Monday 18 February 2013

গুৰুত্ব


কথাকেইটা শুনি শইকীয়াৰ ভাল নালাগিল ৷ খঙ নুঠিল, কিন্ত্ত বেজাৰ লাগিল ৷ শইকীয়াই কবিতা, গল্প, উপন্যাস এইবোৰৰ প্রতি অদ্ভুত আৰ্কষণ অনুভৱ কৰে ৷ তেওঁৰ মতে, শিল্প থকাৰ বাবেই পৃথিৱীখন ইমান সুন্দৰ ৷
     আজি ৰাতিপুৱাই শইকীয়াই মোনাটো লৈ ওচৰতে থকা বজাৰখনলৈ বুলি গৈছিল ৷ ৰাস্তাতে বৰুৱাক লগ পালে ৷ কথাৰ মাজত কবিতা লিখাৰ কথাও ওলাল ৷ ‘কবিতা’ৰ প্রসঙ্গ অৱশ্যে উলিয়াইছিল শইকীয়াই নিজে ৷ তেওঁ বৰুৱাৰ পৰা এনে এটা হতাশজনক কথা শুনিব বুলি সাজু হৈ থকা নাছিল ৷ “এহ শইকীয়া, এই কবিতা-চবিতাবোৰ মই যে একেবাৰেই বেয়া পাওঁ- বৰ আমনিদায়ক ৷ জীৱনত যদি কিবা বেয়া পাওঁ তেন্তে এই কবিতাবোৰেই”৷ বৰুৱাৰ কথা শুনি শইকীয়াৰ মনটো মৰহি গ’ল ৷ খঙ নুঠিল, মাথোঁ দুখ লাগিল; তেওঁৰ বুকুত যেন বৰুৱাই শেল এডালহে সুমুৱাই দিলে ৷ চাকৰিৰপৰা অলপতে অৱসৰ লোৱা শইকীয়াই এতিয়া বেছিভাগ সময় কবিতা লিখাত  ব্যস্ত হৈ থকাৰ  বাবে তেওঁৰ শ্রীমতীও কেতিয়াবা টিঙৰিতুলা হৈ পৰে- সেই লৈও শইকীয়াৰ বৰ দুখ ৷ সেয়ে বৰুৱাৰ কথাকেইটা শুনি শইকীয়াৰ খং নুঠিল, মাথোঁ বেজাৰহে লাগিল৷
      শ্রীমতীক বজাৰ কৰি অনা মোনাটো দি শইকীয়া আগফালৰ বাৰান্দাখনৰ বেতৰ চকীখনত বহি পৰিল ৷ ৰাতিপুৱা হকাৰে দি যোৱা পেপাৰখনৰ ওপৰত চকু ফুৰালে ৷ দেওবৰীয়াঅকণি চৰাটোলৈ তেওঁৰ চকু গল ৷ সৰু সৰু লৰা-ছোৱালীৰ কেইবাটাও কবিতা প্রকাশ হৈছে- ‘মোৰ মন যায়’, ‘মোৰ ভাইটিইত্যাদি  ইত্যাদি ৷মোৰ মন যায়/ডাক্তৰ হবলৈ/ৰোগীক বেজি দি/সুস্থ কৰি তুলিবলৈ/মোৰ মন যায় কবিতা লিখিবলৈ/ ভবিষ্যতে বিখ্যাত কবি হবলৈ ৷”- শইকীয়াই পঢ়িলে ৷ এটা অপৈণত মনৰ অকণমানি সৰু কবিতা, কিন্ত্ত কবিতাটোৱে শইকীয়াক অদ্ভুত আনন্দ দিলে ৷ তেওঁৰ মনটো ভাল লাগি গল ৷  তেওঁ নিজৰ মনটোকে সন্তোষ দিলে এইবুলি ভাবি- “বৰুৱাৰ দৰে মানুহেনো কি বুজি পাব, সিহঁতে কেৱল যান্ত্ৰিকতাহে চিনি পায় ৷তেওঁ কলেজীয়া দিনৰে পৰাই দুই এটা প্রবন্ধ-পাতি লিখিবলৈ আৰম্ভ কৰিছিল, লগতে কবিতাও ৷ সেইবোৰ প্রকাশো হৈছিল-কলেজ আলোচনী, স্থানীয় আলোচনী, ৱাল