Sunday 29 March 2015

“তামাৰ-চামুগুৰীয়া খেলৰ মিচিং সকল”

প্ৰথম মিৰি বুৰঞ্জী লেখক সোনাৰাম পাঞা কটকীৰ এখন কিতাপ দেউতাই তেওঁৰ স্কুলীয়া দিনতে পঢ়িবলৈ পাইছিল ৷সংৰক্ষণ কৰা নহ’ল বাবে দুৰ্ভাগ্যবশত: কিতাপখন দেউতাৰ হাতত এতিয়া নাই, কিন্তু কিতাপখন পঢ়ি তেওঁৰ যি খিনি কথা মনত থাকি গ’ল সেই কথাখিনিকে দেউতাই মোক কৈছিল ৷ দেউতাই কোৱাৰ ভিত্তিতে মই এই লেখাটো যুগুত কৰিলোঁ ৷ কোনো লোকে যদি লেখাটোৰ তথ্যখিনিত আসোঁৱাহ বিচাৰি পায় শুধৰাই দিলে নথৈ সুখী হ’ম আৰু কৃতজ্ঞ হৈ ৰ’ম ৷
কিতাপখনত কটকী দেৱে মিচিং সম্প্ৰদায়ৰ ময়েঙীয়া, চায়েঙীয়া, আয়েঙীয়া আদি খেলৰ লোক সকলৰ বিষয়ে দফা দফাকৈ লিখাৰ উপৰিও তামাৰ-চামুগুৰীয়া খেলৰ মানুহখিনিৰ মিচিং মাত কথাৰ সলনি কেনেকৈ অসমীয়া মাত-কথা হ’ল সেইবিষয়ে এটি কিম্বদন্তীৰে বৰ্ণনা কৰিছে ৷ কিম্বদন্তীটো আছিল এনেকুৱা – পাঞা ডাঙৰীয়াই ঠাই টুকুৰা উল্লেখ কৰা নাছিল, খুব সম্ভৱ শদিয়াৰ ফালে হ’ব লাগিব৷ শদিয়াৰ ফালে তেওঁলোক নদীৰ পাৰত বসতি কৰিছিল ৷ নৈখনৰ ইপাৰ-সিপাৰ দুইপাৰে দুখন গাঁও আছিল আৰু দুইখন গাঁৱৰ মাজত সদ্ভাৱ নাছিল, প্ৰায়ে কাজিয়া-পেচাল হৈ থাকিছিল ৷ এবাৰ কাজিয়া ইমানেই বেছি হ’ল যে এখন গাঁৱৰ মানুহে ইখন গাঁৱক ৰাতিৰ ভিতৰতে আক্ৰমণ কৰি একেবাৰে কাটি-মাৰি আদায় কৰাৰ সংকল্প ললে আৰু সেই উদ্দেশ্যে ১৫-১৬ জনীয়া ডেকা ল’ৰাৰ দল এটাই ৰাতিৰ ভিতৰতে ভূৰ বান্ধিলে ৷ ভূৰ মানে তেতিয়াৰ দিনত হয়তো পচলাৰ ভূৰ হ’ব পাৰে ৷ ভূৰৰ ৰচি এনেকুৱা ধৰণে বান্ধিলে যে এডাল ৰচি কাটিলে ভূৰখন আপোনা-আপুনি সিটো পাৰ পায়গৈ ৷ বঠা মাৰিব নালাগে ৷ সেই ভূৰখনতে আৰু এডাল ৰচি বান্ধিলে যি ডালৰ সহায়ত সিহঁতে আকৌ নিজৰ গাঁৱলৈ উভতি আহিব পাৰে ৷ সিহঁতে এনে এটা বেয়া কাম যিহেতু সুস্হ মগজুৰে কৰিব নোৱাৰে গতিকে সিহঁতে ইখন গাঁৱক আক্ৰমণ কৰাৰ আগতে বেছিকৈ মদ্যপান কৰি ললে ৷ সিহঁতে ৰচী কটাৰ সময়ত যিডাল ৰচী কাটিলে ভূৰখন সিপাৰলৈ গ’লহেঁতেন সেইডাল নাকাটি ইপাৰৰ পৰা আহিবলগীয়া ৰচীডাল মদৰ নিচাত ভুলতে কাটি পালে ৷ এনেকৈ ৰচী কাটি গোটেই মানুহখিনি ভূৰত উঠিলত ভূৰখন জোকাৰণি খাই লৰচৰ কৰি সিপাৰলৈ ভূৰখন নগৈ ঘটং মটং কৰি অলপদূৰ গৈ ভূৰখন নিজৰ পাৰতে ৰ’ল ৷ পিছে তেওঁলোকে সুৰাৰ ৰাগীত এই ভুলৰ উমান নাপালে আৰু ভাবিলে যে তেওঁলোক ইতিমধ্যে শত্ৰুৰ গাঁৱত আহি উপস্হিত হৈছে ৷ গতিকে তেওঁলোকে ভূৰৰ পৰা জপিয়াই নিজৰে ল’ৰা-ছোৱালী, মাক-বাপেকক কাটি টহিলং কৰিলে ৷ যেতিয়া ৰাতিপুৱাল, তেওঁলোকৰ নিচা আঁতৰিল --- তেতিয়া দেখিলে যে তেওঁলোকে নিজৰ পৰিয়ালৰ মানুহকে কাটি-মাৰি শেষ কৰিলে ৷নিজৰ ভুল বুজিব পাৰি তেওঁলোকে দুখে-বেজাৰে লাজে-অপমানে সেই ঠাই এৰি কোনেও গম নোপোৱাকৈ ভৈয়ামলৈ গুচি আহিল ৷ সেই দলটোৱে আহি ভৈয়ামত অনাই বনাই ঘূৰি ফুৰোঁতে সেইসময়ত অসমত আহোম ৰজাৰ ৰাজত্ব চলিছিল আৰু তেতিয়া অসমত দাঁহী সাপ(ডাঙৰ ফেটী) ৰ খুউব উপদ্ৰৱ হৈছিল ৷ দাঁহী সাপে মানুহৰ মাত শুনিলেই খেদি আহে আৰু একেবাৰে জাঁপ মাৰি যাব পাৰে ৷ দাঁহী সাপৰ উপদ্ৰৱত ৰজাই উপায়ান্তৰ হৈ ঘোষণা কৰিলে যি এই দাঁহী সাপ নিৰ্মূল কৰিব পাৰিব তেওঁলোকক যি লাগে তেনেকুৱাই পুৰষ্কাৰ দিয়া হ’ব ৷ তেতিয়া সেই অনাই বনাই ঘূৰি ফুৰা মিৰি মানুহৰ দলটোৱে বাতৰিটো শুনা পালে আৰু সিহঁতে লগে লগে ৰজাৰ কাষ চাপিলে আৰু ক’লে যে মৰণত শৰণ দি হ’লেও তেওঁলোকে দাঁহী সাপ নিৰ্মূল কৰিব ৷ ৰজাইও তেওঁলোকক আদেশ আৰু আশ্বাস দিলে ৷ৰজাৰ আদেশ পাই মিৰি মানুহৰ সেই দলটোৱে সাপ নিৰ্মূল কৰাৰ কাম আৰম্ভ কৰি দিলে ৷সাপে যিহেতু মানুহৰ মাত শুনিলে খেদা মাৰি আহে গতিকে সিহঁতে কলৰ পচলা টুকুৰা-টুকুৰকৈ কাটি এখন হাতত পচলা আৰু আনখন হাতত দা লৈ সাপৰ অনুসন্ধানত লাগি গ’ল ৷যেতিয়া সাপে মাত শুনি খেদি আহে তেতিয়া সিহঁতে পচলা ডাল সাপৰ সন্মূখলৈ দলিয়াই