নীহাৰিকাৰ ৰূমমেট পাৰমিতা বা’
হোষ্টেল এৰি আজি যাবগৈ,সেইবাবে পুৱাৰে পৰা পেকিং চলি আছে।কলেজীয়া
জীৱনৰ শেষ ফাইনেল পৰীক্ষা দিয়া হৈ গ’ল তাইৰ। পাৰমিতা বা’
যাবগৈ কাৰণে নীহাৰিকাৰ মনটো দুখেৰে ভৰি পৰিছে।তাই যোৱা তিনিটা বছৰে একেটা কোঠাতে একেলগে
কটালে পাৰমিতা বা’ৰ লগত;ইমানদিনে বায়েক-ভনীয়েকৰ দৰে মৰমৰ ডোলেৰে বান্ধ খাই আছিল দুয়ো…
“নীহাৰ,মই যামগৈ বুলি মন মাৰি নাথাকিবি,সকলোৱে
এদিন হোষ্টেল এৰি যাবই লাগিব,আজি মই গৈছো,কালি তই যাবিগৈ,জীৱনটোৱেই এটা যাত্রা অ’ নীহাৰ।ভালকৈ
পঢ়া-শুনা কৰিবি বুজিছ’,বেছিকৈ শুই নাথাকিবি
আকৌ”।
এইবুলি কৈ পাৰমিতাই নীহাৰিকাক আলফুলে সাৱটি মৰম
কৰিলে,বায়েকৰ মৰম পাই ভনীয়েকৰ দুচকু পানীৰে ভৰি পৰিল,পাৰমিতাইও কান্দিলে।
“নীহাৰ,তোক মই ফ’টো এখন দিম,তোৰ ওচৰতে ৰাখি থবি,কাকো
নেদেখুৱাবি কিন্তু।মই যেতিয়া ৰিজাল্ট লবলৈ আহিম,ফ’টোখন তেতিয়াহে লৈ যাম”।
এইবুলি কৈ পাৰমিতাই নীহাৰিকাৰ হাতত ফ’টো এখন
দিলে,নীহাৰিকাই ফ’টোখনলৈ চাই জোৰকৈ হাঁহি দিলে—“আই ঐ দেহি,ভিনদেউৰ ফ’টো,কেনে ৰোমান্টিক
প’জ চোৱা!হা:হা:হা:,আপুনি ঘৰৰ কোনোবাই এতিয়াই দেখা পাই বুলি ভয় খাইছে যেন পাইছো,হ’ব
হ’ব,আপুনি নিনিয়ালৈকে ফ’টোখন মোৰ ওচৰতে থাকিব দিয়ক”।
ফ’টোখন ৰাখি থলে নীহাৰিকাই,পিছে কিবা এক ব্যস্ততাত ফ’টোখন নিয়া নহ’ল পাৰমিতাৰ;নীহাৰিকাৰ
ফাইলৰ মাজত পৰি ৰ’ল ফটোখন নীৰৱে।
সময়ৰ চকৰি ঘূৰি থাকিল…..
এদিন হঠাত পল্টনবজাৰৰ ভীৰৰ মাজত নহাৰিকাই ৰূপমদা’ক
দেখা পালে।বহুবছৰৰ পিছত ৰূপমদা’ক দেখি নীহাৰিকা উৎসাহিত হৈ উঠিল;তাই প্রায় দৌৰি যোৱাদি
ৰূপমদা’ৰ কাষ পালেগৈ—
“ৰূপম দা,মোক চিনি পাইছেনে?মই নীহাৰিকা আকৌ,পাৰমিতা
বা’ৰ ৰূমমেট”।
“অ’নীহাৰ,কি খবৰ,ক’ত থাকা আজিকালি?”