মেগাজিন ইত্যাদিত ৷ দুই একে তেওঁক প্রশংসা নকৰাও নহয় কবি সন্মিলনলৈও নিমন্ত্রণী চিঠি পাইছিল এবাৰ ঘুনুক-ঘানাককৈ শুনিছিল তেওঁৰ কবিতা পঢ়ি ছোৱালী এজনী বোলে তেওঁৰ প্রেমত পৰিছে পিছে কোন সেই ছোৱালী তেওঁ আজিও নাজানিলে এম. . টো পাছ কৰি কলেজত সোমোৱাৰ পিছতে তেওঁ মাক-দেউতাকৰ পছন্দৰ বোৱাৰী ললিতাক বিয়া পাতিলে ললিতাক বিয়া পাতি শইকীয়া সুখী নহল বুলি কেতিয়াও কব নোৱাৰে, কাৰণ জীৱনত যিমান দুৰ্জয়-ধুমুহা আহিছে প্রতিটো ক্ষেত্ৰতে ললিতাৰ পৰা তেওঁ অফুৰন্ত সহায় পাইছে মাথো তাই শইকীয়াৰ দৰে কবিতাপ্রেমী নহয় আৰু কোনোদিন শইকীয়াক এইবোৰৰ প্রতি উৎসাহিত কৰা নাই অথবা কোনোদিন শইকীয়াৰ লিখনিক লৈ প্রশংসাত পঞ্চমুখ হোৱা নাই। বিয়াৰ পাছত শইকীয়াই চাকৰিৰ বাবে ললিতাক লৈ ধুবুৰীত ভাৰাঘৰত আছিল। ৰাতিপুৱা সদায় ললিতাই শইকীয়াৰ পঢ়া-শুনা কৰা টেবুলখন চাফা কৰে। শইকীয়াই বেয়া কাগজত অ’ত-ত’ত লিখি থোৱা কবিতাবোৰ তাই ঘৰ সৰাৰ লগতে পেলাই দিয়ে। পিছত শইকীয়াই লিখি থোৱা কবিতাটো বিচাৰি হায়ৰাণ হয়। কেতিয়াবা আকৌ আলহিলৈ বুলি কিবা বান্ধি দিবলৈ হ’লে শইকীয়াৰ কবিতা লিখা কাগজতে বান্ধি পঠায়। এদিন খঙত  শইকীয়াই ললিতাক গালি পাৰিলে, তেওঁৰ পঢ়া টেবুলখনত হাত নলগাবলৈ ক’লে।  শইকীয়াৰ গালি শুনি ললিতাৰ বৰ অভিমান হ’ল, সেয়ে তাই সেইদিনা মুখলৈকে ভাত নিয়া নাছিল।অৱশ্যে ললিতাই ইয়াৰ পাছত আৰু কোনোদিন শইকীয়াৰ পঢ়া টেবুলৰ কাগজ-পত্রত হাত দিয়া নাছিল তেওঁলোকৰ জীৱনলৈ এদিন প্রথম  সন্তান বিতু আহিলসি লাহে লাহে থুনুক-থানাককৈ খোজ কাঢ়িব পৰা হ;সি যেতিয়া শইকীয়াৰ পঢ়া টেবুলখন যেনে তেনে ঢুকি পাব পৰা হ,এদিন শইকীয়াৰ অজানিতে সি টেবুলৰ ওপৰৰ পৰা বহী এখন নমাই আনি কাগজবোৰ ফালি ছিৰাছিৰ কৰিলেদুপৰীয়া কলেজৰপৰা ভাত খাবলৈ আহি শইকীয়াৰ মূৰ গৰম হৈ গ’ল।বহীখন শইকীয়াৰ পুৰণি কবিতাৰ বহী আছিল।সেইদিনাও তেওঁ  ললিতাক গালি পাৰিলে, “হেৰা,তুমি ঘৰত কি কৰি থাকাহে?তোমাৰ পুতেৰে এইবোৰ কি অৱস্হা কৰিলে খবৰ নাই? সেইদিনা কিন্ত ললিতাই শইকীয়াক ওলোটাই শুনালে—“ঘৰৰ কাম-বন নকৰি অনবৰতে মই ইয়াক চাই থাকিলে হ’বনে ? পাৰা যদি ছোৱালী এজনী নাৰাখা কিয় ?’’ ললিতাৰ কথা শুনি শইকীয়াই অৱশ্যে বিতুক চোৱা-চিতা কৰিবলৈ ছোৱালী এজনীও ৰাখিছিল । গধূলি তেওঁ বিতুক কোলাত লৈ সান্ধ্যভ্রমণ কৰিছিল।।ৰাতিৰ আকাশৰ জোন আৰু তৰাবোৰলৈ আঙুলিয়াই শইকীয়াই বিতুক দেখুৱায় আৰু ক’বলৈ শিকায়-“জোনবাই এ এটি তৰা দিয়া ।‘’ বিতুৱে কয়—“বাদা এ বাদা’’ । শইকীয়াৰ হাঁহি উঠে ।এই বিতুৱেই এতিয়া চাকৰিৰ বাবে আমেৰিকাত থাকে; বিয়াও পাতিলে আমেৰিকাৰে ছোৱালী ।দুবাৰমান সি বোৱাৰী লৈ আহিও গৈছে ।সিদিনা শইকীয়াই তাৰ পৰা এখন চিঠিও পাইছে—নাতি ল’ৰা এটা হোৱাৰ খবৰ।নাতি ল’ৰাটো  অলপ ডাঙৰ হ’লেই বিতুৱে ঘৰলৈ দেখুৱাবলৈ লৈ আহিম বুলি লিখিছে ।তেওঁলোকৰ একমাত্র পুত্র বিতুৱে আমেৰিকাৰ ছোৱালী বিয়া কৰোৱাৰ বাবে প্রথমে মনত দুখ পালেও “পুতেকৰ আনন্দই তেওঁলোকৰ আনন্দ” বুলি ধৰি লৈ তেওঁলোক এতিয়া সুখী।শইকীয়াই অৱসৰ লোৱা দুবছৰমানেই হ’ল। শইকীয়া আৰু ললিতাৰ বাহিৰে তৃতীয় এটা প্রাণী নথকা এই নিজম ঘৰটোত শইকীয়াই সাহিত্য সাধনাতে ব্যস্ত হৈ থাকে।সেয়ে কেতিয়াবা ললিতাই বিৰক্তিৰ সুৰত কয়, “তুমি এইবোৰৰ লগতে থাকা,মই বিতুৰ লগত আমেৰিকাত থাকোঁগৈ।তোমাকটো এইবোৰৰ বাহিৰে কাকো প্রয়োজন নাই”। শইকীয়াৰ এই ব্যস্ততাক ললিতাই কোনোদিনে ভাল চকুৰে নাচালে---শইকীয়াই  ভাবে।অৱশ্যে  ললিতালৈ শইকীয়াৰ বেয়াও লাগে---নিজৰ মনৰ বোৱাৰী ললিতাই নাপালে।বিতুও ডাঙৰ হোৱাৰপৰা সদায়ে আঁতৰতেই থাকিল।ললিতাৰ যে বিতুকলৈ কত’ চিন্তা।এতিয়াও চিন্তাৰ ওৰ নাই,ৰাতিপুৱা-গধূলী কেৱল “বিতু”।বিতুৰ কাৰণে তাই মৰি যাব;বিতুৰ নামত বছৰত কেইবাটাও সকামো পাতিছে। সুদূৰ আমেৰিকাৰ পৰা বিতুৰ যদি ফোন আহে সেইদিনাখন ললিতাই কান্দে।শইকীয়াইও যে নিজৰ পুতেকক লৈ চিন্তা নকৰে সেইয়া অৱশ্যে নহয় ; কিন্তু ললিতাৰ দৰে ইমান আৱেগপ্রৱণ তেওঁ কোনো দিন হোৱা নাই৷ আমেৰিকাৰ পৰা বিতুৰ ফোন আহিলে তেওঁ ললিতাৰ দৰে নাকান্দে, অৱশ্যে সি যেন তাত ভালে-কুশলে থাকে সেইটো তেওঁ মনে-প্রাণে কামনা কৰে ৷ পুতেকক লৈ শইকীয়া আৰু ললিতা দুয়োজনেই সুখী- তেওঁলোকে বিচৰাৰ দৰেই বিতুৱে সদায় পঢ়া-শুনাত নাম কৰি আহিছে আৰু জীৱনত প্রতিষ্ঠিত হৈছে ৷ কেৱল তেওঁলোক অলপ অসন্তুষ্ট হ’ল বিতুৰ বিয়াখনক লৈ ৷ “আপুনি হাতত পেপাৰখন লৈ কি ভাবি আছে ?’’