Wednesday 20 February 2013

"এজাক বৰষুণৰ কথাৰে.."


গুৰি পৰুৱা হেন বৰষুণজাক কোণীয়াকৈ পৰিছিল;সেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি ছন্দোময় হৈছিল।হঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈ মোৰ কোঠা বিয়পাই পলকতে আঁতৰি গ'ল।
আবেলিলৈ বৰষুণজাক গভীৰ হৈ আহিছিল;সেউজীয়া পাতবোৰ ছন্দোময় গতিত ঘন ঘনকৈ লৰিছিল;হঠাৎ বৰষুণজাক পেঞ্চিলৰঙী ছবি হৈ মোৰ কোঠাত জিলিকি ৰ'ল।"

No comments:

Post a Comment