেও তাত বিৰাজ কৰিছিল সৌম্যতা আৰু কাঠিন্য়তাৰ সমন্বয়ত এক উজ্জল প্ৰদীপ্তি। তেওঁৰ আছিল গভীৰ ব্ৰঞ্জ বৰনীয়া দুটি চকু,মসৃণ বগা ছাল আৰু মংগোলীয় বৰণৰ একোছা চুলি।এবাৰ তেওঁৰ এখন ছবি বিছৰা হৈছিলকিন্তু সেই অনুৰোধ প্ৰত্যাখান কৰি তেওঁ নিজেই সাধাৰণভাৱে অথচ স্মৰণীয় ধৰণে নিজৰ ছবি এখন আঁকি পঠাইছিল এনেদৰে—“মোৰ কোনো ছবি নাই।মই মুগা বৰণীয়া সৰু গানগোৱা চৰাইজনীৰ দৰেই নিচেই সৰু।গুটিধৰা কাঠ বাদাম গছৰ পিংগল আৱৰনৰ দৰেই বিশাল মোৰ চুলিকোছা আৰু মোৰ চকুদুটা আলহীয়ে গিলাচত এৰি যোৱা শেঁতা বৰণৰ উৎকৃস্ট মদৰ লেখীয়া। এইখিনি হলেই নহবগৈনে বাৰু?
      এমিলি ডিকিনছনৰ লিখনীসমূহ অনেক ঠাইত সিঁচৰিত হৈ আছিল।তেওঁৰ মৃত্যুৰ বহু বছৰৰ পিছত আমেৰিকাৰ হাভার্ড বিশ্ববিদ্য়ালয়ে ১৯৫৫ চনত টমাছ এইছ জনছনৰ সম্পাদনাত লিখনিসমূহ প্ৰকাশ কৰে।টমাছ জনছনে এমিলিৰ আধালেখা কবিতা আদিকে ধৰি সকলো কবিতাকে সম্পাদনা কৰে;ইয়াৰ পিছত গোটেই পৃথিৱীয়ে এমিলি ডিকিনছন নামৰ এজনী চিৰকুমাৰী মহিলাক ইংৰাজী সাহিত্যৰ মৌলিক চিন্তাবিশিস্ট কবিসকলৰ শ্ৰেণীত যে ধৰিব পাৰি সেই কথা বুজি পায়। কবি এমিলিয়ে ৰহস্য়বাদ,প্ৰেম,প্ৰকৃতি আদি সকলো বিষয় বস্তুকে লৈ কবিতা লিখিছিল।তেওঁৰ দুটামান কবিতা তলত দিয়া হ
(১)পৃথিৱীৰ প্ৰতি মোৰ চিঠি
 পৃথিৱীৰ প্ৰতি মোৰ এই চিঠি
 যি পৃথিৱীয়ে মোলৈ কোনোদিন একো লিখা নাই
 অতি সৰল ভাষাত মৰমৰ প্ৰকৃতিয়ে
 কোমল গাম্ভীযৰে সেই খবৰ দি যায়।
 অদৃশ্য় হাতৰ যোগেদি
 প্ৰকৃতিৰ সেই প্ৰেমৰ কাৰণেই যেন
 মোৰ মৰমৰ দেশবাসীয়ে মোৰ বিচাৰ কৰে।

(২)মই দলনি পথাৰ কেতিয়াও দেখা নাই
মই দলনি পথাৰ কোনোদিন নেদেখিলো
সমুদ্ৰ দর্শনৰ পৰাও সদায় বঞ্চিত লো
তথাপিতো জোপোহা গছবিলাকক কেনে দেখি জানো।
সমুদ্ৰৰ ঢউকো ভালদৰে চিনো।
মই ঈশ্বৰ ৰ সতে কথা পতা নাই
বৈকুণ্ঠও কোনোদিন দেখা পোৱা নাই
কিন্তু তেওঁ আৰু তেওঁৰ ঠাই সম্বন্ধে মই নিশ্চিত
তেওঁ মোক যেন দি গল সম্ভেদ লিখিত।(সহায় লৈ)
     

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যিক অৱদান


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যিক অৱদানৰ ওপৰত এটি চমু আলোকপাত

পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে  শ্ৰীমন্তশঙ্কৰদেৱ মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়।আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি আৰু অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে আছিল তেওঁৰ অখণ্ড ৰাজত্ব। কবিতা,গল্প,উপন্যাস,ৰস ৰচনা,সমালোচনা সাহিত্য,সাধুকথা আদি সকলো বিভাগতে তেওঁ অদ্বিতীয় আছিল। কর্মজীৱনৰ আহুকলীয়া পৰিস্হিতিৰ প্ৰতিকূলতাৰ মাজতো তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিল। নিজ মাতৃভাষাৰ উন্নতিৰ বাবে তেওঁ সাহিত্য  সৃষ্টিক যেন এক প্ৰত্যাহবান হিচাবে লৈছিল আৰু তেওঁৰ স্বকীয় প্ৰতিভা তাতেই উজ্জলি উঠিছিল।
   
বেজবৰুৱা দেৱে নিজকে কবি বুলি ভাবিব পৰা নাছিল যদিও কবিতা হওক বা নহওক তেওঁ বহুতো কবিতা লিখিছিল,ইংৰাজী ১৯১৩ চনত তেওঁৰ কবিতা সংকলন কদমকলি প্ৰকাশ হয়। তেওঁৰ দুটা সুন্দৰ দেশপ্ৰেম মূলক কবিতা হৈছে মোৰ আপোনাৰ দেশ আৰু আনটো আমি অসমীয়া নহওঁ দুখীয়া,কিহৰ দুখীয়া হ, ইংৰাজী ১৯৬৮ চনত তেওঁৰ আনখন কবিতা পুথি পদুমকলি ছপা হৈ ওলাইছিল, তেওঁৰ বীণ-বৰাগী কবিতাটি এটা উল্লেখ যোগ্য় কবিতা।

তেওঁৰ প্ৰকাশিত সাধুকথাৰ কিতাপ জুনুকা(ইং ১৯১৩), ককাদেউতা আৰু নাতি লৰা (ইং ১৯১৩)আৰু বুঢী আইৰ সাধু। প্ৰতিটো সাধুকথাই সকলো শ্ৰেণীৰ পাঠকক মুগ্ধ কৰে। যুগ যুগ ধৰি মুখে মুখে প্ৰচলিত সাধুবোৰ বেজবৰুৱাদেৱে নিজ ভাষাৰে লিখি ছপা কৰি উলিয়াইছিল। বুঢী আইৰ সাধুৰ জনপ্ৰিয়তা সৰবজনবিদিত।

বেজবৰুৱা দেৱক চুটিগল্পৰ জনক আৰু শ্ৰেষ্ঠ চুটি গল্পকাৰ বুলি কোৱা হয়। তেওঁৰ গল্পবোৰত সুখ-দুখ,হাঁহি-কান্দোন,জীৱন পৰিক্ৰমাৰ চিত্ৰ ফুটি উঠিছে;তেওঁৰ গল্পবোৰৰ ভিতৰত ভদৰী আৰু মুক্তি অসমীয়া সাহিত্যৰ প্ৰথম আৰু সকলোসময়ৰে সৰবশ্ৰেষ্ঠ চুটিগল্প। তেওঁৰ গল্পসংকলন বিলাক ক্ৰমে সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি , কেহোকলি আদি।

বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাপদুম কুঁৱৰীঐতিহাসিক সন্দর্ভত লিখা এখন প্ৰেম মূলক উপন্যাস-সুখপাঠ্য, সৃস্টিশীল ৰচনা হিচাপে এই উপন্যাস উপন্য়াস খনি অসমীয়া সাহিত্যত জিলিকি থাকিব।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিল—“চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী আৰু বেলিমাৰ। জয়মতী কুঁৱৰী নাটক খন প্ৰথম আৰু তৃতীয় সাহিত্যসভাৰ অনুস্হানত মনস্হ হোৱাৰ উপৰিও সেই নাটক খনেই অসমৰ প্ৰথম বোলছবিৰূপে পৰিগণিত কৰিছিল-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।তেওঁৰ ধেমেলীয়া নাটক কেইখনৰ ভিতৰত লিতিকাই, পাচনি, নোমল, চিকৰপতি নিকৰপতি”–এই নাটক কেইখনে দর্শকক পেটৰ নাৰী ভূৰি চিঙি যোৱাকৈ হহুঁৱাইছিল।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই হাস্য বংগ সাহিত্যসৃষ্টিৰ বাবে বিভিন্ন ছদ্মনাম গ্ৰহণ কৰিছিল। তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামত অসংখ্য হাস্যাত্মক ৰচনা লিখি থৈ গৈছে কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱা বুলনি, বৰবৰুৱাৰ বুৰবুৰণি , বৰবৰুৱাৰ চিন্তাৰ শিলগুটি বৰবৰুৱাৰ সাহিত্যিক ৰহস্য আৰু কৃপাবৰ বৰুৱাৰ সামৰণি । অসমীয়া মানুহক হাস্য বংগ ৰচনাৰে হহুঁৱাব পৰা তেতিয়া এজনেই লোক আছিল।বুদ্ধিদীপ্ত মন্তব্য, নির্দোষ হাস্য়ৰস আৰু স্হান বিশেষে কটু ব্যঙ্গ, বেজবৰুৱাৰ নিবন্ধাৱলীৰ প্ৰধান মাধ্যম। আধুনিকতা আৰু পৌৰানিকতাৰ সমন্বয়ত গঢি উঠা এগৰাকী প্ৰবল আশাবাদী, হাসোদ্দীপ্ত ব্যক্তিৰ স্বাক্ষৰ এই প্ৰৱন্ধ সমূহে বহন কৰে।

লক্ষ্মীনাথ বেজবৰুৱাই লিখি থৈ যোৱা জীৱনীগ্ৰন্হ হল তিনিখন—“ডাঙৰীয়া দীন নাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শঙ্কৰদেৱ, মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

তেওঁৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ
তেওঁৰ ধর্ম মূলক লেখা—“তত্ব কথা আৰু শ্ৰীকৃষ্ণ

বেজবৰুৱাদেৱে অসমৰ বাহিৰত জীৱনৰ সৰবাধিক সময় কটালেও কোনো ক্ষণতে অসমী আইৰ কথা পাহৰি যোৱা নাছিল, তেওঁৰ কাপৰ পৰা সেয়েহে নিগৰি ওলাইছিল অসমৰ জাতীয় সংগীত মোৰ আপোনাৰ দেশ
বেজবৰুৱাদেৱৰ বিয়োগত অসমে কেৱল যে এজন সাহিত্য কাণ্ডাৰীক হেৰুৱালে এনে নহয়, চিৰজীৱন প্ৰবসুৱা হৈ থাকিও কেনেকৈ মাতৃভূমিক ভাল পাব পাৰি তাৰে আদর্শ দেখুৱাই থৈ যোৱা এজন প্ৰকৃত স্বদেশ প্ৰেমিককো হেৰুৱালে।(সহায় লৈ)

Wednesday, 20 February 2013

এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল


এনেকৈয়ে নিজাৰ পৰে বিষন্ন ৰাতিৰ ফুল
সেউজীয়াত মুখ গুজি
পাহৰিব বিচাৰো এপিয়লা দুখ!

"এজাক বৰষুণৰ কথাৰে.."


গুৰি পৰুৱা হেন বৰষুণজাক কোণীয়াকৈ পৰিছিল;সেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি ছন্দোময় হৈছিল।হঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈ মোৰ কোঠা বিয়পাই পলকতে আঁতৰি গ'ল।
আবেলিলৈ বৰষুণজাক গভীৰ হৈ আহিছিল;সেউজীয়া পাতবোৰ ছন্দোময় গতিত ঘন ঘনকৈ লৰিছিল;হঠাৎ বৰষুণজাক পেঞ্চিলৰঙী ছবি হৈ মোৰ কোঠাত জিলিকি ৰ'ল।"

