সকলো সময়ৰে বোধহয় এটা শেষ কান্দোন থাকে
তোমাৰ বাৰু মনত আছেনে
শেষ বাৰৰ বাবে হৃদয় উজাৰি তুমি কেতিয়া কান্দিছিলা !
শেষ বাৰৰ বাবে হৃদয় উজাৰি তুমি কেতিয়া কান্দিছিলা !
সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ শেষ বিন্দুত থিয় হৈ
তেওঁ আজি উচুপি উঠিল
এৰি অহা সময়ৰ দিনলিপি আওঁৰাব নোৱাৰিলে তেওঁ
আবেগে হেঁচি থলে....
তেওঁ আজি উচুপি উঠিল
এৰি অহা সময়ৰ দিনলিপি আওঁৰাব নোৱাৰিলে তেওঁ
আবেগে হেঁচি থলে....
হেঁচি থোৱা মাততো আছিল মাত
সেই মাত আহি সকলোৰে হৃদয় চুলে
সকলোৱে উচুপিলে
দুখত, সুখত নে আবেগত!
সেই মাত আহি সকলোৰে হৃদয় চুলে
সকলোৱে উচুপিলে
দুখত, সুখত নে আবেগত!
সময়ৰ শেষ কান্দোনটো এটি কবিতা হৈ
বতাহত উপঙি থাকিল ৷৷
বতাহত উপঙি থাকিল ৷৷
No comments:
Post a Comment