Friday 15 February 2013

নীৰৱে সৰি পৰা তোমাৰ চকুপানীৰ টোপালটো


নীৰৱে সৰি পৰা তোমাৰ চকুপানীৰ টোপালটো

এটা মুকুতাৰ দৰে পাতাবাহাৰ জোপাত জিলিকি ৰ'ল

এৰি অহা আৰু আহিব ধৰাৰ মাজৰ সময়খিনি

চাৰিআলিটোতে থমকি ৰল

তুমি যদি ভাবা এই সময় তোমাৰ ইচ্ছাৰ সময়

তেনে তোমাৰ ইচ্ছাৰেই সাকাৰ কৰা তাক

তুমি যদি ভাবা এই সময় তোমাৰ ভাগ্যৰ অধীন

তেনে তুলসী তলত সদায় জ্বলাই ৰাখা এগছি চাকি

তোমাৰ এই দোমোজাৰ সময়

আৰু পাতাবাহাৰ জোপাত জিলিকি ৰোৱা চকুপানীৰ টোপালটো

একেটা সুৰতে বন্ধা যেন এটা প্রাচীন সুৰ

সেউজীয়া

No comments:

Post a Comment