Thursday 30 March 2017

মোৰ মৰমৰ জান-হিয়া,

মোৰ মৰমৰ জান-হিয়া,
মোৰ মৰম-চুমা ল’বা৷আজি মই তোমালোকক ৰাংঢালি নামৰ এজনী ছোৱালীৰ কাহিনী ক’ম৷
ৰাংঢালী নামৰ এজনী ছোৱালী আছিল৷তাই গান গাই,নাচি,কবিতা আদি লিখি খুউব ভাল পাইছিল৷এদিন হঠাত বুকুৰ বিষ হৈ ৰাতিপুৱা তাই অজ্ঞান হৈ পৰিল৷ডাক্তৰে ৰাংঢালিক ক’লে যে তাইৰ যিটো বেমাৰ হৈছে তাৰবাবে এবছৰ বিশ্ৰাম ল’ব লাগিব৷কিন্তু তাই পুনৰ সুস্থ হৈ উঠিবনে নে নুঠিব তেনেধৰণৰ কোনো উৎসাহপূৰ্ণ বাক্য ডাক্তৰজনে নোকোৱাকৈ গুচি গ’ল৷
ৰাংঢালিৰ মনলৈ হতাশা নামি আহিল৷অনবৰতে মৃত্যুৰ চিন্তা আহিবলৈ ধৰিলে৷তাইৰ লগতে কিয় এনে হ’বলৈ পালে সেইকথা ভাবি কান্দোনত ভাগি পৰিল৷এদিন তাইৰ বন্ধু দীপে তাইৰ বেমাৰৰ খবৰ ল’বলৈ আহিল৷দীপে দেখিলে যে ৰাংঢালি চিন্তাতে খীনাই গৈছে৷দীপক দেখিয়েই ৰাংঢালিয়ে নিজৰ হতাশা,বিৰক্তি,তিক্ততা আদিৰ কথা জনালে৷দীপে ৰাংঢালিৰ কথা শুনি মিচিকিয়াই হাঁহিলে আৰু ৰাংঢালিক ক’লে – “এবছৰ বিশ্ৰাম লোৱা মানে তোমাৰ বাবে আনন্দৰহে কথা!তুমি নিজৰ বিষয়ে ভাবিবলৈ বহুত সময় পাবা৷মই তোমাৰ বাবে ধুনীয়া ধুনীয়া কিতাপ আনি দিম,সেইবোৰ পঢ়িবা৷তোমাৰ ভাল লগা গানবোৰ শুনিবা৷হিয়াৰ আবেগেৰে কবিতা লিখিবা৷চাবা,জীৱনটো কিমান সুন্দৰ হৈ পৰিব!!” দীপৰ কথাই ৰাংঢালিৰ প্ৰাণত যেন নতুন আশাৰ সঞ্চাৰ কৰিলে৷” তাই সিদ্ধান্ত কৰিলে যে তাই আনন্দ,সুখ আৰু স্বাস্থ্যৰ কথা ভাবিয়েই দিন পাৰ কৰিব৷তাই দীপে আনি দিয়া অনুপ্ৰেৰণামূলক কিতাপবোৰ পঢ়িবলৈ ধৰিলে৷গান শুনিলে,গান গুণগুণালে৷কবিতাও লিখিবলৈ ধৰিলে৷তাইৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিল৷তাই পুৱা শুই উঠিয়েই জীৱনটোৰ প্ৰতি কৃতজ্ঞ অনুভৱ কৰে৷তাই নিজকে ধুনীয়াজনী বুলি ভাবে আৰু পৰিপূৰ্ণ স্বাস্থ্যৰ অধিকাৰী বুলি ভাবে৷লাহে লাহে তাইৰ বন্ধু-বান্ধৱীসকলে তাইৰ বেমাৰৰ খবৰ ল’বলৈ অহা হ’ল৷সকলোৰে লগত হাঁহি মাতি তাই উচ্ছল হৈ পৰে৷
এই ঘটনাই তাইৰ গোটেই জীৱনটোৱেই পৰিৱৰ্তন কৰি তুলিলে৷তাই শিকিলে কৃতজ্ঞতাবোধৰ দৰে মহৌষধৰ ব্যৱহাৰ৷এনেকৈয়ে তাই সুস্বাস্থ্যৰ অধিকাৰী হৈ পৰিল৷
মোৰ মৰমৰ জান-হিয়া,সেয়ে সদায় জীৱনৰ প্ৰতি কৃতজ্ঞ হ’বলৈ শিকিবা৷জীৱনত যি পাইছা তাৰ হিচাপহে সদায় কৰিবা,নোপোৱাখিনি লৈ দুখী হৈ নাথাকিবা৷সদায় সুখী হ’বলৈ যত্ন কৰিবা৷
আজিলৈ চিঠিখন ইমানতে সামৰিছোঁ৷ পুনৰ বহুত বহুত মৰমেৰে,
ইতি
তোমালোকৰ মৰমৰ মা
৩০/০৩/১৭

No comments:

Post a Comment