Sunday 29 March 2015

গল্ফীৰ ডায়েৰী

গল্ফীৰ ডায়েৰী
আমাৰ গাঁৱৰ মোহনৰ কথা কৈ শেষ কৰিব নোৱাৰি৷
এবাৰ মোহনে বাইকৰ পৰা পৰি বেয়াকৈ দুখ পালে ৷ ঘৰত মাকে ভালকৈ বাইক চলাব নাজান’ বাবে বিপদ ঘটাইছ’ বুলি গালি দিলত মোহনে মাকক ক’লে—“গালি পাৰি নাথাকিবাছোন ! বিপদে চিঠি দি আহে নেকি?”
মোহনৰ চকু দুটা বৰ সৰু সৰু আছিল ৷ এদিন দেউতাকে ঘৰৰ ভিতৰৰ পৰা দা খন আনিবলৈ মোহনক পাচিলে ৷ তাৰ পিছে আনি দিবলৈ মন নাই, সেয়ে সি দেউতাকক ক’লে – “চোৱা দেউতা মোৰ চকু দুটা ইমান সৰু , মই দা খন দেখিকে নাপাওঁ,কেনেকৈ আনিম?”
এদিন ৰাতি সি আঁঠুৱাৰ বাহিৰত শুই আছিল ৷ মাকে দেখি মোহনক জগালে আৰু সুধিলে –“তই যে আঁঠুৱাৰ ভিতৰত নুশুই আঁঠুৱাৰ বাহিৰত শুইছ’ কি কথা?”
মোহনে ক’লে – “আঁঠুৱাৰ ভিতৰত ইমান ম’হ! সিহঁতকে তাত শুবলৈ দি মই বাহিৰত শুই আছো !”

No comments:

Post a Comment