Sunday 29 March 2015

গল্ফীৰ ডায়েৰী

গল্ফীৰ ডায়েৰী
বীৰু কলকাতা গৈছিল ৷ আজি মোক লগ পাই ক’লে—“ এইবাৰ ট্ৰেইনত কি হৈছিল জানা?”
মই বুলো “ কি হৈছিল ?”
বীৰুৱে হা: হা: কৈ হাঁহি মোক ক’লে – “পকেটমাৰনী এজনী লগ পাইছিলো নহয়!”
মই আচৰিত হৈ সুধিলো – “কেনেকৈ?”
সি ক’লে – “ মই পেপাৰ চাই আছিলো, তেনেতে এজনী ধুনীয়া ছোৱালী আহি মোৰ কাষত বহিল ৷ মই পিছে তাইক পাট্টা নিদি পেপাৰ পঢ়াত মন দিলো ৷ তাই লাহেকৈ মোৰ পেন্টৰ পকেটৰ পৰা ৱালেট টো লৈ নিজৰ বেগত ভৰালে , মই সকলোবোৰ গম পাইও নজনা ভাও ধৰি থাকিলো ৷ তাৰপিছত কি হ’ল জানা?”
মই সুধিলো –“কি হ’ল???”
বীৰুৱে ক’লে—“ টি.টি আহিল নহয়! মোৰ পৰা টিকট বিচাৰিলে৷ মই ছোৱালীজনীলৈ দেখুৱাই ক’লো “মিছেছৰ হাতত” আছে ৷ টিটিয়ে এইবাৰ ছোৱালীজনীৰ পৰা টিকট খুজিলে,তাই মোলৈ ঘোপাকৈ চালে আৰু লগে লগে মোক মোৰ ৱালেটটো ঘূৰাই দিলে ৷ মই ৱালেট টো পাই গ’লো ! হা: হা: হা: ৷ দেখিছা মোৰ বুদ্ধি কিমান?”
মই তালৈ পেন্দোৱাকৈ চাই ক’লো—“ঢপেই দিছা নে সঁচাই কৈছা ধৰিব পৰা নাই দেই ৷ বাৰু যি কৰিলা ভালেই কৰিলা ৷”
Like · Comment ·  · 255

No comments:

Post a Comment