তাই উত্তৰ দিবলৈ নৌপাওঁতেই এগৰাকী অচিনাকি মহিলা
আহি ৰূপমদা’ৰ কাষত ৰ’ল।
“অ’ এইয়া তোমাৰ নবৌ।শিখা,এই আমাৰ কলেজতে পঢ়া
ভন্টী নীহাৰিকা…”
নীহাৰিকাৰ মনৰ মাজত যেন ধুমুহা এছাটিহে বৈ গ’ল,তাৰমানে
ৰূপমদাই পাৰমিতা বা’ক বিয়া নকৰালে নে পাৰমিতা বাই ৰূপমদা’ক বিয়া নকৰালে!ৰপমদাহঁতৰ পৰা
বিদায়লৈ ঘৰলৈ আহি নীহাৰিকাই পাৰমিতা বা’ৰ
কথাই ভাবিলে।হোষ্টেলৰ পৰা এৰাএৰি হোৱাৰ পিছত দুই তিনিবছৰ ধৰি দুইজনীৰ মাজত ফোনৰ যোগাযোগ
চলি আছিল পিছত লাহে লাহে কিবা এক ব্যস্ততাত তাইৰ পাৰমিতা বা’ৰ স’তে যোগাযোগ নাইকিয়া
হ’ল।তাই জনালৈকে ৰূপমদা’ৰ স’তে পাৰমিতা বা’ৰ প্রেম তেতিয়াওটো তজবজীয়া হৈয়েই আছিল!হঠাতে
মনৰ মাজত পাহৰি থকা পাৰমিতা বা’ই থৈ যোৱা ফ’টোখনলৈ তাইৰ মনত পৰি গ’ল।
তাই আলমিৰাৰ পৰা কলেজীয়া দিনৰ কাগজ পত্র থকা
ফাইলটো ওলিয়াই আনিলে আৰু ফ’টোখন বিচাৰিবলৈ লাগিল,কাগজৰ মাজত সোমাই থকা
ফ’টোখন অৱশেষত তাইৰ হাতত পৰিল।ইমানদিনে তাইও পাহৰি আছিল ফটোখনৰ কথা নহলেনো ফ’টোখন তাই পাৰমিতা বা’লৈ পঠাই নিদিয়াকৈ থাকেনে বা পাৰমিতা বা’ইওটো খুজি পঠাব পৰিলেহেঁতেন।তাই ফ’টোখনলৈ চালে—ৰূপমদা’ই
পাৰমিতা বা’ক পিছফালৰ পৰা সাৱটি ধৰি আছে,দুয়োৰে মুখতে হাঁহি (পাৰমিতা বা’ৰ মুখত অলপ
লাজ লাজ হাঁহি এটা বিয়পি আছে)।ৰূপমদা’ই বা কিমান মৰম আৰু আবেগত পাৰমিতা বা’ক এনেকৈ
সাৱটি ধৰিছিল!দুয়োৰে প্রেমৰ সাক্ষী এই ফ’টোখন,যিখন নীহাৰিকাৰ ওচৰত ৰৈ গ’ল!!!তেওঁলোকৰ
মাজত বিয়া নহ’ল কিয় বাৰু?বহুতো প্রশ্নই তাইৰ মাজত জুমুৰি দি ধৰিলে।তাই ভাবিলে-চকুৰ
আঁতৰ হ’লে মনৰো আঁতৰ হয় বুলি এনেই কয়নে?ক’তা,নিজৰ ভনীয়েকৰ দৰে মৰম কৰা নীহাৰিকাক পাৰমিতা
বা’ইটো পাহৰিয়েই গ’ল,নহ’লেনো অত’বছৰে তাইৰ খবৰ এটাও লোৱা নাই কিয়?অন্তত:ৰূপমদা’ৰ লগত
বিয়া নোহোৱাৰ দুখখিনিকেটো শ্বেয়াৰ কৰিব পাৰিলেহেঁতেন!!!পাৰমিতা বা’ক জগৰীয়া কৰিলেই
হ’ব জানো?তাইওটো ইমানদিনে পাৰমিতা বা ক’ত আছে,কি কৰিছে খবৰ লবলৈ সময় নাপালে!!
হোষ্টেলীয়া দিনৰ স্মৃতিৰ সঁফুৰা খুলি তাই বহি
ৰ’ল---
“আৰে পাৰমিতা বা,আপোনাৰ ডিঙিৰ চেইনডাল কি হ’ল,নাই দেখোন!”