Tuesday, 19 February 2013

পত্রসখিলৈ চিঠি


প্ৰিয় পত্ৰসখি,

নতুন বছৰৰ শুভেচ্ছা লবা।আজি কিতাপৰ স’তে থকা মোৰ বন্ধুত্বৰ কথা তোমালৈ লিখিব ওলাইছোঁ;পঢ়াছোন...এইবাৰ জানা; মই আমাৰ অফিচৰ কেইবাজনকো একোখন “কিতাপ” উপহাৰ দি নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ ।তোমালৈও এখন কুৰিয়াৰ কৰি পঠাম বুলি ভাবি আছোঁ; কিতাপ “উপহাৰ” হিচাপে দিয়া দেখি অফিচৰে এজনে ক’লে—“আজিকালি বিয়া-সবাহ,উৎসৱ আদিত কিতাপ উপহাৰ দিয়া প্ৰথাটো বহু কমি গ’ল,প্ৰায় নাইকিয়া হোৱাৰ দৰেই....”,পত্ৰসখি, তুমিও বাৰু এনে অনুভৱ কৰানে?আমাৰ অফিচলৈ আজিকালি এজন কিতাপ বেচা মানুহ আহে-এটা ডাঙৰ মোনাত এগালমান কিতাপ চাইকেলখনত ওলোমাই অফিচ পায়হি;মানুহজন দেখিলেই মই গম পাওঁ যে আজি মোৰ বেগৰ পৰা টকাদুটামান খৰছ হ’বই হ’ব:) কাৰণ তেওঁ আহি চকুৰ সন্মূখত কিতাপখিনি মেলি দিয়াৰ লগে লগে দুখনমান নিকিনাকৈ মই থাকিব নোৱাৰোঁ ।কিতাপৰ স’তে বন্ধুত্ব মোৰ কেনেকৈ হ’ল কওঁ শুনা-হঠাতে কণমান চৰাই এটা চোতালত আহি পৰাৰ দৰে এদিন মোৰ হাতত আহি পৰিছিল এখন সৰু কিতাপ, কিতাপখনৰ নাম আছিল-“কিতাপ পঢ়াৰ আনন্দ”(লেখক-হোমেন বৰগোহাঞি) ; কিতাপখন পঢ়ি থাকোঁতে অনুভৱ কৰিলোঁ মই যেন এখন নতুন জগতত প্ৰৱেশ কৰিছোঁ..কিতাপখনে যেন মোৰ ওপৰত যাদুহে সানিলে...লাহে লাহে কিতাপৰ সুবাসে মোক মতলীয়া কৰিলে।স্কুল ছুটীৰ পিছত ঘৰলৈ উভতোতে মই সদায় কিতাপৰ দোকানত সোমোৱা হ’লোঁ;কিনো বা নিকিনো শাৰী শাৰীকৈ সজাই থোৱা কিতাপবোৰ চাই চাই চকু জোৰাওঁ,নিজৰ হাতত জমা হোৱা খুচুৰা পইচাৰে সাপ্তাহিক,দৈনিক বাতৰি পেপাৰবোৰ কিনি ঘৰত গৈ ৰসগোল্লা-লালমোহনৰ দৰে স্বাদ লওঁ।কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গ’লেও ড্ৰয়িং ৰূমত মোৰ চকুদুটাই ক’ত কিতাপ-আলোচনীৰ জাপ আছে সেইবোৰকে চাই ফুৰে আৰু দেখা পালেই যি কোনো এখন হাতত লৈ পঢ়াত ব্যস্ত হৈ পৰোঁ । মানহঘৰে কি ভাবে তাক চাবলৈ যেন মোৰ সময় নাথাকে;তাৰোপৰি বন্ধু-বান্ধবীৰ জন্মদিন আদিত কিতাপ উপহাৰ দিওঁ; আমাৰ উত্তৰ লখিমপুৰ চহৰত তেনেকৈ গ্ৰন্হমেলা নহৈছিল;কেতিয়াবা কাচিৎ হে হয়,হ’লে যাওঁৱেই যাওঁ;সাঁচতীয়া ধনেৰে কিতাপ কিনো,মনৰ জোখাৰে টকাৰ অভাৱত কিতাপ কিনিব নোৱাৰোঁ।আধৰুৱা হেঁপাহেৰে উভতিব লগা হয়..কেতিয়াবা কেতিয়াবা কিতাপৰ হেঁপাহতে ডাঙৰ হৈ গ্ৰন্হাগাৰিক হোৱাৰ সপোন দেখোঁ..পিছে গ্ৰন্হাগাৰিক নহলোগৈ হ’লো কিবা হে :)আজিকালি নিজৰ উপার্জেনেৰে টকা কেইটামান পাওঁ আৰু,সেয়েহে কিতাপ কিনিবলৈ গলে হেঁপাহবোৰ আধৰুৱা হৈ নাথাকে।হেঁপাহ পুৰাই কিতাপ কিনো;কিন্তু মই এতিয়া কি অনুভৱ কৰোঁ জানা-আধৰুৱা হেঁপাহতহে জীৱনৰ স্বাদ আছিল...পিছে কিতাপ দেখিলে মোৰ অধিক মাছত বগলী কণা হয় :) তথাপি মনৰ লেকাম লগাই বাছকবনীয়া কেইখনমান কিনি ঘৰলৈ উভতো।তুমিও তোমাৰ কিতাপৰ কাহিনী লিখিবাচোন দেই...আজিলৈ কলম সামৰিলোঁ ।

