Sunday 5 March 2017

মাকে জীয়ৰীলৈ লিখা চিঠি

মাকে জীয়ৰীলৈ লিখা চিঠি:মাৰ্চ,২০১৭
মোৰ মৰমৰ জান-হিয়া,
মৰমবোৰ ল’বা৷ আজি মই তোমালোকক এটি অধৈৰ্য ল’ৰাৰ কাহিনী ক’ম যি জন ল’ৰাই এজনী চৰাইৰ কাৰুকাৰ্য দেখি পিছলৈ ধৈৰ্য গুণ লাভ কৰিছিল৷ল’ৰাটি নিজৰ কাম-কাজ লৈ ইমানেই অধৈৰ্য আছিল যে কামৰ কথা ভাৱি পুৱাৰ আহাৰ চোবাই নাখাই লৰালৰিকৈ গিলিছিল৷এইদৰে লৰা-ঢপৰা কৰি থকাৰ ফলত দুপৰীয়ালৈ ল’ৰাটি ক্লান্ত হৈ পৰিছিল আৰু ৰাতি যেতিয়া বিছনালৈ গৈছিল ল’ৰাটিৰ সৰ্বশৰীৰ অসাৰ যেন হৈ পৰিছিল৷
এদিন ল’ৰাটিৰ ৰাতি ভালকৈ টোপনি নাহিল৷সেয়ে তেনেই দোকমোকালিতে উঠি সি খিৰিকীৰ দাঁতিত বহি পুৱাৰ পৰিৱেশ চাই আছিল৷হঠাতে গছ এজোপাত এজনী চৰাই ল'ৰাটিয়ে দেখিবলৈ পালে৷চৰাইজনীয়ে পাখিৰ মাজত মূৰ গুজি ডেউকাদুখন বহলকৈ মেলি শুই আছিল৷মাজে মাজে চৰাইজনীয়ে সাৰ পায় আৰু ঠোঁটটো পাখিৰ মাজৰ পৰা উলিয়াই আনে,তন্দ্ৰালস দৃষ্টিৰে চাৰিওপিনে এবাৰ চায় আৰু ঠেং এটা আৰু ডেউকাএখন মেলি দিয়ে৷ক্ষন্তেক পিচতে সেই ঠেংটো আৰু ডেউকাখন কোচাই আনে, আৰু একেটা কামেই ইটো ঠেং আৰু ডেউকাখনৰ লগত কৰে – অৰ্থাৎ মেলি দিয়ে আৰু চপাই আনে৷ইয়াৰ পিছত চৰাইজনীয়ে মূৰটো আকৌ পাখিৰ মাজত গুজি দি “সুখটান” টোপনি অকন মাৰে৷তাৰপিছত মূৰটো উলিয়াই খুউব সাৱধানে চাৰিওফালে এবাৰ চায় আৰু মূৰটো পিছলৈ বেঁকা কৰে৷ডেউকাদুখন বহলকৈ আৰু ঠেং দুটা দীঘলকৈ মেলি দিয়ে আৰু এটি সুৱদী গীত জুৰে৷সেই গীত যেন নতুন দিনৰ আদৰণি গীত!!গীত শেষ কৰি চৰাইজনী জঁপিয়াই জঁপিয়াই অলপ দূৰ যায় আৰু দুটোপমান চেঁচাপানীৰে ডিঙিটো তিয়াই লৈ খাদ্যৰ সন্ধানত উৰা মাৰে৷
চৰাইজনীৰ এই কাণ্ড-কাৰখানাই ল’ৰাটিৰ মনলৈ এক বিৰাট পৰিৱৰ্তন আনিলে৷সেইদিনাৰ পৰা সিও চৰাইজনীৰ দৰেই কামবোৰ ধীৰে-সুস্থিৰে কৰিবলৈ আৰম্ভ কৰিলে৷পুৱাৰ আহাৰ লৰালৰিকৈ নিগিলি লাহে-ধীৰে চোবাই খাবলৈ ললে৷বেসুৰাকৈ হ’লেও গান এটি গুণগুণাবলৈ আৰম্ভ কৰিলে৷এনেকৈ কৰাৰ ফলত তেওঁৰ মনৰ অধৈৰ্য গুণ,খিঙখিঙিয়া স্বভাৱ,দুশ্চিন্তা আদি নাইকিয়া হ’ল৷ল’ৰাটিৰ এনে লাগিল – তেওঁ যেন এজন নতুন মানুহ হ’ল৷ল’ৰাটিয়ে গোটেই দিনটো শান্তিৰে পাৰ কৰাৰ উপৰিও ৰাতি শেতেলীলৈ অতি সন্তুষ্টমনেৰে যাব পৰা হ’ল৷ অৱসাদ,ক্লান্তি আদি যেন বহু দূৰলৈ আঁতৰি গ’ল৷
সেয়ে মোৰ জান-হিয়া..জীৱনত কোনো কথাতে কোনো পৰিস্থিতিতে কেতিয়াও অধেৰ্য নহ’বা৷চৰাইজনীৰ কাহিনী তোমালোকেও সদায় মনত ৰাখিবা৷
বহুত মৰম আৰু চুমাৰে আজিলৈ চিঠিখন সামৰোঁ৷
ইতি
তোমালোকৰ মা
০৫/০৩/১৭

No comments:

Post a Comment