নীহাৰিকাই পাৰমিতা বা’ৰ ডিঙিত চেইনডাল নেদেখি
সুধি পেলালে।তাই গালত টোল পৰা ধুনীয়া হাঁহিটো মাৰি কৈ উঠিল—“চেইনডাল ৰূপমক দিলো যাতে
সি মোৰ উপস্হিতি অনবৰতে অনুভৱ কৰিব পাৰে মানে মোৰ শৰী্ৰৰ সুগন্ধ অনবৰতে যেন পাই থাকে সি”!মুখ মেলি চাই থকা নীহাৰিকাক পাৰমিতাই এইবাৰ আকৌ সুধিলে-“কিবা বুজিলিনে পোৱালি?এই ৰেকর্ডিং কেছেটটো দেখিছ’,ৰূপমে মোক গিফট দিছে,এই
গানবোৰত তাৰ মনৰ কথা সোমাই আছে বোলে!শুনিবি নেকি ল’”।
“পাৰমিতা বা,আপোনাৰে দিন আৰু..”এইবুলি কৈ নীহাৰিকাই
ৱাকমেনত কেছেটটো ভৰাই অন কৰি হেডফোনটো কাণত লগালে,তাইৰ কাণত ৰোমান্টিক গানৰ গুনগুননি
ভৰি পৰিল—“তু,তু হে ৱহি দিল নে যিছে অপনা কাহা….”
আন এদিনৰ কথা…নীহাৰিকাৰ চিলমিলকৈ টোপনি আহিছিলহে…উচুপনিৰ
শব্দত তাই সাৰ পাই গ’ল,দেখিলে পাৰমিতা বা’ই কান্দি আছে।
“কিয় কান্দিছে?”
“চা ছোন
চা নীহাৰ,সেই লিপি বোলাজনীয়ে ৰূপমক তাৰ জন্মদিনৰ দিনা টাই এডাল গিফট দিছে আৰু ফোনত
ৰূপমৰ লগত খুব কথা পাতি থাকে।মই টাই ডাল তাৰ পৰা কাঢ়ি লৈ আহিলো,কৈছো-সি টাইডাল লগাব নোৱাৰিব,কি দৰকাৰ তাৰ গার্লফ্ৰেণ্ড
আছে বুলি জনাৰ পিছতো ৰূপমৰ লগত বাৰে বাৰে কথা পাতি থাকিবলৈ!মই জ্বলিছো নীহাৰ,মোৰ
জ্বলন হৈছে,তাক যে মই খুউব ভাল পাওঁ,তাক মই আন কাৰো হ’বলৈ দিব নোৱাৰোঁ” ।
পাৰমিতা বা’ই এনেকৈ কৈ কৈ নাকৰ পানী,চকুৰ পানী একাকাৰ কৰি কান্দি থাকিল।যি
জনী ছোৱালীয়ে ৰূপম দাৰ বেলেগ এগৰাকী ছোৱালীৰ স’তে হোৱা
বন্ধুত্বও সহিব নোৱাৰি মাজৰাতি কান্দি উঠিছিল সেইজনী পাৰমিতা বা’ই ৰূপমদা’ৰ বিয়াখন কেনেকে সহি থাকিব পাৰিলে বাৰু?
নীহাৰিকাৰ
পাৰমিতা বা’ৰ কথা ভাবি বৰ দুখ লাগিল,ক’ত আছে বাৰু পাৰমিতা বা?তাইক মই বিচাৰি উলিয়াবই লাগিব,অ’ মোৰ ছোন ফেচবুক আছেই, ইমানদিনে কিয় বাৰু পাৰমিতা বা’ক ফেচবুকত বিচৰা নাছিলো?পাৰমিতা বা’ৰ আকৌ ফেচবুক আছে
বা নাই!!
নীহাৰিকাই লেপটপটো অন কৰি এয়াৰটেল ৩জি লগাই
ইন্টাৰনেট সংযোগ কৰিলে আৰু ফেচবুক খুলি “পাৰমিতা
মহন্ত” নামেৰে অনুসন্ধান কৰিলে,অলপ দেৰিৰ পিছতে পাৰমিতা বা’ৰ চিনাকি মুখ খন লেপটপত উলাই পৰিল;এখন ফেমিলি ফ’টো-পাৰমিতা
বা,তাইৰ হাজবেণ্ড (হাজবেণ্ডেই হ’ব লাগিব!)আৰু দুয়োৰে মাজত
এটি কণমানি।তাৰমানে পাৰমিতা বা’ইও বিয়া পাতিলে!পাৰমিতা বা’ক ফ’টোত বেছ সুখি যেনেই লাগিলচোন!তাই পাৰমিতা বা’লৈ ফ্ৰেণ্ড ৰিকুয়েস্ট পঠাই দি ভাবিলে—“পাৰমিতা বা’ই উপযাচি তাইক নজনালে তাইৰ জানো সাহস হ’ব ৰূপম দা’ৰ লগত কিয় সংসাৰ নহ’ল বুলি সুধিবলৈ?”
No comments:
Post a Comment