ইতি মৌ06/01/12

দেউতালৈ চিঠি


পূজনীয় দেউতা,

সেৱা ল'বাএই চিঠি লিখাৰ পৰত তুমি ইনটেনচিভ কেয়াৰ ইউনিটত বিচনাত পৰি আছা;নিজৰ অভিজ্ঞতাৰে মই জানো,তাত(ICU) ঘৰৰ মানুহবোৰ অনবৰতে থাকিব নিদিয়ে,মাথো অলপ সময় হে দেখা কৰিব দিয়ে;ঘৰৰ মানুহবোৰ চকুৰ আগত নেদেখিলে বৰ বেজাৰ লাগি থাকে....দুখ নকৰিবা দেউতা,তোমাক সুস্হ কৰি তুলিবৰ বাবেই তাত ৰখা হৈছে...তোমাৰ কাষতে অনবৰত থকাৰ মন থাকিলেও মই যাব পৰা নাই দেউতা;মই জানো,তুমি মোৰ অসুবিধাখিনি ভালকৈ বুজি পোৱা...

সৰু দাদাই কৈছে তুমি বৰ কষ্ট পাইছা...ভগৱানক সুধিছো--এনে কিবা মন্ত্ৰ আছেনে যি তোমাৰ শৰীৰৰ যাতনা খিনিক লাঘৱ কৰিব পাৰে?ভগৱানক মনৰ মাজত ৰাখি ধ্যান কৰিছো তোমাৰ বাবে..তুমি যাতে অকনমান আৰাম পোৱা..

তুমিটো ভালকৈয়ে জানা,তোমাক কোনো ক্ষনতে মই হেৰুৱাব নুখোজো..তথাপি তোমাক হেৰুৱাৰ ভয়ে মোক কিয় ব্যতিব্যস্ত কৰি তুলিছে?কিয় চকুলোৰে দুগাল তিতিছে?

চিন্তা নকৰিবা দেউতা,তুমি ভাল হৈ উঠিবা...

দেউতা, তোমাৰ আৰোগ্যৰ বাবেএটা কবিতা লিখিছোঁ;মোৰ মৰমৰ দেউতা,তুমি ভাল হৈ উঠা....

দেউতা, ভগৱানক খাটিছোঁ তোমাৰ আৰোগ্যৰ বাবে

তোমাৰ শৰীৰৰ যাতনাবোৰে মনত কষ্ট দিছে
তোমাক হেৰুওৱাৰ ভয়ে মনত ঢৌৰ গর্জন তুলিছে

তোমাৰ সুস্হতাৰ বাবে এগছি চাকি জ্বলাইছোঁ;ধূপ-ধূনা লগাইছো
কৰুণাময় ভগৱানৰ বেদীত..

দেউতা,তোমাৰ অসুস্হতা মই চাব পৰা নাই
বুকুত বৰফ গলিছে
দুধাৰি লোতক বাগৰিছে

এই যেন বহি দিম....হুৰাওৰাওকৈ কান্দি দিম...

মোৰ জীৱনৰ পৰাজয় মুহুর্তবোৰত
তুমিয়ে সাহস দিছিলা হাৰি নাযাবলৈ

আজি তুমি ৰোগৰ সতে যুঁজিব লগা হৈছে...
মোৰ সাহসী দেউতা, তুমি হাৰি নাযাবা

তোমাৰ আঙুলিত ধৰিয়েই আজি মোৰ বর্তমান দেউতা

তোমাৰ যাতনা মই চাব পৰা নাই
আমাৰ কেউটা লৰা-ছোৱালীৰে আদর্শৱান,তজবজীয়া দেউতা মোৰ
তুমি সোনকালে আৰোগ্য হৈ ঠন ধৰি উঠা

ওঁ অসতো মা: সদ গময়:
তমসো মা: জ্যোতি গময়:
মৃত্যু মা: অমৃতং গময়

পুনৰ সেৱা ল'বা

তোমাৰ মাইনা

Monday, 18 February 2013

“এখন ফ’টো আৰু এটা সপোনৰ সীমনাত ৰৈ”


