Sunday 29 March 2015

"ইজনে সিজনৰ বাবে"

মই কান্দিব পৰা নাই
কান্দিলে জানোচা তুমি ভাগি পৰা !
ভেটি ৰাখিছো চকুপানীখিনি
অনুভৱত যন্ত্ৰণা ৷
হৃদয় উজাৰি এসোঁতা কান্দিব মন গৈছে
অথচ মই কান্দিব পৰা নাই
তোমাৰ বাবে৷
তুমি মোলৈ চাই হাঁহিছা যদিও
তোমাৰ চকুতো যন্ত্ৰণা
তুমিও কান্দিব পৰা নাই মোৰ বাবে
জানোচা মই ভাগি পৰোঁ !
আমি কান্দিব পৰা নাই
ইজনে সিজনৰ বাবে ৷
Like · Comment ·  · 374

No comments:

Post a Comment