Tuesday 19 February 2013

পত্রসখিলৈ চিঠি


প্ৰিয় পত্ৰসখি,

নতুন বছৰৰ শুভেচ্ছা লবা।আজি কিতাপৰ স’তে থকা মোৰ বন্ধুত্বৰ কথা তোমালৈ লিখিব ওলাইছোঁ;পঢ়াছোন...এইবাৰ জানা; মই আমাৰ অফিচৰ কেইবাজনকো একোখন “কিতাপ” উপহাৰ দি নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ ।তোমালৈও এখন কুৰিয়াৰ কৰি পঠাম বুলি ভাবি আছোঁ; কিতাপ “উপহাৰ” হিচাপে দিয়া দেখি অফিচৰে এজনে ক’লে—“আজিকালি বিয়া-সবাহ,উৎসৱ আদিত কিতাপ উপহাৰ দিয়া প্ৰথাটো বহু কমি গ’ল,প্ৰায় নাইকিয়া হোৱাৰ দৰেই....”,পত্ৰসখি, তুমিও বাৰু এনে অনুভৱ কৰানে?আমাৰ অফিচলৈ আজিকালি এজন কিতাপ বেচা মানুহ আহে-এটা ডাঙৰ মোনাত এগালমান কিতাপ চাইকেলখনত ওলোমাই অফিচ পায়হি;মানুহজন দেখিলেই মই গম পাওঁ যে আজি মোৰ বেগৰ পৰা টকাদুটামান খৰছ হ’বই হ’ব:) কাৰণ তেওঁ আহি চকুৰ সন্মূখত কিতাপখিনি মেলি দিয়াৰ লগে লগে দুখনমান নিকিনাকৈ মই থাকিব নোৱাৰোঁ ।কিতাপৰ স’তে বন্ধুত্ব মোৰ কেনেকৈ হ’ল কওঁ শুনা-হঠাতে কণমান চৰাই এটা চোতালত আহি পৰাৰ দৰে এদিন মোৰ হাতত আহি পৰিছিল এখন সৰু কিতাপ, কিতাপখনৰ নাম আছিল-“কিতাপ পঢ়াৰ আনন্দ”(লেখক-হোমেন বৰগোহাঞি) ; কিতাপখন পঢ়ি থাকোঁতে অনুভৱ কৰিলোঁ মই যেন এখন নতুন জগতত প্ৰৱেশ কৰিছোঁ..কিতাপখনে যেন মোৰ ওপৰত যাদুহে সানিলে...লাহে লাহে কিতাপৰ সুবাসে মোক মতলীয়া কৰিলে।স্কুল ছুটীৰ পিছত ঘৰলৈ উভতোতে মই সদায় কিতাপৰ দোকানত সোমোৱা হ’লোঁ;কিনো বা নিকিনো শাৰী শাৰীকৈ সজাই থোৱা কিতাপবোৰ চাই চাই চকু জোৰাওঁ,নিজৰ হাতত জমা হোৱা খুচুৰা পইচাৰে সাপ্তাহিক,দৈনিক বাতৰি পেপাৰবোৰ কিনি ঘৰত গৈ ৰসগোল্লা-লালমোহনৰ দৰে স্বাদ লওঁ।কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গ’লেও ড্ৰয়িং ৰূমত মোৰ চকুদুটাই ক’ত কিতাপ-আলোচনীৰ জাপ আছে সেইবোৰকে চাই ফুৰে আৰু দেখা পালেই যি কোনো এখন হাতত লৈ পঢ়াত ব্যস্ত হৈ পৰোঁ । মানহঘৰে কি ভাবে তাক চাবলৈ যেন মোৰ সময় নাথাকে;তাৰোপৰি বন্ধু-বান্ধবীৰ জন্মদিন আদিত কিতাপ উপহাৰ দিওঁ; আমাৰ উত্তৰ লখিমপুৰ চহৰত তেনেকৈ গ্ৰন্হমেলা নহৈছিল;কেতিয়াবা কাচিৎ হে হয়,হ’লে যাওঁৱেই যাওঁ;সাঁচতীয়া ধনেৰে কিতাপ কিনো,মনৰ জোখাৰে টকাৰ অভাৱত কিতাপ কিনিব নোৱাৰোঁ।আধৰুৱা হেঁপাহেৰে উভতিব লগা হয়..কেতিয়াবা কেতিয়াবা কিতাপৰ হেঁপাহতে ডাঙৰ হৈ গ্ৰন্হাগাৰিক হোৱাৰ সপোন দেখোঁ..পিছে গ্ৰন্হাগাৰিক নহলোগৈ হ’লো কিবা হে :)আজিকালি নিজৰ উপার্জেনেৰে টকা কেইটামান পাওঁ আৰু,সেয়েহে কিতাপ কিনিবলৈ গলে হেঁপাহবোৰ আধৰুৱা হৈ নাথাকে।হেঁপাহ পুৰাই কিতাপ কিনো;কিন্তু মই এতিয়া কি অনুভৱ কৰোঁ জানা-আধৰুৱা হেঁপাহতহে জীৱনৰ স্বাদ আছিল...পিছে কিতাপ দেখিলে মোৰ অধিক মাছত বগলী কণা হয় :) তথাপি মনৰ লেকাম লগাই বাছকবনীয়া কেইখনমান কিনি ঘৰলৈ উভতো।তুমিও তোমাৰ কিতাপৰ কাহিনী লিখিবাচোন দেই...আজিলৈ কলম সামৰিলোঁ ।

ইতি মৌ06/01/12

No comments:

Post a Comment