নীহাৰিকাৰ ৰূমমেট পাৰমিতা বা হোষ্টেল এৰি আজি যাবগৈ,সেইবাবে পুৱাৰে পৰা পেকিং চলি আছে।কলেজীয়া জীৱনৰ শেষ ফাইনেল পৰীক্ষা দিয়া হৈ গ’ল তাইৰ। পাৰমিতা বা যাবগৈ কাৰণে নীহাৰিকাৰ মনটো দুখেৰে ভৰি পৰিছে।তাই যোৱা তিনিটা বছৰে একেটা কোঠাতে একেলগে কটালে পাৰমিতা বা’ৰ লগত;ইমানদিনে বায়েক-ভনীয়েকৰ দৰে মৰমৰ ডোলেৰে বান্ধ খাই আছিল দুয়ো…
“নীহাৰ,মই যামগৈ বুলি মন মাৰি নাথাকিবি,সকলোৱে এদিন হোষ্টেল এৰি যাবই লাগিব,আজি মই গৈছো,কালি তই যাবিগৈ,জীৱনটোৱেই এটা যাত্রা অ’ নীহাৰ।ভালকৈ পঢ়া-শুনা কৰিবি বুজিছ,বেছিকৈ শুই নাথাকিবি আকৌ”।
এইবুলি কৈ পাৰমিতাই নীহাৰিকাক আলফুলে সাৱটি মৰম কৰিলে,বায়েকৰ মৰম পাই ভনীয়েকৰ দুচকু পানীৰে ভৰি পৰিল,পাৰমিতাইও কান্দিলে।
“নীহাৰ,তোক মই ফ’টো এখন দিম,তোৰ ওচৰতে ৰাখি থবি,কাকো নেদেখুৱাবি কিন্তু।মই যেতিয়া ৰিজাল্ট লবলৈ আহিম,ফ’টোখন তেতিয়াহে লৈ যাম”।
এইবুলি কৈ পাৰমিতাই নীহাৰিকাৰ হাতত ফ’টো এখন দিলে,নীহাৰিকাই ফ’টোখনলৈ চাই জোৰকৈ হাঁহি দিলে—“আই ঐ দেহি,ভিনদেউৰ ফ’টো,কেনে ৰোমান্টিক প’জ চোৱা!হা:হা:হা:,আপুনি ঘৰৰ কোনোবাই এতিয়াই দেখা পাই বুলি ভয় খাইছে যেন পাইছো,হ’ব হ’ব,আপুনি নিনিয়ালৈকে ফ’টোখন মোৰ ওচৰতে থাকিব দিয়ক”।
ফ’টোখন ৰাখি থলে নীহাৰিকাই,পিছে কিবা এক ব্যস্ততাত ফ’টোখন নিয়া নহ’ল পাৰমিতাৰ;নীহাৰিকাৰ ফাইলৰ মাজত পৰি ৰ’ল ফটোখন নীৰৱে।
সময়ৰ চকৰি ঘূৰি থাকিল…..
এদিন হঠাত পল্টনবজাৰৰ ভীৰৰ মাজত নহাৰিকাই ৰূপমদা’ক দেখা পালে।বহুবছৰৰ পিছত ৰূপমদা’ক দেখি নীহাৰিকা উৎসাহিত হৈ উঠিল;তাই প্রায় দৌৰি যোৱাদি ৰূপমদা’ৰ কাষ পালেগৈ—
“ৰূপম দা,মোক চিনি পাইছেনে?মই নীহাৰিকা আকৌ,পাৰমিতা বা’ৰ ৰূমমেট”।
“অ’নীহাৰ,কি খবৰ,ক’ত থাকা আজিকালি?”
তাই উত্তৰ দিবলৈ নৌপাওঁতেই এগৰাকী অচিনাকি মহিলা আহি ৰূপমদা’ৰ কাষত ৰ’ল।
“অ’ এইয়া তোমাৰ নবৌ।শিখা,এই আমাৰ কলেজতে পঢ়া ভন্টী নীহাৰিকা…”
