Sunday 29 March 2015

গল্ফীৰ ডায়েৰী

মাজনী বাইদেৱে এদিন বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ গ’ল ৷ নিজৰ পাল আহিব আহিব বুলি মাজনী বাইদেউ ডাক্তৰৰ চেম্বাৰৰ বাহিৰত ৰৈ আছে ৷ এনেতে এগৰাকী মহিলাই মাজনী বাইদেউক সুধিলে –“ আপুনি কেই নম্বৰ?” মাজনী বাইদেৱে তপৰাই উত্তৰ দিলে – “মই ঘৰৰ ৫ নম্বৰ ছোৱালী ৷”
মাজনী বাইদেউৰ গাঁৱৰ ইলাকন হঁতৰ ঘৰত থকা টিভিটো বেলেগ মানুহ এঘৰৰ ৷ এদিন মাজনী বাইদেৱে ইলাকন হঁতৰ ঘৰত টিভি চাই আছিল তেনেতে মামণি পেহীয়ে মাজনী বাইদেউক সুধিলে – “ইলাকনহঁতৰ টিভিটো কাৰ ঘৰৰ আছিল ঔ মাজনী ? মাজনী বাইদেউৰ মুখৰ পৰা ফটককৈ ওলাই গ’ল –“ বলৱন সিং হঁতৰ টিউবৱেলটো আকৌ!” মামণি পেহী অবাক ! “বলৱন সিং হঁতৰ টিউবৱেলটো মানে?” মাজনী বাইদেৱে গৰগৰাই হাঁহি ক’লে—“অ’ টিউবৱেলটো নহয়, বলৱন সিঙৰ ঘৰৰ টিভিটো!”

No comments:

Post a Comment