Sunday 17 February 2013

বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে



বহু দিন কবিতা লিখা নাই

বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে

কবিতা এটাৰ বাবে বাট চাই আছিলোঁ...

তেনেতে সপোনতে দেখিলোঁ

মোৰ হাতৰ মুঠিলৈ আলফুলে সোমাই আহিছে এটা সপোন

চিনাকি ঘাঁহনিডৰাৰ দৰেই হাতৰ আঁজলিত জিলিকি উঠিছে সপোনটো

জিলিকনিৰ মাজতে হঠাতে দেখা পালোঁ এখন চিনাকি মুখ

এটা চিনাকি সুৰ অলপ চিনাকি অভিমান কিছু চিনাকি মৰম...
আৰু

আৰু মোৰ হাতৰ মুঠিত আলফুলে কবিতাটো…

No comments:

Post a Comment