নীহাৰিকাৰ মনৰ মাজত যেন ধুমুহা এছাটিহে বৈ গ’ল,তাৰমানে ৰূপমদাই পাৰমিতা বা’ক বিয়া নকৰালে নে পাৰমিতা বাই ৰূপমদা’ক বিয়া নকৰালে!ৰপমদাহঁতৰ পৰা বিদায়লৈ ঘৰলৈ আহি নীহাৰিকাই পাৰমিতা বা’ৰ কথাই ভাবিলে।হোষ্টেলৰ পৰা এৰাএৰি হোৱাৰ পিছত দুই তিনিবছৰ ধৰি দুইজনীৰ মাজত ফোনৰ যোগাযোগ চলি আছিল পিছত লাহে লাহে কিবা এক ব্যস্ততাত তাইৰ পাৰমিতা বা’ৰ স’তে যোগাযোগ নাইকিয়া হ’ল।তাই জনালৈকে ৰূপমদা’ৰ স’তে পাৰমিতা বা’ৰ প্রেম তেতিয়াওটো তজবজীয়া হৈয়েই আছিল!হঠাতে মনৰ মাজত পাহৰি থকা পাৰমিতা বা’ই থৈ যোৱা ফ’টোখনলৈ তাইৰ মনত পৰি গ’ল।
তাই আলমিৰাৰ পৰা কলেজীয়া দিনৰ কাগজ পত্র থকা ফাইলটো ওলিয়াই আনিলে আৰু ফ’টোখন বিচাৰিবলৈ লাগিল,কাগজৰ মাজত সোমাই থকা ফ’টোখন অৱশেষত তাইৰ হাতত পৰিল।ইমানদিনে তাইও পাহৰি আছিল ফটোখনৰ কথা নহলেনো ফ’টোখন তাই পাৰমিতা বা’লৈ পঠাই নিদিয়াকৈ থাকেনে বা পাৰমিতা বা’ইওটো খুজি পঠাব পৰিলেহেঁতেন।তাই ফ’টোখনলৈ চালে—ৰূপমদা’ই পাৰমিতা বা’ক পিছফালৰ পৰা সাৱটি ধৰি আছে,দুয়োৰে মুখতে হাঁহি (পাৰমিতা বা’ৰ মুখত অলপ লাজ লাজ হাঁহি এটা বিয়পি আছে)।ৰূপমদা’ই বা কিমান মৰম আৰু আবেগত পাৰমিতা বা’ক এনেকৈ সাৱটি ধৰিছিল!দুয়োৰে প্রেমৰ সাক্ষী এই ফ’টোখন,যিখন নীহাৰিকাৰ ওচৰত ৰৈ গ’ল!!!তেওঁলোকৰ মাজত বিয়া নহ’ল কিয় বাৰু?বহুতো প্রশ্নই তাইৰ মাজত জুমুৰি দি ধৰিলে।তাই ভাবিলে-চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হয় বুলি এনেই কয়নে?ক’তা,নিজৰ ভনীয়েকৰ দৰে মৰম কৰা নীহাৰিকাক পাৰমিতা বা’ইটো পাহৰিয়েই গ’ল,নহ’লেনো অত’বছৰে তাইৰ খবৰ এটাও লোৱা নাই কিয়?অন্তত:ৰূপমদা’ৰ লগত বিয়া নোহোৱাৰ দুখখিনিকেটো শ্বেয়াৰ কৰিব পাৰিলেহেঁতেন!!!পাৰমিতা বা’ক জগৰীয়া কৰিলেই হ’ব জানো?তাইওটো ইমানদিনে পাৰমিতা বা ক’ত আছে,কি কৰিছে খবৰ লবলৈ সময় নাপালে!!
হোষ্টেলীয়া দিনৰ স্মৃতিৰ সঁফুৰা খুলি তাই বহি ৰ’ল---
“আৰে পাৰমিতা বা,আপোনাৰ ডিঙিৰ চেইনডাল কি হ’ল,নাই দেখোন!”
নীহাৰিকাই পাৰমিতা বা’ৰ ডিঙিত চেইনডাল নেদেখি সুধি পেলালে।তাই গালত টোল পৰা ধুনীয়া হাঁহিটো মাৰি কৈ উঠিল—“চেইনডাল ৰূপমক দিলো যাতে সি মোৰ উপস্হিতি অনবৰতে অনুভৱ কৰিব পাৰে মানে মোৰ শৰী্ৰৰ সুগন্ধ অনবৰতে যেন পাই থাকে সি!মুখ মেলি চাই থকা নীহাৰিকাক পাৰমিতাই এইবাৰ আকৌ সুধিলে-কিবা বুজিলিনে পোৱালি?এই ৰেকর্ডিং কেছেটটো দেখিছ’,ৰূপমে মোক গিফট দিছে,এই গানবোৰত তাৰ মনৰ কথা সোমাই আছে বোলে!শুনিবি নেকি ল’”।