ললিতাৰ মাতত সম্বিৎ ঘূৰিল শইকীয়ৰ।এপিয়লা চাহ লৈ ললিতা তেওঁৰ কাষত থিয় হৈ আছে।ললিতাৰ হাতৰ পৰা চাহকাপ লৈ শইকীয়াই ক’লে—“বিতুৰ কথাকে ভাবিছিলোঁ”।“এইবাৰ কিন্তু কৈ দিছো,বিতুৰ লগত মই আমেৰিকালৈ যামগৈ;নাতিটোক মই চোৱাচিতা নকৰিলে কোনে কৰিব?”ললিতাৰ কথাত শইকীয়াইও হয়ভৰ দিলে—“এৰা তুমি চোৱাচিতা নকৰিলে কোনেনো কৰিব! তুমি যোৱাৰ কথা লৈ বিতুলৈ মই আজিয়েই চিঠিএখন লিখিম”।ললিতাৰ মুখত হাঁহি বিৰিঙিল।শইকীয়াৰ মনটো ভাল নালাগিল,ঘৰখন এৰি যাবও নোৱাৰি,নাতিটোক চাবলৈ তেওঁৰো বৰ হেঁপাহ।তেওঁৰো জীৱনত কিমান কথাত কিমান বস্তুলৈ হেঁপাহ জাগিছে,সকলোবোৰ মনৰ মাজত ৰাখোতেই গৈছে;ললিতাই কিন্তু হেঁপাহবোৰ অতি সহজেই পূৰ কৰিব পাৰিছে।“আপুনি আকৌ কি ভাবিবলৈ আৰম্ভ কৰি দিলে;চাহকাপ চেঁচা হ’ব এতিয়া…”  চাহত চুমুক দি শইকীয়াই ক’লে—“চাহকাপ সঁচায়ে চেঁচা হ’ল”
           খটংকৈ গেট খুলি দুজন ল’ৰা শইকীয়াৰ ঘৰলৈ বুলি আগবাঢ়ি অহা শইকীয়াই দেখিলে;ল’ৰাদুজন আহি বাৰান্দাতে বহি থকা শইকীয়াৰ কাষ পালেহি।দুইটাই শইকীয়াক নমস্কাৰ জনালে;শইকীয়াইও মূৰটো দুপিয়াই দুয়োকে বহিবলৈ ক’লে।“চাৰ,আমি ৰাজ্যিকভিত্তিত কবিতাৰ সেউজী সমাৰোহ পাতিব বিচাৰিছোঁ;আপুনি সমাৰোহখনি উদ্বোধন কৰি আমাক ধন্য কৰে যেন”---এইবুলি কৈ এজন ল’ৰাই শইকীয়ালৈ বুলি লেফাফা এটা আগবঢ়াই দিলে। “চাৰ,আমি মাহেকীয়া কবিতা আলোচনী প্রকাশ কৰাৰ কথাও ভাবিছোঁ;তাৰবাবে আপোনাৰ পৰা দিহা-পৰামর্শ বিচাৰিছোঁ”।শইকীয়াই কাষতে ৰৈ থকা ললিতালৈ চালে;ললিতাইও শইকীয়াৰ মুখলৈ চালে।
           ল’ৰাদুজন যোৱাৰ পাছত ললিতাই শইকীয়াক ক’লে—“আপোনাৰ সহিত্য চর্চাই যে সমাজখনত গুৰত্ব পাইছে,তাকে দেখি মোৰ বৰ ভাল লাগিছে অ’;আজিৰ পৰা আপুনি অত’দিনে লিখা সকলো কবিতাই মই পঢ়িবলৈ আৰম্ভ কৰিম..”শইকীয়াই বাতৰিকাকতখনত চকু থৈ মিচিককৈ হাঁহি এটা মাৰিলে।।

No comments:

Post a Comment