আই,তই যেতিয়া মোৰ আই হৈছিলি
হালিজালি নাচিছিল নে সেউজ ধাননিডৰা ?
তোৰ হিয়াখন বাৰু কিমান ভৰি পৰিছিল
কিমান মাণিকীমধুৰী সপোনবোৰে অগাদেৱা কৰিছিল
তই বাৰু কিমানবাৰ গুণগুনাইছিলি মোৰ মুখলৈ চাই চাই
মোৰ মুখৰ হাঁহি থুনুক-থানাক খোজ
তোৰ বাবে আছিল নে সৰগৰ কোমল জোনাক!
মোক কোলাত লৈ
তই বাৰু ফুৰিছিলি নে পাৰিজাত ফুলৰ নন্দন বনত
মই আছিলোনে
তোৰ বাবে আমঠুৰ মিঠা বাঁহীৰ সুৰ!
আই,আজি মইও আই হ’লো
তই যে হ’লি আইতা
চা ছোন চা,কেনেকৈ উলাহত নাচিছে ধুনীয়া ধাননি ডৰা।
No comments:
Post a Comment