“পাৰমিতা বা,আপোনাৰে দিন আৰু..”এইবুলি কৈ নীহাৰিকাই ৱাকমেনত কেছেটটো ভৰাই অন কৰি হেডফোনটো কাণত লগালে,তাইৰ কাণত ৰোমান্টিক গানৰ গুনগুননি ভৰি পৰিল—“তু,তু হে ৱহি দিল নে যিছে অপনা কাহা….”
আন এদিনৰ কথা…নীহাৰিকাৰ চিলমিলকৈ টোপনি আহিছিলহে…উচুপনিৰ শব্দত তাই সাৰ পাই গ’ল,দেখিলে পাৰমিতা বাই কান্দি আছে।
কিয় কান্দিছে?
চা ছোন চা নীহাৰ,সেই লিপি বোলাজনীয়ে ৰূপমক তাৰ জন্মদিনৰ দিনা টাই এডাল গিফট দিছে আৰু ফোনত ৰূপমৰ লগত খুব কথা পাতি থাকে।মই টাই ডাল তাৰ পৰা কাঢ়ি লৈ আহিলো,কৈছো-সি টাইডাল লগাব নোৱাৰিব,কি দৰকাৰ তাৰ গার্লফ্ৰেণ্ড আছে বুলি জনাৰ পিছতো ৰূপমৰ লগত বাৰে বাৰে কথা পাতি থাকিবলৈ!মই জ্বলিছো নীহাৰ,মোৰ জ্বলন হৈছে,তাক যে মই খুব ভাল পাওঁ,তাক মই আন কাৰো হবলৈ দিব নোৱাৰোঁ
পাৰমিতা বাই এনেকৈ কৈ কৈ নাকৰ পানী,চকুৰ পানী একাকাৰ কৰি কান্দি থাকিল।যি জনী ছোৱালীয়ে ৰূপম দাৰ বেলেগ এগৰাকী ছোৱালীৰ সতে হোৱা বন্ধুত্বও সহিব নোৱাৰি মাজৰাতি কান্দি উঠিছিল সেইজনী পাৰমিতা বাই ৰূপমদাৰ বিয়াখন কেনেকে সহি থাকিব পাৰিলে বাৰু?
নীহাৰিকাৰ পাৰমিতা বাৰ কথা ভাবি বৰ দুখ লাগিল,কত আছে বাৰু পাৰমিতা বা?তাইক মই বিচাৰি উলিয়াবই লাগিব,অ মোৰ ছোন ফেচবুক আছেই, ইমানদিনে কিয় বাৰু পাৰমিতা বাক ফেচবুকত বিচৰা নাছিলো?পাৰমিতা বাৰ আকৌ ফেচবুক আছে বা নাই!!
 নীহাৰিকাই লেপটপটো অন কৰি এয়াৰটেল ৩জি লগাই ইন্টাৰনেট সংযোগ কৰিলে আৰু ফেচবুক খুলি পাৰমিতা মহন্ত নামেৰে অনুসন্ধান কৰিলে,অলপ দেৰিৰ পিছতে পাৰমিতা বাৰ চিনাকি মুখ খন লেপটপত উলাই পৰিল;এখন ফেমিলি ফটো-পাৰমিতা বা,তাইৰ হাজবেণ্ড (হাজবেণ্ডেই হব লাগিব!)আৰু দুয়োৰে মাজত এটি কণমানি।তাৰমানে পাৰমিতা বাইও বিয়া পাতিলে!পাৰমিতা বাক ফটোত বেছ সুখি যেনেই লাগিলচোন!তাই পাৰমিতা বালৈ ফ্ৰেণ্ড ৰিকুয়েস্ট পঠাই দি ভাবিলে—“পাৰমিতা বাই উপযাচি তাইক নজনালে তাইৰ জানো সাহস হব ৰূপম দাৰ লগত কিয় সংসাৰ নহল বুলি সুধিবলৈ?