জন্মোৎসৱৰ দিনা
তুমি থকাৰ কথা আছিল
কথাটো নাছিল তুমি
যাবাগৈ বুলি!
হঠাতে বিদায় উৎসৱ
পাতি তুমি গ’লাগৈ..
তুমি আছা এতিয়া
প্ৰকৃতিৰ কোলাত
তুমি চাগৈ উপভোগ
কৰিছা
বতাহৰ সুহুৰিৰ
তন্ময়তাৰে বা’ লাগি হালি-জালি থকা বাঁহপাতৰ গুণগুণনি..
ভাবিছো মনতে,কেনে
হ’ব পাৰে তোমাৰ পৃথিৱী!
তুমি হয়তো পুৱাৰ
পখীৰ কলকাকলিত সাৰ পাইছা
কোমল ৰ’দ,নিশাৰ জোনাকী
এইবোৰ তোমাৰ সহচৰ হৈ পৰিছে..
No comments:
Post a Comment