Sunday, 29 March 2015

“গল্ফীৰ ডায়েৰি”

“গল্ফীৰ ডায়েৰি”
“দেহৰ ভৰষা নাই, শুনিছনে নাই
আজি হাঁহি আছো
কবতো নোৱাৰোঁ
কাইলৈ বা কি হ’ব হাঁয়…..”
ড্ৰাইভাৰ মোহনে গাড়ীত লগোৱা গানটো মনোযোগেৰে শুনি গৈ আছিলো ৷ বৰদেউতালৈ মনত পৰিছিল ৷ মোহনক ক’লো – “গানটো শুনিলত বৰদেউতালৈ মনত পৰি গ’ল অ’ মোহন ! বৰদেউতাও গোটেই দিনটো হাঁহি মাতি অফিচ কৰি হঠাতে ৰাতি ঢুকাই থাকিল…..” ৷
মোৰ লগত বহি যোৱা মাজনী বাইদেৱে কথাখিনি শুনি ঘপকৈ ক’লে --- “অ’…. বৰদেউতাই এই গানটো গাই গায়েই মৰিছিল নেকি ?”
মাজনী বাইদেউৰ কথা শুনি হাঁহিমেই নে কান্দিমেই তেনে লাগি গ’ল !!!

No comments:

Post a Comment