দিয়ে আৰু মানুহ বুলি ভাবি সাপডালে পচলাডালকে মেৰিয়াই ধৰে ৷ এনেকৈ মেৰিয়াই ধৰোঁতেই হাতত থকা দা খনেৰে সাপডাল টুকুৰা-টুকুৰকৈ কাটি পেলায় ; যিহেতু পচলাডালো কাটিবলৈ সহজ ৷ এনেকৈ সেই দলটোৱে দাঁহী সাপ নিৰ্মূল কৰি সাপৰ উপদ্ৰৱৰ পৰা ৰাইজক সকাহ দিলে ৷ৰজাই তেওঁলোকক কি পুৰষ্কাৰ লাগে সুধিলত সিহঁতে নিজৰ দুখৰ কাহিনী বৰ্ণনা কৰিলে আৰু ইয়াত অনাই বনাই ঘূৰি ফুৰাৰ কথা জনালে ৷তেতিয়া ৰজাই অসমৰ বিভিন্ন জাতিৰ ছোৱালীৰ লগত তেওঁলোকৰ বিয়া-বাৰু পতাই দি সংস্হাপন কৰি দিলে ৷সেই মানুহখিনি দুটা খেলত বিভক্ত হ’ল ৷ এখিনি তামাক গছৰ তলত বাস কৰিবলৈ ললে যিসকলক মিচিং সম্প্ৰদায়ৰ “তামাৰ” মানুহ বুলি জনা যায় আৰু আনটো খেলক “চামুগুৰীয়া” বুলি কোৱা হয় – এইখিনি মানুহে “চাম গছ”ৰ তলত বাস কৰিবলৈ লৈছিল ৷ চামুগুৰীয়া খেলৰ মানুহখিনি কালক্ৰমত উজনিলৈ আহি ৰঙানদী, ডিক্ৰং – এই দুখন নদীৰ পাৰত বসতি কৰিবলৈ ল’লে৷ সেইকাৰণে চামুগুৰীয়া খেলৰ মানুহখিনি উত্তৰপাৰতেই বেছিকৈ দেখিবলৈ পোৱা যায় ৷ তামাৰ মানুহখিনি দক্ষিণ পাৰৰ গোলাঘাটৰ এলেকাত থাকিল, পিছত তাৰে অলপ মানুহ উজনিলৈ আহিল ৷ চামুগুৰীয়া মানুহখিনিৰ মাজলৈ অসমীয়া সংস্কৃতিৰ প্ৰভাৱ বেছিকৈ পৰিল ৷ তেওঁলোক নামঘৰ প্ৰধান হোৱাৰ লগতে বৰসভা, তুলনী বিয়া আদি পাতিবলৈ ললে, কিন্তু তামাৰ খেলৰ লোকসকলে তুলনী বিয়া নাপাতে৷
চামুগুৰীয়া খেলৰ মানুহখিনিৰ মাতকথাবোৰ অসমীয়াভাষী লোকৰ স’তে বেছি মিল দেখা যায় কিন্তু অকনমান লেহেমীয়াকৈ কথা-বতৰাবোৰ কয় ৷ খুবসম্ভৱ অসমীয়াভাষী মাকৰ সন্তান হোৱা বাবে তামাৰ-চামুগুৰীয়া খেলৰ লোকসকলৰ মাজত মিচিংভাষাটো লোপ পাইছিল৷ চামুগুৰীয়া লোকসকলে লৃগাং উৎসৱ, ডবৰু পূজা আৰু নৰা-ছিগা বিহু পতা তেনেকৈ দেখা নাযায় ৷কিন্তু তামাৰ খেলৰ লোকসকলে এইবিলাক উৎসৱ পতা দেখা যায় ৷
মৌচুমী বৰি
Like · Comment · 

No comments:

Post a Comment