Monday 13 March 2017

মৌচুমী বৰিৰ নৱতম গ্ৰন্থ, খুহুঁতীয়া কথাৰ ভঁৰাল- 'গল্ফীৰ ডায়েৰী' :
আখৰুৱাৰ অন্যতম সক্ৰিয় আৰু ঘনিষ্ঠ সদস্য হিচাপে মৌচুমী বৰি আমাৰ মাজত যিদৰে পৰিচিত, সেইদৰে ''গল্ফীৰ ডায়েৰী'ৰ স্ৰষ্টা হিচাপেও সমাদৃত। সেইগৰাকী মৌচুমী বৰিৰ খুহুঁতীয়া কথাৰ ভঁৰাল- 'গল্ফীৰ ডায়েৰী'ৰ প্ৰথম খণ্ড দুদিনমান আগতে ডাকযোগে পালোঁ আৰু লেখিকালৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
''গল্ফীৰ ডায়েৰী'ৰ পাতনিত লেখিকাই লিখিছে- 'মোৰ জীৱনত স্বতঃস্ফুৰ্তভাবে হাস্যমধুৰ মুহূৰ্তৰ সৃষ্টি হয়- এই কথা ভাবি মই নিজেই আচৰিত হোৱাৰ লগতে মুখলৈ হাঁহি বিয়পি পৰে। এদিন মনলৈ আহিল- নিজৰ ক্ষেত্ৰত ঘটা হাঁহি উঠা কথাবোৰ টুকি থোৱা হওক।......এদিন কোনো এক শুভ ক্ষণত কল্পনাতে এজনী মৰমলগা ছোৱালীয়ে মোৰ মনত অগা-দেৱা কৰিবলৈ ধৰিলে আৰু তাইৰ নাম ৰাখিলোঁ 'গল্ফী'। তাৰ পিছতেই 'গল্ফীৰ ডায়েৰী'......ফেচবুকৰ নিজৰ সময়ৰেখাত লিখাৰ উপৰিও ই-সাহিত্যৰ দুটি সৃষ্টিশীল গোট 'অসমীয়াত কথা বতৰা' আৰু 'আখৰুৱা'ত লিখিবলৈ ধৰিলোঁ......পাঠকসকলে আদৰি লোৱা দেখি আনন্দিত হৈ পৰিলোঁ।......গল্ফীৰ ডায়েৰী লিখি থাকিলে জীৱনৰ সৰু-সুৰা হতাশা, মানসিক চাপ আদি পাতলি যায়, যেন জীৱনৰ সৰু-বৰ যন্ত্ৰণাক জয় কৰাৰ এয়া এক মহৌষধ।"
এনে ধ্যান-ধাৰণাৰ মাজেৰে আগুৱাই মৌচুমীয়ে ''গল্ফীৰ ডায়েৰী' লিখি গৈছে বুলি জানি ভাল লাগিল। লিখাৰ আনন্দই মানুহক কিদৰে উপকৃত কৰিব পাৰে, পাঠকক তাৰেই উমান দিবলৈ যেন মৌচুমীয়ে আগবঢ়াই দিলে, তেওঁৰ নৱতম গ্ৰন্থ ''গল্ফীৰ ডায়েৰী"। মৌচুমীৰ এই অকপট কথাই আমাকো আনন্দ দিলে।
এইখিনিতে 'গল্ফীৰ ডায়েৰী'ৰ পৰা আপোনালোকলৈ এটি হাস্যমধুৰ মুহূৰ্ত আগবঢ়ালোঁ-
"ছয় বছৰীয়া টিংকুক শিক্ষকে সুধিলে-
শিক্ষক : টিংকু, কাউৰীয়ে কেনেকৈ মাতে অ'?
টিংকু : ছাৰ, আপুনি আজিলৈকে শিকোৱাই নাই, আমাৰ ঘৰতো কাউৰী নাই, মই কেনেকৈ জানিম কাউৰীয়ে কেনেকৈ মাতে?"
উল্লেখ্য যে 'গল্ফীৰ ডায়েৰী'ত সন্নিৱিষ্ট ছবিসমূহে বিষয়বস্তুৰ মাজলৈ পাঠকক লৈ যোৱাত সহায় কৰিছে, সেইদৰে ব্ৰ্টুপাতৰ চিত্ৰ আকৰ্ষণীয় আৰু অৰ্থৱহ হৈছে। 'গল্ফীৰ ডায়েৰী' গ্ৰন্থখন চেমনীয়া সকলৰ পৰা আৰম্ভ কৰি যিকোনো পাঠকে পঢ়ি ভাল পাব বুলি আমাৰ বিশ্বাস।
ব্যক্তিগতভাবে মৌচুমীক এতিয়ালৈ লগ পোৱা নাই যদিও, তেওঁৰ গ্ৰন্থৰ সৈতে আমাৰ পৰিচয় আগতেই হৈছে। ইতিমধ্যে আমি পঢ়িছোঁ তেওঁৰ কাব্য-গ্ৰন্থ- 'এজাক বৰষুণৰ অপেক্ষাত' আৰু এতিয়া পঢ়িলোঁ 'গল্ফীৰ ডায়েৰী'। দুয়োখন গ্ৰন্থই চাকৰি সূত্ৰে অভিযন্তা গৰাকীৰ মাজত লুকাই থকা সাহিত্য অনুৰাগী গৰাকীৰ সৈতে পৰিচিত হোৱাত সহায় কৰিছে।
মৌচুমীৰ সাহিত্য-চৰ্চা আগুৱাই যাওক, তাৰেই কামনা কৰিলোঁ আৰু তেওঁৰ নতুন গ্ৰন্থ 'গল্ফীৰ ডায়েৰী' পাঠকে আদৰিব বুলি আশা কৰিলোঁ।
~ মনোহৰ দত্ত
১৩ মাৰ্চ, ২০১৭
_________________________________________
গল্ফীৰ ডায়েৰী, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ২০১৭
প্ৰকাশক : প্ৰাঞ্জল আবিৰ দাস।
কাৰ্টুন শিল্পী : অৰ্ণৱ ৰত্ন পাৱে, বাৰ্বী বৰুৱা।
বেটুপাতৰ শিল্পী : অৰ্ণৱ ৰত্ন পাৱে
মূল্য : ষাঠী টকা।
মুদ্ৰণ : বিনায়ক অফচেট প্ৰেছ, শিৱসাগৰ।

ভাল লাগিল 'গল্ফীৰ ডায়েৰি'ৰ বিষয়ে আপোনাৰ অনুভৱ জানিব পাৰি৷ ফেচবুকত গল্ফীৰ ডায়েৰিয়ে পাঠকক যেনেকৈ একোটা নিৰ্মল মূহুৰ্ত প্ৰদান কৰে, কিতাপখনেও নিশ্চয় পাঠকক এক নিৰ্মল সুখ দিব৷ কিতাপখন হাতত পৰা নাই এতিয়াও৷ পঢ়িম সোনকালে৷ লেখিকা মৌচুমী বা’লৈ শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ৷ -- হীৰকজ্যোতি বৈশ্য
ফেইচবুকৰ গল্ফীৰ ডায়েৰি প্ৰায়ে পঢ়োঁ, ডায়েৰি কথাবোৰ বৰ ৰসাল লগতে খুব সৰলকৈ লিখে বাবে কিবা এটা মোহ জাগে। কিতাপ আকাৰে ওলোৱা খবৰটো শুনি ভাল পালোঁ। বাইদেউলৈ বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো।--- অচ্যুত মাধৱ দাস

No comments:

Post a Comment