পূজনীয় দেউতা,
সেৱা ল'বা।এই চিঠি লিখাৰ পৰত তুমি ইনটেনচিভ কেয়াৰ ইউনিটত বিচনাত পৰি আছা;নিজৰ অভিজ্ঞতাৰে মই জানো,তাত(ICU) ঘৰৰ মানুহবোৰ অনবৰতে থাকিব নিদিয়ে,মাথো অলপ সময় হে দেখা কৰিব দিয়ে;ঘৰৰ মানুহবোৰ চকুৰ আগত নেদেখিলে বৰ বেজাৰ লাগি থাকে....দুখ নকৰিবা দেউতা,তোমাক সুস্হ কৰি তুলিবৰ বাবেই তাত ৰখা হৈছে...তোমাৰ কাষতে অনবৰত থকাৰ মন থাকিলেও মই যাব পৰা নাই দেউতা;মই জানো,তুমি মোৰ অসুবিধাখিনি ভালকৈ বুজি পোৱা...
সৰু দাদাই কৈছে তুমি বৰ কষ্ট পাইছা...ভগৱানক সুধিছো--এনে কিবা মন্ত্ৰ আছেনে যি তোমাৰ শৰীৰৰ যাতনা খিনিক লাঘৱ কৰিব পাৰে?ভগৱানক মনৰ মাজত ৰাখি ধ্যান কৰিছো তোমাৰ বাবে..তুমি যাতে অকনমান আৰাম পোৱা..
তুমিটো ভালকৈয়ে জানা,তোমাক কোনো ক্ষনতে মই হেৰুৱাব নুখোজো..তথাপি তোমাক হেৰুৱাৰ ভয়ে মোক কিয় ব্যতিব্যস্ত কৰি তুলিছে?কিয় চকুলোৰে দুগাল তিতিছে?
চিন্তা নকৰিবা দেউতা,তুমি ভাল হৈ উঠিবা...
“দেউতা, তোমাৰ আৰোগ্যৰ বাবে” এটা কবিতা লিখিছোঁ;মোৰ মৰমৰ দেউতা,তুমি ভাল হৈ উঠা....
দেউতা, ভগৱানক খাটিছোঁ তোমাৰ আৰোগ্যৰ বাবে
তোমাৰ শৰীৰৰ যাতনাবোৰে মনত কষ্ট দিছে
তোমাক হেৰুওৱাৰ ভয়ে মনত ঢৌৰ গর্জন তুলিছে
তোমাৰ সুস্হতাৰ বাবে এগছি চাকি জ্বলাইছোঁ;ধূপ-ধূনা লগাইছো
কৰুণাময় ভগৱানৰ বেদীত..
দেউতা,তোমাৰ অসুস্হতা মই চাব পৰা নাই
বুকুত বৰফ গলিছে
দুধাৰি লোতক বাগৰিছে
এই যেন বহি দিম....হুৰাওৰাওকৈ কান্দি দিম...
মোৰ জীৱনৰ পৰাজয় মুহুর্তবোৰত
তুমিয়ে সাহস দিছিলা হাৰি নাযাবলৈ
আজি তুমি ৰোগৰ স’তে যুঁজিব লগা হৈছে...
মোৰ সাহসী দেউতা, তুমি হাৰি নাযাবা
তোমাৰ আঙুলিত ধৰিয়েই আজি মোৰ বর্তমান দেউতা
তোমাৰ যাতনা মই চাব পৰা নাই
আমাৰ কেউটা ল’ৰা-ছোৱালীৰে আদর্শৱান,তজবজীয়া দেউতা মোৰ
তুমি সোনকালে আৰোগ্য হৈ ঠন ধৰি উঠা।
“ওঁ অসতো মা: সদ গময়:
তমসো মা: জ্যোতি গময়:
মৃত্যু মা: অমৃতং গময়”
পুনৰ সেৱা ল'বা।
তোমাৰ মাইনা

No comments:
Post a Comment