Sunday 29 March 2015

“গল্ফীৰ ডায়েৰি”

“গল্ফীৰ ডায়েৰি”
বিজয় আৰু লক্ষী দুয়ো একেলগে মেছ কৰি থাকে ৷ দুয়োটাই কম্পানী এটাত নতুনকৈ চাকৰিত সোমাইছে ৷ বিজয়ে সদায় গোমটী দোকান এখনৰ পৰা বাকীত জৰ্ডা পাণ আৰু চিগাৰেট খায় ৷ লক্ষী আছিল মহা দুষ্ট আৰু অঘাইটং ল’ৰা ৷ সি প্ৰায়ে বিজয়ে গম নোপোৱাকৈ তাৰ বাকী খোৱা দোকানৰ পৰা বিজয়ৰ নামত বাকীকৈ জৰ্ডা খাই আহে ৷ বিজয়ে বহুদিনলৈ লক্ষীৰ এই দুষ্ট বুদ্ধি গ’ম পোৱা নাছিল ৷ পিছে এদিন উৰহী গছৰ ওৰ উলাই পৰিল আৰু লক্ষীৰ ওপৰত তাৰ বৰ খং উঠিল ৷ সি লক্ষীক এসেকা দিম বুলি সিহঁতৰ ৰূম পালেহি ৷ লক্ষীয়ে ভাত খাবলৈ বুলি তাৰ থালীত ভাত দুহেতা ৰাখিছিলহে ….বিজয়ে “বেটা, তোক আজি মই ভাত খুৱাইছো ৰ’” এইবুলি কৈ ভাজি বনোৱা কেৰাহীখন দলিয়াই দিলে..কেৰাহীখনো উৰি গৈ ভাজিয়ে-চাজীয়ে মজিয়াত পৰিল ৷ লক্ষীয়ে এখন্তেক বিজয়লৈ চালে আৰু ভাত দুহেতাকে লৈ খাবলৈ বহিল…..বিজয়ে বেয়া বেয়া মাত মাতি তাক গালি পাৰি থাকিল আৰু লক্ষীয়ে সুদা ভাত খিনি মনোযোগ দি খাই থাকিল …..তেনেতে বীৰুৰ প্ৰৱেশ৷ বিজয়ৰ গালি শুনি শুনি লক্ষীয়ে সুদা ভাত খাই থকা দৃশ্য দেখি বীৰুৰ বৰ হাঁহি উঠিল ৷ গালি পাৰি পাৰি বিজয় ৰূমৰ পৰা ওলাই যোৱাৰ পিছত বীৰুৱে লক্ষীক সুধিলে--- “হেৰৌ, গালি কেইটা শুনি শুনি তই কেনেকৈ ভাত খাব পাৰিলি?”
লক্ষীয়ে শান্ত ভাৱে ক’লে ---“খং তাৰহে উঠিছে, মোৰ উঠা নাই নহয়!! মোৰ ভোক লাগিছে গতিকে মই ভাত কেইটা খাই আছো!!”
Like · Comment ·  · 232

No comments:

Post a Comment