Sunday 29 March 2015

"বাঙ্ময় মুহূৰ্ত্ত"



প্ৰিয় সখীয়ে ক'লে --
"আজি তোমাক মই মোৰ প্ৰিয় চুবুৰীটোলৈ লৈ যাম" ৷
মনটো এনেয়ে সুখানুভূতিৰে ভৰি আছিল তাতে প্ৰিয় সখীৰ প্ৰিয় চুবুৰী; একে উশাহতে ৰাজী হ'লো ৷
এটি নিস্তৰংগ দুপৰীয়াৰ একান্ত নিৰ্জন হ্ৰদৰ পাৰত আমি দুয়ো বহি পৰিলোঁ ৷
বহু দিনৰ সাঁচি থোৱা বহুতো কথাৰে আমাৰ দুয়োৰে হৃদয় ভৰি আছিল৷
নিস্তৰংগ দুপৰীয়াটোৰ নিৰ্জন হ্ৰদৰ পাৰৰ মৌনতাৰ আলাপে সেইদিনা এটি বাঙ্ময় ৰূপ লৈছিল ৷
গছৰ সেউজীয়া পাতবোৰ, হ্ৰদত চৰি থকা হাঁহ কেইজনী সাক্ষী আছিল
আমাৰ সান্নিধ্যৰ বাঙ্ময় মুহূৰ্ত্তৰ ৷৷

No comments:

Post a Comment